id
stringlengths
1
5
input
stringlengths
537
2k
target
stringlengths
21
203
url
stringlengths
28
1.53k
29501
ডিজিটেল ডেস্কঃ ৰোজাৰ সময়ত পানী খোৱাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰই গুৰুলা-গুৰুলকৈ পিটিলে পাকিস্তানী সাংবাদিকক।দেশখনৰ ইছলামাবাদত সংঘটিত হল এই ঘটনা।দেশখনৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পুত্ৰ হুছেইন নৱাজ শেহতীয়াকৈ অভিযুক্ত হৈছে পানামাগেইট কেলেংকাৰীত।এই অনিয়মত অভিযুক্তজনৰ হৈ ওকালতি কৰা অধিবক্তাজনৰে সাক্ষাতকাৰৰ বাবে ঠিকনা বিচাৰি ইছলামাবাদৰ হাক্কানি মাদ্ৰাছাৰ সমীপত ডিন টিভি নামৰ চেনেলটোৰ এদল সাংবাদিক ডি এছ এন জি ভেনসহ উপস্থিত হৈছিল।সেইসময়ত গৰমত ৰব নোৱাৰি এজন সাংবাদিকে বটলৰ পৰা মূৰত পানী ঢালে।সেই দৃশ্য প্ৰত্যক্ষ কৰি হুলস্থুল কৰে মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে।ৰমজানত পানী খোৱা বুলি অভিযোগ কৰি তেওঁলোকে সাংবাদিকসকলক আক্ৰমণ কৰে।প্ৰচণ্ড প্ৰহাৰত কেউজন সাংবাদিকৰে দাঁত-মুখ ভঙা বুলি প্ৰকাশ পাইছে।শিলাবৰ্ষণত বিধ্বস্ত হয় ডি এছ এন জি ভেনো।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰমজানত পানী খোৱাৰ বাবে সাংবাদিকক প্ৰহাৰ
https://www.newsnextone.com/pak-journalists-thrashed-over-drinking-water-in-ramzan/#comments
29502
নগা ফ্ৰেমৱৰ্ক চুক্তি সন্দৰ্ভত উত্তৰ-পূবৰ জনসাধাৰণ, দল-সংগঠনৰ বহুদিনীয়া উৎকণ্ঠাৰ ওৰ পেলাই আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে চুক্তিখনৰ কিছু কথা ৰাজহুৱা কৰে।চৰকাৰৰ হৈ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ১৯ জুলাইত এখন সংসদীয় কমিটীৰ আগত এই চুক্তিখনৰ কথা সদৰী কৰে।উল্লেখযোগ্য যে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ নাগা বসতিপ্ৰধান অঞ্চলবোৰক সামৰি এক পৃথক নাগালিম গঠন কৰাৰ বাবে কেইবা দশক জোৰা সশস্ত্ৰ আন্দোলন কৰি আহিছিল এন এছ চি এন নামৰ বিদ্ৰোহী সংগঠনটোৱে।ভাৰত চৰকাৰৰ সৈতে হোৱা কেইবা দশকজোৰা আলোচনাৰ ফলত যোৱা ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই-এম)ৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল।কিন্তু চুক্তিখনৰ সবিশেষ ৰাজহুৱা কৰা নাছিল কোনো পক্ষই।ফলত চুবুৰীয়া ৰাজ্যবোৰৰ অংশ নাগালিমত অন্তৰ্ভুক্ত হ'ব বুলি এক শংকাৰ পৰিৱেশ সৃষ্টি হৈছিল এই ৰাজ্যকেইখনত।সংসদীয় কমিটীখনক চৰকাৰে জনোৱামতে, ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই-এম)ৰ মাজত হোৱা চুক্তিখনত নাগা পক্ষটোৱে তেওঁলোকৰ পূৰ্বৰ 'ভাৰতৰ সৈতে, ভাৰতৰ ভিতৰত নহয়' স্থিতিৰ পৰা আঁতৰি আহি চুক্তিত চহী কৰে।অৰ্থাৎ পূৰ্বৰ স্থিতি সলনি কৰি ভাৰতৰ ভিতৰতে 'বিশেষ ৰাজ্য'ত থকাৰ স্থিতি গ্ৰহণ কৰিছে নাগাসকলে।এই চুক্তিমতে নাগালেণ্ডে ভাৰতৰ ভিতৰতে থাকি 'বিশেষ মৰ্য্যাদা'ৰ ৰাজ্যৰ স্বীকৃতি লাভ কৰিব।এই বিশেষ মৰ্য্যাদাৰ সুবিধা চুবুৰীয়া ৰাজ্যবোৰত থকা নাগা লোকসকলেও সামান্য সালসলনি আৰু তেওঁলোকৰ আঞ্চলিক ভেদবোৰৰ সৈতে লাভ কৰিব পাৰিব।আজি প্ৰকাশ পোৱা তথ্যমতে, ভাৰত চৰকাৰে নাগাসকলৰ মৌলিক ইতিহাসক স্বীকাৰ কৰি লৈছে।আনহাতে কাষৰীয়া ৰাজ্যকেইখনে শংকা কৰি থকাৰ দৰে এইবোৰ ৰাজ্যৰ কোনো অংশ অন্তৰ্ভুক্ত নহয় নাগালিমত।অৰ্থাৎ সকলো নাগা বসতিপ্ৰধান অঞ্চলক লৈ বৃহত্তৰ নাগালিম গঠনৰ স্বপ্নৰ পৰা এই চুক্তিৰ জৰিয়তে আঁতৰি আহিছে নাগাপক্ষটো।সংসদীয় সমিতিক জনোৱা মতে, চুক্তিখনৰ ফলত নাগা বসতিপ্ৰধান ৰাজ্যখনৰ সীমাৰেখাৰ কোনো পৰিৱৰ্তন নহয়।গতিকে, অসম, অৰুণাচল আৰু মণিপুৰৰ ৰাইজৰ বাবে স্বস্তিৰ বিষয় যে এই নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ ফলত সংকুচিত নহয় অসম, মণিপুৰ আৰু অৰুণাচলৰ সীমা।চুক্তিখন সন্দৰ্ভত ১৯ জুলাইত সংসদীয় সমিতিক সবিশেষ দাঙি ধৰে ভাৰত চৰকাৰৰ হৈ মধ্যস্থতা কৰা আৰ এন ৰবিয়ে
নাগাসকলৰ মৌলিক ইতিহাসক স্বীকাৰ কেন্দ্ৰৰ; ভাৰতৰ ভিতৰতে থাকিব নাগাসকল 'বিশেষ' হৈ
https://assam.nenow.in/%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a6%be-%e0%a6%ab%e0%a7%8d%e0%a7%b0%e0%a7%87%e0%a6%87%e0%a6%ae%e0%a7%b1%e0%a7%b0%e0%a7%8d%e0%a6%95-%e0%a6%8f%e0%a6%97%e0%a7%8d%e0%a7%b0%e0%a6%bf%e0%a6%ae%e0%a7%87%e0%a6%a3/
29503
চৰাইদেউঃ এজন মেধাৱী ছাত্ৰ।সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন কেইবছৰমান পূৰ্বে এটি দুৰ্ঘটনাত পতিত হৈছিল।পেটত পৰিছিল তিনিটা চিলাই।সেয়াই কাল হ'ল ছাত্ৰজনৰ বাবে৷ চিলাই কৰা স্থানৰ পৰা সংক্ৰমিত হৈ বৰ্তমান সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে ছাত্ৰজনৰ লিভাৰ।চিকিৎসাৰ বাবে খৰচ হ'ব প্ৰায় তিনি লাখ টকা।শুনি মূৰত আকাশ ভাঙি পৰিছে পৰিয়ালটোৰ।সপ্তম শ্ৰেণীত অধ্যয়নৰত এম ই বৃত্তি লাভ কৰা ১৩ বছৰীয়া আছিফ আলীয়ে এতিয়া যুঁজিছে মৃত্যুৰ স'তে।অস্ত্ৰোপচাৰৰ জৰিয়তে ছাত্ৰজনৰ লিভাৰৰ এটা অংশ কাটি উলিয়াই নিদিলে ছাত্ৰজনৰ প্ৰাণৰক্ষা নপৰিব বুলি জনাইছে চিকিৎসকে।বৰ্তমান ছাত্ৰজনৰ শৰীৰত তেজৰ পৰিমাণ কম হোৱাত বাহিৰৰ পৰা তেজ দি থকাৰ পিছতো ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ নাইকিয়া হৈ পৰে।এনে পৰিস্থিতিত অসহায় হৈ পৰিছে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ শ্বাহাদৎ আলী।ভিন্নজনৰ ওচৰত হাত পাতিও চিকিৎসাৰ বাবে ধন গোটাব পৰা নাই পৰিয়ালটোৱে।উপায়ান্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক আহ্বান জনাইছে সহায়ৰ বাবে।মেধাৱী ছাত্ৰ আছিফ আলীৰ জীৱন ৰক্ষাৰ বাবে চৰকাৰৰ তৰফৰ পৰাও পৰিয়ালটোৱে বিচাৰিছে আৰ্থিক সহায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ভুল চিকিৎসাৰ বাবে বিপদাপন্ন মেধাৱী ছাত্ৰৰ জীৱন
https://www.newsnextone.com/boy-in-critical-condition-wrong-treatment/#comments
29504
গুৱাহাটঃ উত্তৰ পূৱৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণৰ পৰিকল্পনা কৰা বুলি প্ৰচাৰ হোৱাৰ পিছৰে পৰা মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অসমৰ ৰাজধানী গুৱাহাটী মহানগৰীত অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুযায়ী উগ্ৰপন্থীয়ে আক্ৰমণ সংঘটিত কৰিব পাৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভয়াবহ কূটাঘাতৰ পৰিকল্পনা ৰচনা কৰিছে বাংলাদেশী সন্ত্ৰাসবাদী আৰু দুৰ্ধৰ্ষ কেডাৰে।এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ পিছতেই মহানগৰীৰ বিভিন্ন ঠাইত অৰ্ধসামৰিক বাহিনী, অসম আৰক্ষীয়ে পহৰা দি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে উঠিপৰি লাগিছে৷ সন্ত্ৰাসবাদীয়ে ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰা বুলি প্ৰচাৰ হোৱাত আৰু উগ্ৰপন্থীয়ে মহানগৰীত বাহৰ পাতিছে বুলি চোৰাংচোৱাৰ হাতত তথ্য পৰা বুলি প্ৰকাশ হোৱাৰ পিছতে চিন্তাত দিন পাৰ কৰিছে নাগৰিকে।সমগ্ৰ গুৱাহাটীত হাই এলাৰ্ট ঘোষণা কৰিছে আৰক্ষীয়ে৷ হোটেল, লজ, ৰেষ্টুৰেন্ট, তথা বিভিন্ন সন্দেহজনক ঠাইত দৃষ্টি ৰাখিছে মহানগৰ আৰক্ষীয়ে৷ মহানগৰ আৰক্ষী সকলো মুহূৰ্তত সজাগ হৈ থকা বুলিও জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
গুৱাহাটী মহানগৰীত উগ্ৰপন্থীৰ আক্ৰমণৰ পৰিকল্পনা, চিন্তিত নাগৰিক
https://www.newsnextone.com/guwahati-attack-nscnim-bangaldeshi-terrorist/#comments
29505
আছিফ আলি, শিৱসাগৰঃ আজি বৰবৰুৱাত অনুস্থিত হৈছিল বৰবৰুৱা লাচিত সেনাৰ উদ্যোগত কা' বিৰোধী এক গণ সমাৱেশ।বৰবৰুৱা পুজা খেলপথাৰত শান্তিপুৰ্ণভাৱে অনুস্থিত গণ সমাৱেশৰ অন্তত সমাৱেশত অংশগ্ৰহন কৰিবলৈ অহা লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃঙ্খল চলিহা,কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক হৰকুমাৰ গগৈ,চৰাইদেউ জিলাৰ সভাপতি ৰাজীৱ ৰাজ ফুকন আৰু আন এজন সদস্য দীপজ্যোতি কলিতাক অতৰ্কীতে সভাৰ অন্তত পুলিচে গ্ৰেপ্তাৰ কৰি বৰবৰুৱা থানাৰ অন্তৰ্গত লেপেটকটা আৰক্ষী চকীলৈ লৈ আনে।অন্যহাতে শৃঙ্খল চলিহাক লগে লগে ডিব্ৰুগড় থানালৈ লৈ যায়।প্ৰশাসনৰ নিয়মমতে আৰু শান্তিপুৰ্ণভাৱে গণ সমাৱেশ অনুস্থিত হোৱা স্বত্তেও কি অপৰাধত সংগঠনটোৰ সদস্য তথা বিষয়ববীয়া কেইজনক এনেকৈ গ্ৰেপ্তাৰ কৰিলে জানিব পৰা হোৱা নাই।আৰক্ষীৰ এনে কাৰ্যই শান্তিপুৰ্ণ অঞ্চলটোত পুনৰ উত্তেজনাই বিৰাজ কৰিছে।ডিব্ৰুগড় কা' বিৰোধী মঞ্চ আৰু বৰবৰুৱা লাচিত সেনাৰ সমিতিৰ পক্ষৰ পৰা পুলিচৰ এনে দমনমুলক কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰে আৰু অচিৰে বিনাচৰ্তে তেওঁলোকক মুক্তি দিবলৈ দাবী জনায়।এইমাত্ৰ পোৱা খবৰ মতে শৃঙ্খল চলিহাৰ বাহিৰে বাকী কেউজনকে পুলিচে এৰি দিয়ে।বীৰ লাচিত সেনাৰ উদ্যোগত শৃঙ্খল চলিহাৰ মুক্তিৰ দাবীত বৰবৰুৱাৰ বজাৰ এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ চলি আছে।এছ,পি য়ে কোৱা মতে শৃঙ্খল চলিহাক গ্ৰেপ্তাৰ কৰা নাই, গুৱাহাটীৰ এটা গোচৰত তেওঁক আটক কৰি গুৱাহাটীলৈ পঠাব, গুৱাহাটীৰ পুলিচে গ্ৰেপ্তাৰ কৰিবনে নকৰে এছ,পি য়ে নেজানে বুলি জানিব দিয়ে ৷
ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত বৰবৰুৱা লাচিত সেনাৰ উদ্যোগত 'কা'ৰ বিৰুদ্ধে গণ সমাৱেশঃ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃঙ্খল চলিহাৰ গ্ৰেপ্তাৰ আৰক্ষীৰ
https://assamtimespost.com/?p=11117
29506
সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে।জিলাখনৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনে শুকুৰবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।উক্ত কাৰ্যসুচীত প্ৰতিবাদকাৰীসকলে 'নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক', প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হুঁচিয়াৰ', 'সৰ্বানন্দ সোণোৱাল হায় হায়' আদি ধ্বনি দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে।এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ বড়ো ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি, সদৌ তিৱা মহিলা সংস্থা, তিৱা যুৱ পৰিষদ, তিৱা কালচাৰেল ছ'চাইটিৰ লগতে নগাঁও জিলা কাৰ্বি ছাত্ৰ সংস্থা, নগাঁও জিলা কাৰ্বি সংস্থা আৰু সদৌ অসম গাৰো সংস্থা আদি সংগঠনে অংশগ্ৰহণ কৰে।এই ধৰ্মঘট কাৰ্যসূচীত আছু, যুৱ ছাত্ৰ পৰিষদ, মাছ, আদিবাসী জাতীয় মহাসংঘ, টাই আহোম ছাত্ৰ সন্থা আদিৰ প্ৰতিনিধিকে ধৰি বহু নাগৰিকে অংশগ্ৰহণ কৰে।কাৰ্যসূচীৰ অন্তত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে সংসদীয় যুটীয়া সমিতিৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়
নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জনগোষ্ঠীয় সংগঠনৰ ধৰ্মঘট
https://assam.nenow.in/%e0%a6%a8%e0%a6%97%e0%a6%be%e0%a6%81%e0%a7%b1%e0%a6%a4-%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95%e0%a6%a4%e0%a7%8d%e0%a6%ac-%e0%a6%b8%e0%a6%82%e0%a6%b6%e0%a7%8b%e0%a6%a7%e0%a6%a8-3/
29507
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতি প্ৰাপ্ত ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত সোমবাৰে আবেলি ৪ বজাত এটি ফুটবল কোচ্চিং চেণ্টাৰ মুকলি কৰা হয়৷ জিলাখনৰ ঘগ্ৰাপাৰ হাইস্কুলৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত এই কোচ্চিং চেণ্টাৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে নলবাৰী জিলা ক্ৰীড়া সন্থাৰ ভলীবল সম্পাদক দীপক কুমাৰ দাসে৷ উদ্বোধনী অনুষ্ঠানটোত ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ সভাপতি ৰবীন্দ্ৰ নাথ কলিতা, ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল ডেকা, সমাজকৰ্মী ভবেন বড়ো আৰু বিষ্ণু জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নুৰ ইছলামৰ লগতে কেইবাগৰাকী লোক উপস্থিত থাকে৷ প্ৰায় শতাধীক ফুটবল প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা উক্ত চেণ্টাৰটোত প্ৰশিক্ষণ আগবঢ়াব ফুটবল খেলুৱৈ ৰূপা বড়োয়ে৷ ইয়াৰোপৰি প্ৰতি মাহত দুদিন আলহী বিশেষ প্ৰশিক্ষকৰ দ্বাৰাও প্ৰশিক্ষণ আগবঢ়োৱা হ'ব৷ ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তফিকুৰ ৰহমান আৰু সম্পাদক হেমন্ত বড়োই চেণ্টাৰটো চলাই নিয়াত ৰাইজৰ সহযোগ কামনা কৰিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ঘগ্ৰাপাৰত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ মুকলি
https://www.newsnextone.com/barnarrdi-football-training-center
29508
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ বৃহস্পতিবাৰে নিশা নলবাৰী জিলাৰ মুকালমুৱাৰ জ্যেষ্ঠ সংবাদিক, সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি তথা 'দৈনিক অসম' কাকতৰ স্থানীয় সংবাদদাতা ৰাজেন ডেকাক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে দুপৰীয়া নলবাৰী নাট্য মন্দিৰ প্ৰাংগণত নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত নলবাৰী জিলা প্ৰেছ ক্লাব, নলবাৰী প্ৰেছ ক্লাব, আপকু নলবাৰী জিলা সমিতি, নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি, সচেতন নাগৰিকৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক উপযুক্ত শাস্তি বিহিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।ইপিনে জিলাখনৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ উদ্যোগতো সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ সাব্যস্ত হয় আৰু দেশত ক্ৰমাৎ বৃদ্ধি পোৱা সংবাদমাধ্যম আৰু সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।পাছত প্ৰতিবাদকাৰীসকলে চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ নলবাৰীৰ দল-সংগঠন
https://www.newsnextone.com/bornarddi-protest-journalist1
29509
ডিজিটেল ডেস্কঃ তিনি বছৰীয়া শাসন কালত পেট্ৰল-ডিজেলৰ মুল্য বৃদ্ধিয়ে ৰেকৰ্ড গঢ়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰ৷ তাৰ মাজতে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ইন্ধনৰ মুল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে৷ প্রতিশ্রুতি পালন কৰি পেট্রল-ডিজেলেৰ আৱকাৰি শুল্ক হ্ৰাস কৰে কেন্দ্ৰীয় চৰকাৰে৷ পেট্রল-ডিজেলৰ প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস কৰে আৱকাৰী শুল্ক৷ তাৰ লগে লগে মঙলবাৰৰ মাজ নিশাৰ পৰা পেট্রল-ডিজেলেৰ মুল্য হ্ৰাস হোৱাৰ লগতে নতুন দাম নিৰ্ধাৰণ কৰিব চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰে এটি টুইট যোগে ৪ অক্টোবৰৰ পৰা পেট্রল-ডিজেলৰ আৱকাৰী শুক্ল ২ টকাকৈ কমাই দিয়াৰ কথা ঘোষণা কৰে৷ আৱকাৰী শুল্ক ২ টকাকৈ হ্ৰাস কৰাৰ ফলত চৰকাৰৰ বাৰ্ষিক আয় ২৬ হাজাৰ কোটি টকা কমিব বুলিও কয়৷ এই সিন্ধান্ত সাধাৰণ ৰাইজৰ স্বাৰ্থত কৰা বুলি কয় মোডী চৰকাৰে৷ এনে এটা সময়ত কেন্দ্ৰীয় চৰকাৰে পেট্রল-ডিজেলে মুল্য হ্ৰাস কৰিব যিটো সময়ত প্ৰতিলিটাৰ পেট্ৰলৰ মুল্য ৭০ টকাতকৈ বেছি হোৱাৰ লগতে ডিজেলৰ মুল্য ৬০ টকা হৈছে৷ আনহাতে ১ ছেপ্তেম্বৰ পৰা ২৫ ছেপ্তেম্বৰৰ ভিতৰত তেলৰ মুল্য ১২ শতাংশ বৃদ্ধি হৈ প্ৰতি বেৰেলৰ মুল্য ৫৯ ডলাৰ হয়৷
হ্ৰাস হ'ব পেট্ৰল-ডিজেলৰ মুল্য
https://www.newsnextone.com/print/7049
29510
ং কৃষ্টি প্ৰিয়া গগৈ 02 / 2019 আগন্তুক লোকসভা নিৰ্বাচনক লৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু কামৰূপ (ম) জিলা নিৰ্বাচনী বিষয়াই আজি আৱৰ্ত ভৱনত এখনি সংবাদমেলৰ আয়োজন কৰে।সংবাদমেলত লোকসভা নিৰ্বাচনৰ বাবে কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণৰ কথা সদৰী কৰে।উল্লেখ্য যে এইবাৰ ইভিএম মেচিনৰ লগত সংযোগ কৰা হ'ব ভিবিপিএটি মেচিন।সংবাদমেলখনত মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে ১,১৯৫টা ভোটগ্ৰহণ কেন্দ্ৰ আছে মহানগৰীত।আৰু এই ভোটগ্ৰহণ কেন্দ্ৰসমূহত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰবাবে ৪টা সমষ্টিক ২৫টা জ'নত ভাগ কৰি দিয়া হৈছে।২৫টা জ'নক ১১০টা ছেক্টৰত ভাগ কৰি লোৱা হৈছে।নিৰ্বাচনৰ বাবে এই ছেক্টৰসমূহত ১১০জন বিষয়াক নিযুক্তিও দিয়া হৈছে।তেওঁ লগতে কয়, এইবাৰ লোকসভা নিৰ্বাচনত বিশেষভাৱ সক্ষম ভোটাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।এই বিশেষভাৱে সক্ষম লোকসকলক গাড়ী, হুইল চেয়াৰেৰে ভোট কেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰা হ'ব।স্পৰ্শকাতৰ ভোটকেন্দ্ৰত থাকিব চিচি টিভি।কিন্তু যিসমূহ ভোটকেন্দ্ৰত নেটৱৰ্কৰ সমস্যা হয় সেইসমূহ স্পৰ্শকাতৰ ভোটকেন্দ্ৰত ভিডিঅ'গ্ৰাফীৰ ব্যৱস্থা কৰা হ'ব।সকলো লোকক নিৰ্বাচনৰ দিনটোত বন্ধ পালন নকৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে।তেওঁ কামৰূপ মহানগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা ১০,৭০,১৩২গৰাকী।তাৰে ৫,৩৪,০৬২গৰাকী মহিলা আৰু ৫,৩৬,০৭০গৰাকী পুৰুষ বুলি জানিবলৈ দিয়ে।আনহাতে, পূৰ্বৰ দৰে এইবাৰ সৰুসজাই ষ্টেডিয়ামত নহয় ষ্ট্ৰং ৰুম।সৰুসজাইৰ পৰিৱৰ্তে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ব্যৱস্থা কৰা হৈছে ষ্টং ৰুমৰ।নিৰ্বাচনৰ সময়ত যাতে কোনোৱে নিৰ্বাচনৰ নিয়ম ভংগ কৰিব নোৱাৰে তাৰবাবেও লোৱা হৈছে বিশেষ ব্যৱস্থা।নিৰ্বাচনৰ যিকোনো তথ্য অথবা ফলাফলৰ বাবে ৰাইজৰ কাৰণে মুকলি কৰি দিছে ১৯৫০ নম্বৰৰ এটা টোল ফ্ৰী নম্বৰ।লগতে জনসাধাৰণক মুক্তভাৱে ভোট দিবলৈ আহ্বান জনায় মহানগৰ জিলা উপায়ুক্তই
এইবাৰ লোকসভা নিৰ্বাচনত সৰুসজাই ষ্টেডিয়ামত নহয় ষ্ট্ৰং ৰুম
https://www.newsasn.com/node/5395
29511
ডিজিটেল ডেস্কঃ সুযোগ পালেই ফ্ৰণ্ট কেমেৰা অন কৰি বাটে-ঘাটে ছেলফি লোৱাটো যদি আপোনাৰ স্বভাৱ, তেন্তে এই স্বভাৱ এৰিবৰ হ'ল।কিয়নো এই স্বভাৱৰ বাবেই আপুনি ভৰিব লগা হ'ব পাৰে জৰিমনা।চেলফি তোলাসকলৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ বাবে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে আৰম্ভ কৰিছে এক বিশেষ অভিযান।যিকোনো ৰাজহুৱা স্থানত ছেলফি লোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে আৰক্ষীয়ে।দৰাচলতে যুৱচামৰ মাজত সাধাৰণ ছেলফিতকৈ অলপ ব্যতিক্ৰমী ধৰণৰ ছেলফি তোলাৰ প্ৰৱণতাই গা কৰি উঠাৰ পৰিপ্ৰেক্ষিততে এনেদৰে কঠোৰ পদক্ষেপ ল'ব লগা হৈছে আৰক্ষীয়ে।ছেলফিৰ নামত বহুতে ৰাজপথ, ৰেলপথ, সাগৰৰ তীৰকে ধৰি অট্টালিকাৰ বিপজ্জনক স্থানত ইউনিক প'জ দিবলৈ গৈ নিজৰ লগতে আনৰো জীৱন বিপন্ন কৰাৰ বাবেই আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে।উল্লেখ্য যে দুঃসাহসিক ছেলফি উঠিবলৈ গৈ ভালেমান লোকে প্ৰাণ হেৰুওৱাৰ ঘটনা প্ৰায়ে কাকতে-পত্ৰই পঢ়িবলৈ পোৱা যায়।তেনে ঘটনা উত্তৰ প্ৰদেশতো নহওক, তাৰ বাবেই ৰাজ্যখনত এনে ব্যৱস্থা গ্ৰহণ কৰা বুলি আৰক্ষী বিষয়া আশীষ শ্ৰীবাস্তৱে জানিবলৈ দিয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ছেলফিৰ ছখ থকাবোৰৰ বাবে দুঃখবৰ
https://www.newsnextone.com/selfi-will-cost-you-at/#comments
29512
জাজৰিঃ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৫১টা পঞ্জীয়নভূক্ত গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকৰ উপস্থিতিত জাজৰি থানাস্থিত গাঁওৰক্ষী বাহিনীৰ সভাগৃহত আগন্তুক দুৰ্গোৎসৱত জাজৰি থানা এলেকাত সম্পূৰ্ন শান্তিপূৰ্ন ভাবে পালনৰ আহ্বান জনাই এখন গুৰুত্বপূৰ্ন সভা অনুষ্ঠিত কৰে।থানা সমিতিৰ সভাপতি যজ্ঞ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীন ভৰালী, চক্ৰ সংগঠক বিষয়া হিৰণ্য প্ৰসাদ কাকতি, উপ সভাপতি ডিম্বেশ্বৰ বৰা, আৰফান আলীয়ে শান্ত-শৃংখলাৰ ওপৰত ভাষণ ৰাখে।লগতে থানা এলেকাত ৰাগিয়াল দব্য যেনে- মদ, ভাং, দ্ৰাগছ আদি আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধৰ ওপৰতো গুৰুত্বপূৰ্ন প্ৰস্তাৱ গ্ৰহণ কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শাৰদীয় দুৰ্গোৎসৱত শান্তি-সম্প্ৰীতিৰ আশাৰে গাঁওৰক্ষী বাহিনীৰ সভা
https://www.newsnextone.com/meeting-by-village-guard-jajori/#comments
29513
ধলপুখুৰী উন্নয়ন খণ্ডৰ এনৰেগা আঁচনিত ৪১ লাখ টকাৰ হৰলুকিৰ অভিযোগ ৷ লংকা থানাত এজন অভিযন্ত্ৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল স্থানীয় ৰাইজৰ ৷ হোজাই জিলাৰ ধলপুখুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পদুমপুখুৰী গাঁও পঞ্চায়তৰ ২০১৫-১৬ বৰ্ষত আৱৰ্তন হোৱা শিংজুৰি গাঁওৰ খেলপথাৰ উন্নয়ন আৰু বৃক্ষ ৰোপনৰ বাবে অনুমুদিত হোৱা চৌব্বিছ লাখ সাতসত্তৰ হাজাৰ টকা অনুমুদিত হৈছিল ৷ লগতে শিংজুৰি দূৰ্গা মন্দিৰৰ মণ্ডপ ,চাৰিসীমাত ফেঞ্চিং আৰু বৃক্ষ ৰোপনৰ বাবে সোল্ল লাখ দহ হাজাৰ টকাকে ধৰি দুয়োটা শিতানত সৰ্বমুঠ চল্লিচ লাখ সাতাশী হাজাৰ টকা অনুমূদিত হৈছিল ৷ কিন্তু বিভাগীয় অভিযন্তা গৰাকীয়ে দুইটা কাম মিলাই মাত্ৰ তিনি/চাৰি লাখ টকাৰ কাম কৰাইয়েই বাকী চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ৷ ফলত আগন্তুক দিনত আহি থকা দূৰ্গাপূজা ভাগ আয়োজন কৰা ক্ষেত্ৰটো চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ আনহাতে আকৌ খেলপথাৰ খনৰ কাম অনিয়মীয়া কৰা হেতুকে খেলাৰ অনুপযোগী হোৱাত প্ৰতি বছৰে পাতি অহা ফুটবল খেলো পাতিব পৰা নাই,গাঁৱৰ স্থানীয় যুৱপ্ৰজন্মৰ মাজত থকা এটি ক্লাবে ৷ আনহাতে আকৌ অভিযন্ত্ৰা গৰাকীয়ে খেলপথাৰ খনত কামৰ নামত খেলপথাৰৰ খনৰ কাষতেই জে চি পি ৰে মাটি খান্দি ২০/৩০ গাড়ী টেক্টৰেৰে মাটি পেলাই উন্নয়নৰ নামত নিজৰ দায়িত্ব সামৰিছিল ৷ শেষত স্থানীয় ৰাইজে উপায়ন্তৰ হৈ উক্ত দুই কামত গাফিলতা কৰাৰ সামগ্ৰীক ঘটনা সন্দৰ্ভত লংকা থানাত ধলপুখুৰী উন্নয়ণ খণ্ডৰ অভিযন্ত্ৰা গৰাকীৰ বিৰুদ্ধে কৰ্মত গাফিলতি কৰাৰ বাবে এজাহাৰো দাখিল কৰিছে ৷ কিন্তু লংকা আৰক্ষীয়েও উক্ত ঘটনা সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷ এতিয়া প্ৰশ্ন হয়, পৰিৱৰ্তনৰ শ্লোগান গাই শূণ্যশীল দূ্ৰ্নীতিৰ কথা কোৱা বিজেপি চৰকাৰে উক্ত বিষয়ৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবনে ? অন্যথা সামগ্ৰীক ঘটনাটি ধনৰ লোভত গাপ দি থ'ব ৷ মুকছিদুল ইছলামৰ হোজাই
হোজাইৰ এনৰেগা আঁচনিত ব্যাপক দুৰ্নীতি
https://neindianews.com/%e0%a6%b9%e0%a7%8b%e0%a6%9c%e0%a6%be%e0%a6%87%e0%a7%b0-%e0%a6%8f%e0%a6%a8%e0%a7%b0%e0%a7%87%e0%a6%97%e0%a6%be-%e0%a6%86%e0%a6%81%e0%a6%9a%e0%a6%a8%e0%a6%bf%e0%a6%a4-%e0%a6%ac%e0%a7%8d%e0%a6%af/
29514
গুৱাহাটীঃ আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে গুৱাহাটী মহানগৰীত আজি খেল সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ কেইবাটাও সমস্যা সন্দৰ্ভত মত ব্যক্ত কৰে৷ বিশেষকৈ ৰাজ্যত সক্ৰিয় হৈ থকা বিদ্ৰোহী সংগঠন সন্দৰ্ভত মত ব্যক্ত কৰে আধ্যাত্মিক গুৰুগৰাকীয়ে৷ ৰাজ্যত সক্ৰিয় আঠটাকৈ বিদ্ৰোহী সংগঠনৰ লগতে উত্তৰ পুৰ্বাঞ্চলৰ ৬৭ টাকৈ সংগঠনৰ সৈতে আলোচনা কৰি থকা বুলি কয় আধ্যাত্মিক গুৰুগৰাকীয়ে৷ শান্তি প্ৰক্ৰিয়াত সকলোকে চামিল কৰিবলৈ কাম কৰি থকা বুলি কয় ৰবিশংকৰে৷ আনহাতে ৰাজ্যৰ কেইবাটাওঁ জ্বলন্ত সমস্যাৰ বাবে কাম কৰি যোৱাৰো ইচ্ছা প্ৰকাশ কৰি বান আৰু গৰাখহনীয়াৰ কথা উল্লেখ কৰে আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে৷ আনহাতে আলফাৰ সচিব অনুপ চেতিয়াই শান্তি আলোচনাৰ বাবে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাও আহিব বুলি মন্তব্য আগবঢ়ায়৷ প্ৰাক্তন আলফা তথা উত্তৰ পুৰ্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনে লগলাগি গঠন কৰা নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপুলছ কনফাৰেঞ্চে মহানগৰীৰ কলাক্ষেত্ৰত আয়োজন কৰা এখন আলোচনা সভাতো আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ আলোচনা সভাত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ নেতা, সমাজকৰ্মী, বিশিষ্ট নাগৰিক উপস্থিত থাকি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰসংগও উত্থাপন হয়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
পৰেশ বৰুৱাও আহিব আলোচনালৈ
https://www.newsnextone.com/press-meet-ravi-sankar-guwahati/#comments
29515
বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট দিয়াৰ বিনিময়ত কংগ্ৰেছ কৰ্মীৰ পৰা বৃহৎ পৰিমানৰ ধনৰ লেনদেন কৰা, নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খোৱাৰ পাছত কংগ্ৰেছ কৰ্মীসকলে সভাপতিগৰাকীৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰাত সভাপতিগৰাকীয়ে একাংশ কংগ্ৰেছ কৰ্মীক দল বিৰোধী কাৰ্যত লিপ্ত হোৱা বুলি দলৰ পৰা বহিস্কৃত কৰা প্ৰসংগত আজিও বিশ্বনাথৰ ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।আজি বিশ্বনাথৰ ৰাজীৱ ভৱনত জিলাখনৰ শ শ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল উপস্থিত হৈ জিলা নেতৃত্বৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰা কৰাৰ উপৰি কৰ্মীসকলে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা হাটাও কংগ্ৰেছ বচাও আদি শ্লোগানেৰে ৰাজীৱ ভৱনৰ পৰিৱেশ উত্তাল কৰি তোলে।উল্লেখ্য যে জিলা সভাপতিগৰাকীৰ বিৰুদ্ধে পূৰ্বেও সংবাদ মেলৰ আয়োজন কৰিছিল তৃণমূল পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে।কিন্তু ইয়াৰ পিছতো ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বই সভাপতিগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ কংগ্ৰেছ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিবলৈ দিয়ে।প্ৰতিবাদকাৰীসকলে ষ্পষ্ট ৰূপত উল্লেখ কৰি কয় যে যদিহে দিলীপ বৰুৱাক জিলা সভাপতিৰ পৰা বহিস্কাৰ কৰা নহয় তেন্তে আমি সমূহীয়াভাৱে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হ'ম
খহনীয়াৰ কবলত বিশ্বনাথ কংগ্ৰেছ! তৃণমূল কৰ্মীৰ প্ৰতিবাদত আজিও উত্তাল হ'ল ৰাজীৱ ভৱন
https://assam.nenow.in/biswanath-congress-workers-demanded-immediate-dismissal-of-district-president/
29516
অসম চৰকাৰে স্নাতকোত্তৰ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আজি কোকৰাঝাৰত মাৰ্চেণ্ট কালিবাৰীত এক প্ৰতিবাদী সভা তথা সংবাদমেল অনুষ্ঠিত কৰে।এই সভাৰ সিদ্ধান্তমৰ্মে সন্থাই গোটেই অসমতে ইয়াৰ অধীনৰ গ্ৰন্থ বিপণিবোৰ অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব বুলি জনাইছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে।তেওঁলোকে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত নিজৰ ক্ষোভ ব্যক্ত কৰি কয় যে তেওঁলোক ছাত্ৰ-ছাত্ৰীক কিতাপ বিনামূলীয়াকৈ দিয়াৰ বিৰোধী নহয়, কিন্তু সেইটো পৰোক্ষভাৱে ছাত্ৰ-ছাত্ৰীক জলপানি দি কৰাটো বিচাৰে।সন্থাটোৱে এই বিষয়টোত নিজৰ আৱেদন যুক্তিসহকাৰে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা বুলিও প্ৰকাশ কৰে।তাৰ পিছতো চৰকাৰে নিজৰ স্থিতিত অটল থকাত সন্থাটোৱে এইদৰে প্ৰতিবাদৰ অংশস্বৰূপে বিপণিসমূহ বন্ধ ৰাখিবলৈ বাধ্য হৈছে বুলি কয় সম্পাদকজনে।আনহাতে তেওঁ অসমৰ সকলো গ্ৰন্থ বিক্ৰেতা তথা গ্ৰন্থ বিপণিৰ মালিকক উক্ত দিনকেইটাত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰতিবাদৰ কাৰ্য্যসূচীটোত সমৰ্থন জনাবলৈ আহ্বান জনায়।সন্থাটোৰ সাধাৰণ সম্পাদকজনে এইটোও কয় যে এইটো থলুৱা মানুহৰ ব্যৱসায় আৰু ইয়াত লাখ লাখ নিবনুৱা জড়িত হৈ আছে।গতিকে এইসকলক ভাতে নামাৰিবলৈ তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে।সাংবাদ মেলখনত সন্থাৰ কাৰ্য্যকৰী সদস্যসকলকে ধৰি বিভিন্ন স্থানৰ গ্ৰন্থ বিপণিসমূহৰ গৰাকী আৰু গ্ৰন্থ বিক্ৰেতাসকল উপস্থিত থাকে৷ সংবাদমেলৰ পিছতে সন্থাৰ কোকৰাঝাৰ জিলা সমিতিও গঠন কৰা হয়৷
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব গ্ৰন্থ বিপণি
https://assam.nenow.in/%e0%a6%b8%e0%a6%a6%e0%a7%8c-%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%aa%e0%a7%81%e0%a6%a5%e0%a6%bf-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%95%e0%a6%be%e0%a6%b6%e0%a6%95-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%ac/
29517
তেজপুৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ চি ভি ৰমন হোষ্টেলত উদ্ধাৰ কৰা হৈছে এজন ছাত্ৰৰ ৰহস্যজনক মৃতদেহ৷ উদ্ধাৰ হোৱা মৃতদেহটো গৱেষক ছাত্ৰ কংকন কলিতাৰ বুলি চিনাক্ত কৰা হৈছ৷ কংকনৰ ঘৰ যোৰহাটৰ গড়মূৰত৷ কোকৰাঝাৰ প্ৰৱক্তা কংকনে তেজপুৰ বিশ্ববিদ্যালয়ত জুলাই মাহত নামভৰ্তি কৰিছিল বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
তেজপুৰ বিশ্ববিদ্যালয় হোষ্টেলত উদ্ধাৰ ছাত্ৰৰ ৰহস্যজনক মৃতদেহ
https://www.newsnextone.com/tezpur-university-hostel-student-cryptical-dead-body-rescue/#comments
29518
জনমভূমি অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে গঠন কৰা উচচ পর্যায়ৰ সমিতিয়ে প্রতিবেদনত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা অসমত প্রযোজ্য কৰাৰ পৰামর্শ দিয়া-নিদিয়াক লৈ বিতর্ক হৈ থকাৰ সময়তে সদৌ অসম ছাত্র সন্থাই কয় যে এই ব্যৱস্থা অসমত পূর্বৰে পৰা আছিল, মাত্র প্রযোজ্যহে হোৱা নাছিল৷ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কয় যে নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ 'কা'ৰ জৰিয়তে ১১ ডিচেম্বৰ ২০১৯ত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা কর্তন কৰা হ'ল৷ অসমত আগতে থকা ব্যৱস্থা উঠাই দিলে৷ কিন্তু কেন্দ্রত ক্ষমতাত থকা প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহ মন্ত্রী অমিত শ্বাহে অসমক কৰা অন্যায়ৰ বিৰুদ্ধে অসম চৰকাৰে প্রতিবাদৰ নামত এটা শব্দও উচচাৰণ নকৰিলে৷ আছু, নেছ', অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ লগতে আন আন সংগঠনেও দীর্ঘদিনৰ পৰা অসমত ইনাৰ লাইন পার্মিট প্রযোজ্য কৰিবৰ বাবে দাবী জনাই আহিছে৷ জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে এই দাবীক লৈ আন্দোলন কৰি আহিছে৷ আছুৰ উপদেষ্টা ভট্টাচার্যই কয় যে মণিপুৰেও ইনাৰ লাইন পার্মিটৰ দাবী জনাই আহিছিল আৰু কাৰ দ্বাৰা মণিপুৰত প্রৱর্তন কৰা হ'ল৷ বাদ পৰি থাকিল অসম, মেঘালয় আৰু ত্রিপুৰা৷ তেওঁ কয় যে মণিপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰ আছে আৰু সেই ৰাজ্যত ইনাৰ লাইনৰ পার্মিটৰ ব্যৱস্থা হৈ গ'ল৷ মেঘালয়ত বিধানসভাই এই ব্যৱস্থা প্রৱর্তনৰ বাবে সর্বসন্মত সিদ্ধান্ত গ্রহণ কৰিছে৷ কাৰ জৰিয়তে অসমত থকা এটা ব্যৱস্থা নাইকিয়া কৰা হ'ল৷ আছুৰ উপদেষ্টা ভট্টাচার্যই কয় যে ছয় নং দফা ৰূপায়ণ সমিতিৰ অন্যতম সদস্য আছু৷ সমিতিৰ সদস্য হিচাপে আছুৱে নিয়ম ভংগ কৰা নাই৷ প্রতিবেদনখন ৰাজহুৱা হ'লেই তাত কি আছে সেই কথা ৰাজহুৱা হৈ পৰিব৷ উল্লেখযোগ্য যে বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেশ্যন-১৮৭৩ৰ প্রস্তাৱনাত ইনাৰ লাইন পার্মিট থকা সেই সময়ৰ অসমৰ কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, লখিমপুৰ আদি জিলা অন্তর্ভুক্ত হৈ আছিল৷ অর্থাৎ ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা আছিল, মাত্র প্রযোজ্যহে হোৱা নাছিল৷
ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা আগৰে পৰা আছিল, মাত্র প্রযোজ্যহে হোৱা নাছিল
https://janambhumi.in/VGtSSmVFMXFhejA9/%E0%A6%87%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8-%E0%A6%AA%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%9F%E0%A7%B0-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE-%E0%A6%86%E0%A6%97%E0%A7%B0%E0%A7%87-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A6%86%E0%A6%9B%E0%A6%BF%E0%A6%B2,-%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AF%E0%A7%8B%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B9%E0%A7%87-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%A8%E0%A6%BE%E0%A6%9B%E0%A6%BF%E0%A6%B2.html
29519
জয়সাগৰঃ ৩০০ কোটিৰ কেলেংকাৰিৰ তদন্তৰ দাবী উত্থাপন কৰি আজি কেইবাশতাধিক লোকে কপালে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদ৷ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু ভূমি অধিগ্ৰহণৰ নামত শিৱসাগৰ জিলাত ৩০০ কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ ৰাইজ আজি ওলাই আহে ৰাজপথলৈ৷ ৰাইজে কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী উত্থাপন কৰি শিৱসাগৰ জিলাৰ যৌথ সংগ্ৰামী মঞ্চৰ নেতৃত্বত ওলাই আহি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সমবেত হয়৷ চৰকাৰ বিৰোধি বিভিন্ন শ্ল'গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে।মঞ্চৰ সভাপতি অশ্বিনী কুমাৰ চেতিয়াই বিয়াগোম কেলেংকাৰীৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে চৰকাৰে কিয় তদন্ত নকৰে বুলি প্ৰশ্ন কৰে৷ শিৱসাগৰৰ ৰাইজে এই দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি ইতিৰ্পূবে জিলা উপায়ুক্তৰ জৰিয়তে কেইবাবাৰো ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰেৰাইজে৷ জিলাখনৰ ১৪ টা সংগঠনৰ স্বাক্ষৰযুক্ত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে যৌথ সংগ্রামী মঞ্চই৷
৩০০ কোটিৰ কেলেংকাৰি, শিৱসাগৰত প্ৰতিবাদ
https://www.newsnextone.com/print/4381
29520
আজাৰাঃ পলাশবাৰীৰ উপৰহালী চকত আজি সন্ধিয়া ঐক্য সেনা, অসমৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ লগতে ছাত্ৰ ঐক্য সেনা অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোক্তা প্ৰয়াত সাংবাদিক ৰাধিকা মোহন ভাগৱতীৰ মৃত্যুত শোক প্ৰকাশ কৰি এটি শ্ৰদ্বাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।ছাত্ৰ ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰে আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী কমল চন্দ্ৰ মেধীয়ে অংশ গ্ৰহণ কৰি প্ৰয়াত সাংবাদিকগৰাকীৰ ভাষণ প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।অনুষ্ঠানত ঐক্য সেনা অসমৰ সভাপতি সঞ্জীৱ মহন্ত, সাধাৰণ সম্পাদক শ্বহীদুল ইছলাম, মুখপাত্ৰ কমল কুমাৰ, সম্পাদক অৰূপ দাস, ছাত্ৰ ঐক্য সেনা অসমৰ সভাপতি আচিফ জাহান হক, দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি সিদ্ধাৰ্থ তালুকদাৰ, উপ-সভাপতি অৰূপ ঠাকুৰীয়াৰ লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকি শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ১ মিনিট মৌনব্ৰত কৰি শ্ৰদ্ধাঞ্জলী জনায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
পলাশবাৰীত ঐক্য সেনাৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
https://www.newsnextone.com/srqaddhanjali-by-aikya-sena-palashbari/#comments
29521
উজ ডেস্ক / 2019 বঙাইগাঁওঃ ১৪ মেঃ ভাৰতৰ নিৰ্ব্বাচন আয়োগৰ নিৰ্দ্দেশ অনুসৰি অহা ২৩ মে'ৰ দিনা পুৱা আঠ বজাৰ পৰা সমগ্ৰ দেশৰ লগতে ছয় নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত বত্ৰিছ নং বঙাইগাঁও বিধান সভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গণনা কাৰ্য যাতে সুকলমে আৰু শান্তিপূৰ্ণভাবে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বঙাইগাঁও জিলা প্ৰশাসনে নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াৰ লগত জৰিত বিষয়া - কৰ্মচাৰীসকলক এক প্ৰশিক্ষণ প্ৰদান কৰে ৷ স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত ভোট গণনা কাৰ্যৰ বাবে নিয়োগ কৰা কাউন্টিং চুপাৰভাইজৰ , মাইক্ৰ অবজাৰভাৰ আৰু কাউন্টিং সহায়কসকলে পালন কৰিবলগীয়া দায়িত্বসমূহ অৱগত কৰাৰ লগতে ই ভি এম ভোটিং মেচিনসমূহৰ পৰা কেনেকৈ গণনা কৰা হয় , তাৰ ব্যৱহাৰিক দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণ প্ৰদান কৰে জিলা তথ্য বিষয়া বিজয় মজুমদাৰে।আনহাতে এই প্ৰশিক্ষণ কাৰ্যত বঙাইগাঁও জিলা নিৰ্ব্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে উপস্থিত থাকি ভোট গণনাৰ বাবে নিয়োগ কৰা সকলো বিষয়া - কৰ্মচাৰীকে নিজৰ নিজৰ দায়িত্বসমূহ ভালদৰে বুজিলৈ আৰু নিয়াৰিকৈ গণনা কাৰ্য সম্পন্ন কৰিবলৈ কোৱাৰ লগতে গণনা কাৰ্যত সকলোকে সততা আৰু নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰিবলৈও অনুৰোধ জনায়।প্ৰশিক্ষণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী, বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে অৰূপ কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি দাস , নিৰ্ব্বচনী বিষয়া বাসৱী ঠাকুৰীয়া আৰু ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া পাৰ্থ প্ৰতিম খনিকৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।উল্লেখ্য যে জিলা প্ৰশাসনে গণনা কাৰ্য যাতে সুকলমে আৰু কোনো খুঁত ৰৈ নোযোৱাকৈ নিখুঁতভাৱে আৰু নিয়াৰিকৈ সম্পন্ন কৰি গণনাৰ ফলাফল যাতে ঘোষণা কৰিব পাৰে তাৰ প্ৰতি বঙাইগাঁও জিলা প্ৰশাসনে বিশেষ গুৰুত্বাৰোপ কৰিছে ৷
বঙাইগাঁৱত ভোট গণনা কাৰ্যৰ লগত জড়িত বিষয়া - কৰ্মচাৰীসকলক প্ৰশিক্ষণ
https://www.newsasn.com/node/6781
29522
ডিজিটেল ডেস্কঃ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে সেনা৷ আজি ৰাজ্যখনত সেনাৰ গুলীত নিহত হয় সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ কমাণ্ডাৰ সবজাৰ আহমেদ ভাট।দুধৰ্ষ সন্ত্ৰাসবাদীজন অঞ্চলটোৰ এটা বাসগৃহত আত্মগোপন কৰা বুলি খবৰ পাইছিল সেনাই৷ সন্ত্ৰাসবাদীজনৰ লগত আৰু ২ জন সন্ত্ৰাসবাদীও আছিল৷ অৱশ্যে এই দুই সন্ত্ৰাসবাদীৰ বিষয়ে সেনাৰ ওচৰত নাই বিশেষ তথ্য৷ বিগত বৰ্ষৰ জুলাইত বুৰহান ৱানিৰ মৃত্যুৰ পিছত দলটোৰ কমাণ্ডাৰৰ দায়িত্ব লাভ কৰিছিল সবজাৰে।আনহাতে আজি পুৱা ৰামপুৰ চেক্টৰত সেনাৰ গুলিত ৬ সন্ত্ৰাসবাদী নিহত হয়৷ পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাওতেই সেনাৰ গুলীত সন্ত্ৰাসবাদীকেইজন ধৰাশায়ী হয় বুলি জানিব পৰা গৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
সেনাৰ বৃহৎ সাফল্য, নিহত বুৰহানৰ উত্তৰাধিকাৰী
https://www.newsnextone.com/terrorist-killed-in-kashmir/#comments
29523
দলংঘাটঃ ৰাইজে কানত ধৰাই আঠু কঢ়ালে দুজন গভাইত চোৰক৷ লাখ টকাৰ সম্পত্তি চোৰ কৰি হ'ল এনে অৱস্থা৷ ঘটনা অনুসৰি যোৱা জন্মাষ্টমীৰ দিনাখনেই দৰং জিলাৰ দেওমৰনৈ সমলাৰ লক্ষ্মীকান্ত বৈশ্য নামৰ ব্যক্তিজৰ ঘৰমত সংঘটিত হৈছিল এক চুৰি কাণ্ড৷ জন্মাষ্টমীৰ বাবে ঘৰৰ পৰিয়াল নামঘৰত ব্যস্ত থকাৰ সুযোগতে চোৰে ঘৰ সোমাই লুটি নিছিল সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন৷ কেইবা লাখ চকাৰ সম্পত্তি চুৰি হোৱাৰ পাছত অঞ্চলটোত সৃষ্টি হৈছিল হাহাকাৰ পৰিৱেশ৷ লক্ষ্মীকান্ত বৈশ্যই এই সন্দৰ্ভত মঙলদৈ সদৰ ধানাত এক গোচৰ ৰুজু কৰে৷ কিন্তু আৰক্ষীয়ে মঙলদৈ আৰক্ষীয়ে অনুসন্ধান চলাইও চোৰ ধৰিবলৈ সক্ষম নহ'ল৷ আনহাতে একে গাঁনৰে দুজন যুৱকৰ ওপৰত ৰাইজ আৰু ভুক্তভূগী পৰিয়ালটোৰ সন্দেহ উপজাত পৰিয়ালটোৱে স্থানীয় ৰাইজৰ সহযোগত যুৱক দুজনৰ গতি বিধিৰ ওপৰত নজৰ ৰাখে৷ যাৰ ফলতেই আজি স্থানীয় ৰাইজে হৃত্বিক দাস আৰু ভৃগু শইকীয়া নামৰ যুৱক দুজনৰ ঘৰৰ পৰা লক্ষ্মীকান্ত বৈশ্যৰ ঘৰৰ পৰা চুৰি হোৱা আ-অলংকাৰ আৰু নগদ ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজে ধৃত চোৰ দুজনক হাতে লোটে কৰায়ত্ব কৰি পাছত মঙলদৈ আৰক্ষীক গতাই দিয়ে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
চোতালত আঠু কাঢ়িলে দুই চোৰে
https://www.newsnextone.com/thief-arrested-darrang-mangaldoi
29524
ৰঙিয়াঃ ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সন্থাৰ খেল পথাৰত অনুষ্ঠিত স্কুল ক্ৰিকেট টুৰ্ণামেন্টত শংকৰদেৱ বিদ্যালয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলখনত ৰঙিয়া শংকৰদেৱ বিদ্যালয়ে ৰঙিয়া মাদ্ৰাছা বিদ্যালয়ক ৯২ ৰানত পৰাস্ত কৰে।প্ৰথমে বেট ধৰি শংকৰদেৱ বিদ্যালয়ে ১৫ অভাৰত ৩টা উইকেট হেৰুৱাই ১৭২ৰান সংগ্ৰহ কৰে।দলৰ হৈ অনুপম ডেকাই ৫২ আৰু চাহিল আখটাৰে ৩৯ ৰানৰ বৰঙণি আগবঢ়ায়।ইয়াৰ প্ৰত্যুত্তৰত ৰঙিয়া মাদ্ৰাছাই ১১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৮০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।খেলখনত অনুপম ডেকা মেন অৱ দ্য মেচ বিবেচিত হোৱাৰ বিপৰীতে টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ সন্মান লাভ কৰে আৰিয়ন কাশ্যপে৷ আনহাতে শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে সঞ্জয় ৰাংকলে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰঙিয়া স্কুল ক্ৰিকেটত জয়ী শংকৰদেৱ বিদ্যালয়
https://www.newsnextone.com/rangia-school-cricket-ssn-won/#comments
29525
বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ উদ্যোগ নগৰী বোকাজানৰ শুকানজানস্থিত শ্ৰীশ্ৰীশংকৰ-মাধৱ মিলনজ্যোতি নামঘৰ প্ৰাংগণত অহা ১১ নৱেম্বৰৰপৰা ১৮ নৱেম্বৰলৈ বিস্তিত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অখণ্ড ভাগৱত পাঠ৷ কাৰ্যসূচী অনুসৰি ১১ নৱেম্বৰৰ পুৱা ৫.৩০ বজাত প্ৰাতঃপ্ৰসংগ, ৭ বজাত ভাগৱত প্ৰদক্ষিণৰ পাছত ৯ বজাত ভাগৱত প্ৰতিষ্ঠা কৰিব তিনিচুকীয়াৰ শ্ৰীশ্ৰী গজলা সত্ৰৰ সত্ৰাধিকাৰ প্ৰণৱ মহন্তই৷ পুৱা ১০ বজাত নাম-প্ৰসংগৰ পাছতেই ভাগৱত পাঠ আৰম্ভ হ'ব আৰু এই অখণ্ড ভাগৱত পাঠ ১৮ নৱেম্বৰলৈ চলিব৷ অন্তিম দিনা পুৱা ১০ বজাত ভাগৱত পাঠ সমাপন আৰু ভাগৱত ভ্ৰমণ তথা নাম-প্ৰসংগৰে অখণ্ড ভাগৱত পাঠ সামৰণি পৰিব৷ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি অন্তিম দিনা নিশা ৮ বজাত বোকাজানৰ কৃষ্ণ নগৰৰ বাসিন্দা কমল দাস আৰু তেওঁৰ পৰিয়ালে আগবঢ়োৱা তথা শিৱসাগৰৰ চামগুৰি শংখ ধ্বনি নাট্য গোষ্ঠীৰ শিল্পীসকলৰদ্বাৰা পৰিৱেশিত তথা পুলিন তামুলীৰ পৰিচালনাত 'বীৰুচনৰ বিষ্ণুপ্ৰিয়া লাভ, বলিৰ জন্ম ৰহস্য' ভাওনা প্ৰদৰ্শন কৰা হ'ব ৷ উল্লেখ্য যে, গণেশ লেখাৰু (যোৰহাট), লীলা গোহাঁই (গোলাঘাট), তৰুণ শইকীয়া (ফৰকাটিং), অনন্ত বৰা, ৰাজু ফুকন, বিপুল নাথ (গৌৰীসাগৰ)ক এই সাতদিনীয়া অখণ্ড ভাগৱত পাঠত মূল পাঠেকী হিচাপে আমন্ত্ৰণ জনোৱা বুলি বোকাজান আঞ্চলিক অখণ্ড ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি খগেন বৰগোহাঁই, কাৰ্যকৰী সভাপতি ৰুবুল দিহিঙীয়াৰ লগতে যুটীয়া সম্পাদকদ্বয় ৰাজু হাজৰিকা আৰু ৰাজীৱ বুঢ়াগোহাঁয়ে জানিবলৈ দিয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বোকাজানত অখণ্ড ভাগৱত পাঠৰ আয়োজন
https://www.newsnextone.com/bokajan-bhagawat/#comments
29526
জ্যোতি ভুঞা 06 / 2018 বিশেষভাৱে সক্ষম লোকসকলে গণতান্ত্ৰিক আন্দোলন কৰিব গৈ শুকুৰবাৰে দিছপুৰ লাষ্টগে'টত আৰক্ষীৰ যি বৰ্বৰতাৰ সন্মুখীন তাক গৰিহণা দিছে সদৌ অসম দৃষ্টিহীন উন্নয়ন পৰিষদ আৰু কামপুৰ আঞ্চলিক বিকলাংগ সন্থাই।এই সম্পৰ্কত দুয়োটা সংগঠণে কামপুৰত এখন সংবাদমেলৰ আয়োজন কৰে।সংবাদমেলখনত দুয়োটা সংগঠনৰ তৰফৰ পৰা কোৱা হয় যে পৰিৱৰ্তনকামী চৰকাৰখনৰ ওচৰত প্ৰতিবাদ কৰিবলৈ গৈ দিছপুৰ লাষ্টগে'টত আৰক্ষী প্ৰশাসনৰ অত্যাচাৰৰ সন্মুখীন হোৱা প্ৰতিবন্ধীসকলৰ দাবীসমূহ পূৰণ কৰি, আঘাতপ্ৰাপ্তসকলক সু-চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই কামপুৰত এখন সংবাদমেলৰ আয়োজন কৰে সদৌ অসম দৃষ্টিহীন উন্নয়ন পৰিষদ আৰু কামপুৰ আঞ্চলিক বিকলাংগ সন্থাই।আৰক্ষী প্ৰশাসনৰ এনে কাৰ্যৰ তীব্ৰ গৰিহণা দি আগলৈ এনে কাৰ্য নকৰিবলৈও সংবাদমেলযোগে অনুৰোধ জনায়।অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে কামপুৰত দৃষ্টিহীন উন্নয়ন পৰিষদৰ সংবাদমেল
https://www.newsasn.com/node/2254
29527
ৰঙিয়াঃ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ শংকাত ভুগিছে ৰঙিয়াবাসী৷ সেনা-জোৱান তথা মটৰ চাইকেলৰ ডিলাৰৰ টকা বেংকৰ পৰা লুটি নিয়াৰ পাছত এইবাৰ মহিলা ব্যৱসায়ীপৰা লুটি নিলে নগদ ধন নথি-পত্ৰ।ৰঙিয়াৰ তিনিআলিত সংঘটিত হৈছে এই ঘটনা৷ ৰঙিয়া বেচৰকাৰী বাছ আস্থানৰ চিলেকচন হাউচ নামৰ কাপুৰৰ দোকান খন বন্ধ কৰি তিনিআলি নিউ মাৰ্কেটৰ নিজ ঘৰলৈ গৈ থকা দিপ্তী শইকীয়া নামৰ মহিলা গৰাকীক বাইকত অহা দুৰ্বত্তই বিনাদ্বিধাই লুটি লৈ যায়।বাইকত অহা দুই দূৰ্বৃত্তই প্ৰায় ত্ৰিশ হাজাৰ নগদ ধন সহ মহিলাগৰাকীৰ হাতৰ পৰা বেগটো লৈ তীব্ৰবেগে পলায়ন কৰে।মহিলা গৰাকীয়ে জানিবলৈ দিয়ামতে ৩০ হেজাৰ নগদ টকা সহ দোকানৰ চাবি আৰু বহু নথি পত্ৰ আছিল বেগটোত।ইফালে ঘটনাৰ পিছতে ৰঙিয়া আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিওঁ বৰ্তমানলৈ কোনো ব্যক্তিকে আটক কৰিব পৰা নাই
মহিলা ব্যৱসায়ীৰ পৰা লুটিলে ত্ৰিশ হাজাৰ
https://www.newsnextone.com/print/2806
29528
নতুন দিল্লীঃ ক্ৰিকেটৰ ভগৱানৰ লগতে সকলোৰে অন্তৰ জয় কৰা শচীন তেণ্ডুলকাৰক আন এক সন্মানেৰে সন্মানিত কৰিছে আই চি চিয়ে।আই চি চিয়ে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক অন্তৰ্ভুক্ত কৰিছে 'হল অব ফেম'ত।লণ্ডনত অনুষ্ঠিত এক সমাৰোহত শচীন তেণ্ডুলকাৰৰ উপৰি দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ এলেন ড'নাল্ড আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মহিলা বলাৰ কেথৰিনকো এই সন্মান প্ৰদান কৰা হয়।আই চি চিৰ মুখ্য কাৰ্যবাহী বিষয়া মনু সাহানীয়ে কয় যে আই চি চি ক্ৰিকেট হল অব ফেম ২০১৯ত শচীন, এলেন আৰু কেথৰিনৰ নাম ঘোষণা কৰা হৈছে।অৱসৰ লোৱাৰ ৫ বছৰ পিছত শচীনক এই সন্মান প্ৰদান কৰা হয়৷ শচীন তেণ্ডুলকাৰে ২০০ টেষ্ট মেচ খেলিছে, য'ত সৰ্বাধিক ৰান আৰু টেষ্ট শতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।আই চি চিৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰপৰা অৱসৰ লোৱা ৫ বছৰ সম্পূৰ্ণ হোৱা খেলুৱৈয়ে এই সন্মান লাভ কৰে।শচীন তেণ্ডুলকাৰে অন্তিমখন টেষ্ট খেলিছিল ২০১৩ চনৰ নৱেম্বৰত।এই সন্মান লাভ কৰা শচীন তেণ্ডুলকাৰ ষষ্ঠগৰাকী ভাৰতীয় খেলুৱৈ বুলি জানিব পৰা যায়।ইয়াৰ পূৰ্বে বিষেণ সিং বেদী, কপিল দেৱ, সুনীল গাভাস্কাৰ, অনিল কুম্বলে আৰু ৰাহুল দ্ৰাবিড়ে এই সন্মান লাভ কৰিছিল৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
হল অব ফেম'ৰে সন্মানিত ভাৰতীয় মাষ্টাৰ-ব্লাষ্টাৰ ক্ৰিকেটৰ শচীন তেণ্ডুলকাৰক
https://www.newsnextone.com/sachin-tendulka-icc-hall-of-fame1
29529
অৱশেষত বহু চর্চিত অসম মন্ত্রীসভা সম্প্রসাৰিত হ'ব৷ মন্ত্রীসভা সম্প্রসাৰণক লৈ এইবাৰ মুখ খুলিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ ১৯ জনীয়া মন্ত্রীসভাৰ পৰিৱর্তে মাত্র এঘাৰজনীয়া মন্ত্রীসভাৰে পৰিচালিত হৈ আছে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ৷ মন্ত্রীসভা কেতিয়াকৈ সম্প্রসাৰিত হ'ব সেই কথা নিশ্চিত হোৱা নাই যদিও মুখ্যমন্ত্রী সোণোৱালে আজি সংবাদ মাধ্যমৰ আগত কয় যে অসম মন্ত্রীসভা সোনকালে সম্প্রসাৰিত হ'ব৷ উল্লেখযোগ্য যে ইতিপূর্বে সংবাদ মাধ্যমৰ প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী সোণোৱালে উল্লেখ কৰি আহিছিল যে মন্ত্রীসভা সম্প্রসাৰণ সময়ত কৰা হ'ব৷ এইবাৰেই সংবাদ মাধ্যমৰ আগত মন্ত্রীসভা সোনকালে সম্প্রসাৰিত হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্রীয়ে৷ মুখ্যমন্ত্রী সোণোৱালে মন্ত্রীসভা সম্প্রসাৰণ কেতিয়া হ'ব সেই কথা নিশ্চিত নকৰিলেও বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে স্পষ্ট কৰে যে মন্ত্রীসভা আগষ্ট মাহৰ ভিতৰতে সম্প্রসাৰিত হ'ব৷ ২০১৫ চনৰ ২৪ মে'ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মুখ্যমন্ত্রী সোণোৱাল আৰু তেওঁৰ মন্ত্রীসভাৰ দহজন সদস্যই শপত গ্রহণ কৰিছিল৷ শপত গ্রহণৰ এটা বছৰ উকলি যোৱাৰ পাছতো হোৱা নাই মন্ত্রীসভা সম্প্রসাৰণ৷ এজন মন্ত্রীৰ হাততে বহু গুৰুত্বপূর্ণ বিভাগ৷ বিজেপি মিত্রজোঁটৰ অংশীদাৰ দল অগপ আৰু বিজেপিয়ে দুজনকৈ মন্ত্রীক মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ দাবী জনাই আহিছিল যদিও বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দুয়োটা মিত্রদলৰ এজনকৈ সদস্যক মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হ'ব বুলি ইতিপূর্বে ঘোষণা কৰিছে৷
সোনকালেই মন্ত্রীসভাৰ সম্প্রসাৰণ
https://janambhumi.in/VFZSSk1FMUVUVDA9/%E0%A6%B8%E0%A7%8B%E0%A6%A8%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%87%E0%A6%87--%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%B8%E0%A6%BE%E0%A7%B0%E0%A6%A3.html
29530
কাজিৰঙাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিয়ন্ত্ৰনলৈ অহা নাই বান পৰিস্থিতি৷ এটুপি পানী, এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে কাজিৰঙাৰ মিহিমুখত ঘটিল অঘটন৷ নিজৰ বানত বুৰ যোৱা ঘৰখন চাবলৈ আহি অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এজন লোকে৷ বানে বিধস্ত কাজিৰঙাৰ ৰঙাজান বান শিৱিৰত পৰিয়ালৰ স'তে আশ্ৰয় লৈ থকা গোৱৰ্দ্ধন গোৱালা নামৰ লোকজেন শুকুৰবাৰে বিয়লি বানে ধোৱা নিজৰ মৰমৰ ঘৰখন চাবলৈ আহিছিল৷ আৰু তাৰ পিছতেই নিয়তিৰ বানত সন্ধানহীন হৈ পৰে ৪৫ বছৰীয়া লোকজন৷ ৰাইজ, বনবিভাগ আৰু আৰক্ষীৰ অনুসন্ধানৰ অন্তত আজি পুৱা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কাজিৰঙাৰ বানত মৃত্যু এজনৰ
https://www.newsnextone.com/one-died-in-flood-kaziranga/#comments
29531
৩১ ডিচেম্ববৰৰ নিশা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলা প্ৰশাসনকো তৎপৰ হৈ পৰা দেখা গৈছে।এই উদ্দেশ্যে আজি জিলাখনৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও এন আৰ চি সহায়ক কেন্দ্ৰ পৰিদৰ্শন কৰে জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰ,চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে।এন আৰ চি সহায়ক কেন্দ্ৰ সমুহ পৰিদৰ্শনৰ বাবে অহা জিলা উপায়ুক্তগৰাকীয়ে কয় যে এন আৰ চিৰ প্ৰথমখন খচৰাত জিলাখনৰ ৩৮% লোকৰ নাম অন্তৰ্ভুক্ত হৈছে৷ তেওঁ লগতে কয় যে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা মুঠ ১৯,২৭,৬৬০ গৰাকী লোকৰ ভিতৰত প্ৰথম পৰ্যায়টোত ৭,৩৩,২৩৯ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে।অৱশ্যে নাম প্ৰকাশৰ পৰা বাদ পৰি ৰোৱা লোক সকলক শংকিত হ'ব লগীয়া কোনো কাৰন নাই বুলি তেওঁ জানিবলৈ দিয়ে।আনহাতে মুঠ ১৪ টা এন আৰ চি সহায়ক কেন্দ্ৰ থকা চেঙা ৰাজহ চক্ৰৰ লগতে সমগ্ৰ বৰপেটা জিলাতে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি জানিবলৈ দি বৰপেটা জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই কয় যে আইন শৃংখলা সন্দৰ্ভত সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে
এন আৰ চিৰ প্ৰথম খচৰাত বৰপেটাৰ ৩৮% লোকৰ লোকৰ নাম অন্তৰ্ভুক্ত
https://assam.nenow.in/%e0%a6%8f%e0%a6%a8-%e0%a6%86%e0%a7%b0-%e0%a6%9a%e0%a6%bf%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a5%e0%a6%ae-%e0%a6%96%e0%a6%9a%e0%a7%b0%e0%a6%be%e0%a6%a4-%e0%a6%ac%e0%a7%b0%e0%a6%aa%e0%a7%87/
29532
নগাঁওঃ দেশৰ অগ্ৰণী বেচৰকাৰী সংস্থা 'প্ৰথম এডুকেচন ফাউণ্ডেচন'-এ বিগত প্ৰায় কুৰি বছৰ কাল ধৰি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি আৰু শিক্ষাৰ মানদণ্ড অধিক উন্নত কৰাৰ অৰ্থে নানা প্ৰকাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে নগাঁও জিলাতো সংস্থাৰ এটি গোটে শনিবাৰে জিলাখনৰ খাগৰিজান শিক্ষা খণ্ড এলেকাৰ ৰাইদঙীয়াৰ আইলক্ষ্মী প্ৰাথমিক বিদ্যালয়ৰ সভাকক্ষত এখনি সাংস্কৃতিক মেলাৰ লগতে শিশু উদ্গনি সভা অনুষ্ঠিত কৰে৷ পুৱা ১১ বজাৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা আহি সমবেত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি,কুইজ, স্মৃতি লিখন আৰু আকস্মৃিক বক্তৃতা প্ৰতিযোগিতা সম্পন্ন কৰাৰ অন্তত আইলক্ষ্মী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুমী প্ৰভা বৰাৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ সভাত আমন্ত্ৰিত অতিথি হিচাপে ন-সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণা হাজৰিকা,শিক্ষক ভৱেন নাথ,বাপধন মহন্ত,বুধেন বৰা,জিতুমনি বৰা,ৰঞ্জন কুমাৰ দাস,পাৰুল মহন্ত,প্ৰথমৰ নগাঁও জিলা সমন্বয়ক মুকুট বৰা,খণ্ড সমন্বয়ক প্ৰসন্ন মহন্ত,লুইত মহন্ত,ৰুহিত বৰা,সাংবাদিক জয়ন্ত মুদৈকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে৷ সভাত কেইবাটিও শিশুয়ে শিক্ষাত অভিভাৱকৰ ভূমিকা, শিক্ষাত শিশুৰ মৌলিক অধিকাৰ, শিক্ষাৰ ক্ষেত্ৰত পৰিবেশৰ প্ৰভাৱ, শিক্ষাত বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতাৰ লগতে শিক্ষাত পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা দিয়ে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
প্ৰথম'ৰ উদ্যোগত সাংস্কৃতিক মেলা সম্পন্ন
https://www.newsnextone.com/pratham-session-concludes
29533
৮ জানুৱাৰি মঙলবাৰে বিজেপিৰ জিলা সমিতিয়ে কিছু সংখ্যক বন্ধ সমৰ্থকে তেওঁলোকৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় থানাত এজাহাৰ দিছে।এই এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/ ১৪৮/ ১৪৯/ ৪৩৬ ধাৰাৰ অধীনত ডিব্ৰুগড় আৰক্ষী থানাত এটা গোচৰ (৫২/১৯) পঞ্জীয়নভুক্ত কৰা হয়।এই ঘটনাত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে ইকবাল আনছাৰি, উত্তম চেতিয়া, হীৰা দত্ত, শিল্পী শইকীয়া, খগেন বৰা, গৌৰী দাস, প্ৰদীপ সৰকাৰ, ৰণক গগৈ, উদ্দীপ্ত ৰাজখোৱা, ইন্দ্ৰজিৎ দত্ত, হীৰেন ফুকন, চন্দন পাণ্ডে, বিজয় গগৈ আৰু গিৰিন্দ্ৰ সন্দিকৈ - এই ১৪ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।উল্লেখ্য যে বন্ধ সমৰ্থকে যোৱা ১১ ঘণ্টীয়া অসম বন্ধৰ সময়চোৱাত আমোলাপট্টিত থকা বিজেপি কাৰ্যালয়টো লণ্ডভণ্ড কৰিছিল।আনহাতে ভাৰতীয় দণ্ডবিধিৰ ৰাজহুৱা সম্পত্তি লণ্ডভণ্ড আইনৰ দফা ৪ৰ ধাৰা ১২০(খ), ১৪৭/ ১৪৮/ ১৪৯/ ৩৪১/ ৩৫৩/ ৩৩৩/ ৪৩৬/ ৪২৭ ধাৰাৰ অধীনত ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় থানাত এটা নিজাববীয়াকৈ গোচৰ (৫১/১৯) ৰুজু কৰিছে।উত্তেজিত জনতাই নিৰাপত্তা বাহিনীলৈ লক্ষ কৰি শিল নিক্ষেপ কৰিছিল।অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰধান কাৰ্যালয়) সুৰজিৎ সিং পানেশ্বৰে এই আক্ৰমণক অলপ আঘাত পায়।নিৰাপত্তা বাহিনীৰ লোকে প্ৰতিবাদী জনতাক খেদি পঠিয়াবলৈ লাঠিচাৰ্জ কৰে।কিছু সংখ্যক প্ৰতিবাদকাৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰত চিআৰপিএফৰ বাহন আগচি ধৰে।আৰক্ষীয়ে বন্ধ সমৰ্থকক চত্ৰভংগ কৰিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে।পাছত আৰক্ষীয়ে শূন্যলৈও গুলীচালনা কৰে।অৱশ্যে, ডিব্ৰুগড়ৰ বিভিন্ন অংশতৰ পৰা আৰক্ষীয়ে ২০গৰাকী প্ৰতিবাদকাৰীক আটক কৰে।প্ৰতিবাদকাৰীৰ আক্ৰমণত ২গৰাকী আৰক্ষীৰ লোক আহত হয়।অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰে জনাইছে যে নিৰাপত্তা বাহিনীলৈ নিক্ষেপিত শিলৰ দ্বাৰা তেওঁ আক্ৰান্ত হৈছে।তেওঁ আৰু জনাইছে যে বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰা বন্ধ সমৰ্থকক তেওঁ চিনাক্ত কৰিব পাৰিছে।উল্লেখ্য যে, চাবুৱাত বন্ধ সমৰ্থকে ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘাইপথত থকা এখন বাছৰ খিৰিকি ভাঙি পেলায়
দলীয় কাৰ্যালয় লণ্ডভণ্ড কৰা বন্ধ সমমৰ্থকৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিব্ৰুগড় জিলা বিজেপিৰ
https://assam.nenow.in/dibrugarh-bjp-has-filed-an-fir-against-vandalism-at-party-office/
29534
য়ুনাইটেড ফ'ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ শুকুৰবাৰৰ পৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব।দুদিনীয়া ধৰ্মঘটৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবৰো ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ সকলো কাম-কাজৰ লগতে এ টি এম সেৱা স্তব্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।দৰমহাকেন্দ্ৰিক বিভিন্ন দাবীত এই ধৰ্মঘট কাৰ্য্যসূচী লোৱা বুলি য়ুনিয়নে জানিবলৈ দিছে।২০১৭ চনৰ নৱেম্বৰ মাহৰ পৰা দৰমহা বৃদ্ধিৰ দাবী জনাই অহা বেংক কৰ্মচাৰী সকলে ধৰ্মঘট কাৰ্যসূচীত অংশ ল'ব বুলি জানিব পৰা গৈছে।যদিহে উক্ত দিন দুটাত ধৰ্মধট কাৰ্যসূচী সফল হয় তেন্তে একেৰাহে তিনিদিন ধৰি স্তব্ধ হৈ পৰিব বেংকৰ কাম কাজ, কিয়নো ২ ফেব্ৰুৱাৰি দেওবাৰ।উল্লেখ্য যে ধৰ্মঘট কাৰ্যসূচীৰ সময়সূচী লক্ষ্যণীয় হৈ পৰিছে।কিয়নো ৩১ জানুৱাৰিৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোত অৰ্থনৈতিক সমীক্ষা উপস্থাপন কৰিব।ইয়াৰ ঠিক এদিন পিছতে অৰ্থাৎ ১ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২০-২১ বৰ্ষৰ বাবে দাখিল কৰিব বিত্তীয় বাজেট।বাজেট দাখিলৰ পূৰ্বে দেখা দিয়া এনে ধৰণৰ সমস্যা সমাধান কৰাৰ বাবে শ্ৰম বিভাগ আৰু বিত্ত মন্ত্ৰ্যালয়ে ইণ্ডিয়ান বেংক এছ'চিয়েশ্যন আৰু য়ু এফ বি য়ু-ৰ সৈতে আলোচনা কৰিছিল যদিও সেই আলোচনা ফলপ্ৰসূ হোৱা দেখা নগ'ল।উল্লেখ্য যে বেংক য়ুনিয়ন সমূহে ২০ শতাংশ দৰমহা বৃদ্ধি, সপ্তাহত পাঁচদিন কৰ্মদিন, নতুন পেঞ্চন নীতি বাতিল কৰা আদি বিভিন্ন দাবীত ধৰ্মঘট কাৰ্যসূচী পালন কৰিব।য়ুনাইটেড ফ'ৰাম অব বেংক য়ুনিয়নছ (য়ু এফ বি য়ু) হ'ল ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বিভিন্ন সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ।অৱশ্যে এই মঞ্চৰ অধীনত নথকা ব্যক্তিগত খণ্ডৰ বেংক, যেনে আই চি আই চি আই, এক্সিছ, এইচ্ছ ডি এফ চি, য়েছ বেংক আদিৰ সেৱা অব্যাহত থাকিব বুলি নিশ্চিত হ'ব পৰা গৈছে
কাইলৈৰ পৰা দুদিনৰ বাবে স্তব্ধ হৈ পৰিব ATMৰ লগতে বেংকৰ সকলো কাম-কাজ
https://assam.nenow.in/bank-strike-from-tomorrow-services-at-branches-atms-could-be-hit-for-2-days/
29535
দিল্লীৰ নিৰ্বাচনৰ ফল সম্পৰ্কীয় একাধিক হেছটেগ (টপিক) আজি টুইটাৰৰ ভাৰতীয় ট্ৰেণ্ডৰ শীৰ্ষত দেখা গৈছে।ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ নিৰ্বাচনী ফল গোটেই দেশবাসীয়ে উৎকণ্ঠাৰে লক্ষ্য কৰি আছে।দেশৰ ৰাজনীতিৰ কে্ন্দ্ৰবিন্দুত কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে পুনৰ শাসন কৰাটো নিশ্চিত প্ৰায় হৈ উঠাৰ লগে লগে টুইটাৰত এই সম্পৰ্কীয় আলোচনা-বিলোচনা বৃদ্ধি পায়।আদি হেছটেগ দিনটোৰ বেছিভাগ সময় শীৰ্ষত থাকে।বহুতো টুইটাৰ য়ুজাৰে বিজেপি, মোদী আৰু অমিত শ্বাহক ইতিকিং কৰিও পোষ্ট দিয়া দেখা গৈছে।আনহাতে বেছিভাগে আপৰ এই জয়ক গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতাৰ জয় আখ্যা দিছে।আনকি আপৰ জয়ক ভাৰতৰ জয় বুলিও কোৱা দেখা গৈছে।বহুতে এই সম্পৰ্কীয় ব্যংগাত্মক ছবি শ্বেয়াৰ কৰি থকা দেখা গৈছে।৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ আজিৰ ভোটগণনাত এতিয়ালৈকে আপে ৬৩খন আসনত আগবাঢ়ি আছে।বিজেপি আগবাঢ়ি আছে ৭খনত।দিল্লীৰ মুঠ আসনৰ সংখ্যা ৭০খন আৰু চৰকাৰ গঠনৰ বাবে কোনো এটা দলক নিম্নতম ৩৬খন আসনৰ প্ৰয়োজন
টুইটাৰ ট্ৰেণ্ডৰ শীৰ্ষত দিল্লীৰ নিৰ্বাচনৰ ফল সম্পৰ্কীয় একাধিক হেছটেগ
https://assam.nenow.in/delhi-election-result-seen-as-top-hashtag-trend/
29536
ছিপাঝাৰঃ প্ৰব্ৰজন বিৰোধী ঐক্য মঞ্চই আজি ছিপাঝাৰৰ নাৰিকলিত বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ২ঘন্টা ধৰি অৱৰোধ কৰে।ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ কুৰুৱাৰ পৰা ধলপুৰলৈ সমগ্ৰ চৰ অঞ্চলৰ ৭৭হাজাৰ ৪২০ বিঘা মাটি সন্দেহযুক্ত বাংলাদেশী লোকৰ পৰা বেদখল মুক্ত কৰাৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।সমষ্টিটোৰ অন্তৰ্গত ফুহুৰাতলীৰ ধান বজাৰ, মিলন বজাৰ আদি অঞ্চলত চৰকাৰী ভূমি বেদখল মুক্ত কৰিবৰ বাবে বিভিন্ন দল-সংগঠনে দাবী কৰি আহিছিল যদিও প্ৰশাসনে ২০১৬ চনৰ ২১ ডিচেম্বৰত মাত্ৰ ১০০০ বিঘা ভূমি বেদখল মুক্ত কৰিয়েই দায়িত্ব সামৰে।বাকীখিনি এমাহৰ ভিতৰত বেদখল মুক্ত কৰিব বুলি আশ্বাস দিছিল যদিও আজিলৈ বেদখল মুক্ত নকৰিলে চৰকাৰে।সেয়েহে আজি বিভিন্ন দল সংগঠন মিলিত হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অসম চৰকাৰ তথা প্ৰশাসনক বাকী থকা ভূমিখিনিও ১৫ দিনৰ ভিতৰত বেদখলমুক্ত কৰিবলৈ দাবী জনায়।অন্যথা চৰকাৰে যদি উক্ত সময়সীমাৰ ভিতৰত ভূমিখিনি বেদখল মুক্ত নকৰে তেনেহ'লে ৰাইজেই বেদখলমুক্তকৰণৰ দৰে কায্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ছিপাঝাৰত বেদখলকাৰীক উচ্ছেদৰ দাবীত পথ অৱৰোধ
https://www.newsnextone.com/protest-at-sipajhar-demanding-eviction/#comments
29537
দীপেন বৰা, লখিমপুৰ লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত আজি ইউ পি এচ চি আৰু এ পি এচ চি পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে নতুন দিল্লীৰ বিবেকানন্দ চিভিল চাৰ্ভিছ একাডেমিৰ প্ৰতিস্হাপক সঞ্চালক ৰাজীৱ বৰুৱা ৷ সৰ্ব ভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সমুহ বিশেষকৈ কি কি আলোচনী, বাতৰি কাকত পঢ়িলে সুবিধা হয়, হাইস্কুল পৰ্যায়ৰ পাঠ্যপুথি সমুহে কেনেকৈ সহায় কৰে, দৈনিক নূন্যতম কিমান সময় অধ্যয়ন কৰিলে সুবিধা হয় ইত্যাদি ইত্যাদি বিষয়ৰ ওপৰত তেওঁ আলোকপাত কৰে ৷ ইয়াৰোপৰি তেখেতলোকৰ পৰিচালনাত বৰ্তমান সময়ত দেশত প্ৰায় চল্লিশটাৰো অধিক ইউ পি এচ চি ৰ কচিং চেণ্টাৰ থকাৰ কথা উল্লেখ কৰি সেই চেণ্টাৰ সমুহ কেনেকৈ প্ৰশিক্ষাৰ্থী সমুহ শিক্ষা গ্ৰহন কৰে তাৰো আভাস দিয়ে ৷ মহাবিদ্যালয়ৰ অধক্ষ ডঃ বুবুল শইকীয়াই অনুষ্ঠানৰ সঞ্চালনা কৰি কয়- সময়ৰ কাম সময়ত নিষ্ঠা সহকাৰে কৰিলে সফলতা আহিবই।সেই সফলতা মানৱ জাতিৰ কল্যাণকামী হব লাগিব।খাদ্য সংসাধন বিভাগ আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড নিশ্চিতকৰণ কোষৰ যৌথ ভাবে আয়োজন কৰা বক্তৃতানুষ্ঠান কাৰ্যসূচীৰ আঁতধৰে মহাবিদ্যালয়ৰ গ্ৰাহস্হ্য বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা তথা খাদ্য সংসাধন বিভাগৰ নডেল বিষয়া ড°স্বপ্না দত্তই ৷ অনুষ্ঠানটোত মহাবিদ্যালয়ৰ উপাধ্যক্ষ বাহাৰুল ইচলাম, আভ্যন্তৰীণ মানদণ্ড নিশ্চিতকৰণ কোষৰ সমন্বয়ক সহযোগী অধ্যাপক বিজু সোনোৱালৰ লগতে মহাবিদ্যালয়ৰ অন্যান্য অধ্যাপক অধ্যাপিকাৰ লগতে বহুতো ছাত্ৰ ছাত্ৰছাত্ৰী উপস্থিত থাকে ৷
লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বক্তৃতানুষ্ঠান
https://janambhumi.in/VGtSSmVVMXFaejA9/en/VGtSSmVVMXFaejA9/%E0%A6%B2%E0%A6%96%E0%A6%BF%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%A4%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%B9%E0%A7%80-%E0%A6%95%E0%A6%AE%E0%A6%B2%E0%A6%BE%E0%A6%AC%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A7%9F%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95-%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%A8.html.html
29538
ডিজিটেল ডেস্কঃ চিবিএচছি-ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক সু-খবৰ৷ পুনৰ অনুষ্ঠিত হ'ব দশম আৰু দ্বাদশ শ্ৰেণীৰ ফাদিল হোৱা প্ৰশ্নকাকতৰ পৰীক্ষা৷ বুধবাৰে চি বি এচ ছিয়ে দুখন কাকতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে৷ দশম শ্ৰেণীৰ গণিত আৰু দ্বাদশ শ্ৰেণীৰ অৰ্থবিজ্ঞান কাকতৰ পৰীক্ষাৰ দিন বৰ্তমানলৈ ঘোষিত হোৱা নাই৷ এক সপ্তাহৰ ভিতৰতে ৱেৱচাইটৰ জৰিয়তে ঘোষণা কৰাৰ কথা জানিবলৈ দিয়ে চিবিএচছিয়ে৷ উল্লেখ্য যে চিবিএচছি-ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ প্ৰচাৰ হৈছিল ছচিয়েল মিডিয়াত।ছচিয়েল মিডিয়াত একাংশ লোকে প্ৰশ্নকাকত শ্বেয়াৰ কৰাৰ পিছত এই খবৰ পোহৰলৈ আহে৷ দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোড়িয়াই হোৱাটছএপৰ জৰিয়তে কাকত প্ৰচাৰ হোৱাৰ কথা স্পষ্ট কৰিছিল৷ আৰক্ষীয়ে বৰ্তমানেও প্ৰশ্নকাকত ফাদিল হোৱা বিষয় সন্দৰ্ভত তদন্ত চলাই আছে৷ সংবাদদাতাৰ এক প্ৰতিবেদন অনুসৰি পৰীক্ষাৰ পদ্ধতিক দোষমুক্ত কৰি ৰাখিবৰ বাবেই বৰ্ডে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ গত বৰ্ষৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হৈছিল ৫ মাৰ্চৰ পৰা৷ এইবাৰ দেশজুৰি ২৮ লাখ, ২৪ হাজাৰ, ৭৩৪ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে৷ ইয়াৰ ভিতৰত দশম শ্ৰেণীৰ পৰীক্ষাত ১৬ লাখ, ৩৮ হাজাৰ, ৪২৮ গৰাকীয়ে অৱতীৰ্ণ হোৱাৰ লগতে দ্বাদশ শ্ৰেণীত ১১ লাখ, ৮৬ হাজাৰ, ৩০৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
চিবিএচছি-ৰ ফাদিল হোৱা প্ৰশ্নকাকতৰ পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষা
https://www.newsnextone.com/cbse-decides-to-re-conduct-board-examination-ind
29539
শিৱসাগৰঃ শিৱসাগৰ জিলাত দিনক দিনে বৃদ্ধি পাইছে বোৱাৰী হত্যা, নিৰ্যাতন আদিৰ দৰে ঘটনা৷ তাৰ মাজতেই শিৱসাগৰৰ কমাৰফদিয়াৰ সমীপৰ শালমাৰীয়া গাঁওৰ এগৰাকী মহিলা নিজৰ ১ বছৰীয়া সন্তান সহ বিগত কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ থকা ঘটনা পোহৰলৈ আহিছে৷ শালমৰীয়া গাঁৱৰ হিৰণ্য দাস নামৰ ব্যক্তিজনৰ দ্বিতীয় পত্নী বিউটি দাস যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা ৰহস্য জনক ভাবে নিৰুদ্দেশ হৈ আছে।বিউটি দাসৰ স্বামী গৃহৰ পৰিয়ালে জনোৱা অনুসৰি ১৪ ছেপ্টেম্বৰৰ দিনা স্বামী হিৰণ্য দাস নাজিৰালৈ ব্যক্তিগত কামত উলাই যোৱাৰ পাছত শাহুৱেক ভনী দাসে হিৰণ্যৰ প্ৰথমা পত্নীৰ পুত্ৰক চিকিৎসালয়লৈ বুলি লৈ যায়৷ ঘূৰি আহি ঘৰত বোৱাৰী বিউটি আৰু এবছৰীয়া সন্তানটো ঘৰত নথকাৰ কথা জানিব পাৰে।ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে ইতিমধ্যে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও মহিলা গৰাকী আৰু তেওঁৰ এবছৰীয়া সন্তানৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই।আনহাতে স্থানীয় লোকে এই নিৰুদ্দেশৰ আঁৰত ৰহস্যৰ গোন্ধ থকা বুলি অভিহিত কৰিছে৷ বিউটি দাসক স্বামী গৃহই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ যে, হিৰণ্যই দুটা বছৰ পূৰ্বে প্ৰথমা পত্নীক এৰি হাজোৰ বিউটি দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শিৱসাগৰত মহিলাৰ নিৰুদ্দেশ
https://www.newsnextone.com/woman-missing-at-sivsagar/#comments
29540
জ এ.এছ.এন. প্ৰতিনিধি 30 / 2018 অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত আজি সন্ধিয়া মাজুলীৰ কমলাবাৰী চাৰিআলিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে বুধবাৰে মাজুলী ভ্রমণলৈ অহা বিজেপি সভাপতি ৰঞ্জিত দাসে বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ বিভিন্ন দল-সংগঠন আৰু কেন্দ্রীয় চৰকাৰৰ মাজত হোৱা আলোচনা সাপেক্ষেহে বৃহৎ নদীবান্ধৰ নিৰ্মাণ বৰ্তমান চলি থকাৰ কথা প্ৰকাশ কৰাৰ পিছত এইদৰে সংগঠনটো সৰৱ হৈ পৰিছে।ৰঞ্জিত দাস মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক, বৃহৎ নদীবান্ধ বন্ধ কৰক, ইনকিলাব জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে ৰাজপথৰ পৰিৱেশ উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সদস্যসকলে।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ প্ৰচাৰ সম্পাদক মুনিন্দ্ৰ ভূঞাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় সেউজ ন্যায়াধীকৰণে নামনি সোৱণশিৰিত নিৰ্মীয়মাণ বৃহৎ নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পিছতো এন এইচ পি চিয়ে গোপনে নিৰ্মাণকাৰ্য চলাই আছে।সংগঠনটোৰ প্ৰতিনিধি দলে অলপতে কৰা পৰিদৰ্শনত এই কথা পোহৰলৈ আহিছে বুলি উল্লেখ কৰি শীঘ্রে নিৰ্মাণকাৰ্য বন্ধ নকৰিলে তীব্র আন্দোলন গঢ়ি তোলাৰ কথা প্ৰকাশ কৰে কেন্দ্রীয় প্ৰচাৰ সম্পাদকগৰাকীয়ে
মাজুলীত বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ
https://www.newsasn.com/node/1262
29541
আকৌ নিৰ্মাণ হ'ব কৃষ।এইবাৰো মূল ভূমিকাত অভিনয় কৰিব হৃতিক ৰোশনেই।অভিনেতাগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এনে এক ইংগিতেই দাঙি ধৰিছে।হৃতিকে পিতৃ ৰাকেশ ৰোশনৰ সৈতে এখন ছবিও পোষ্ট কৰিছে।অৱশ্যে, ছবিখন এইবাৰ ৰাকেশ ৰোশনে পৰিচালনা নকৰিবও পাৰে।তেওঁৰ পৰিৱৰ্তে ছবিখন সঞ্জয় গুপ্তাই পৰিচালনা কৰাৰ সম্ভাৱনা আছে।হৃতিকে জানিবলৈ দিয়ে যে পিতৃ ৰাকেশ ৰোশন দ্ৰুতভাৱে আৰোগ্য হৈ উঠিছে যদিও শেষ মুহূৰ্তত হয়তো পৰিচালক সলনি হ'ব পাৰে।উল্লেখযোগ্য যে ৰাকেশ ৰোশনৰ অসুস্থতাৰ বাবেই 'কৃষ-৪'ৰ কাম পিছুৱাই গৈছিল।প্ৰায় এমাহ পূৰ্বে ৰাকেশ ৰোশনৰ কেন্সাৰ ধৰা পৰিছিল।তাৰ পাছৰে পৰাই চিকিৎসকৰ পৰামৰ্শ মতে চলিবলগীয়া হৈছে ৰাকেশ ৰোশন।পিতৃ ৰাকেশ ৰোশনৰ সৈতে হৃতিক ৰোশন।ফটো : ইনষ্টাগ্ৰাম বৰ্তমান ৰাকেশ ৰোশনে চিকিৎসকৰ পৰামৰ্শত অতি সাৱধানেৰে চলিবলগীয়া হৈছে।সম্ভৱত: সেই কাৰণেই এইবাৰ পৰিচালক হিচাপে দেখা পোৱা নাযাব ৰাকেশ ৰোশনক।তেওঁৰ ঠাইত হয়তো সঞ্জয় গুপ্তাই পৰিচলনা কৰিব ছবিখন।'কৃষ-৪' ছবিখন সম্পূৰ্ণ কৰি তুলিবৰ বাবে প্ৰযোজক সাজু হৈ আছে।ছবিখনৰ নিৰ্মাণত ২৫০ কোটি টকা খৰচ হ'ব বুলি জানিব পৰা গৈছে।ছবিখন সদ্যহতে প্ৰি-প্ৰডাকশ্যন পৰ্যায়তে আছে।সকলো ঠিকে-ঠাকে থাকিলে ছবিখন ২০২০'ত মুক্তি পোৱাটো খাটাং।তাৰিখ অৱশ্যে এতিয়াও ঠিক হোৱা নাই।ছবিখনৰ নায়িকাৰ ভূমিকাত কোনে অভিনয় কৰিব সেয়া জানিব পৰা হোৱা নাই।কংগনা ছবিখনত নাথাকিব সেয়া নিশ্চিত।তদুপৰি, বিয়াৰ পাছত দেশৰ বাহিৰত থকা প্ৰিয়ংকা চোপ্ৰাৰো সম্ভাৱনা নাই।সেয়েহে নতুন নায়িকা কোন হ'ব তাক লৈ কৌতুহল এটা থাকি গৈছে।কেইদিনমান পূৰ্বে 'ছুপাৰ-৩০' ছবিৰ বাবে দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল হৃতিকে।'ৱাৰ' ছবিতো তেওঁৰ অভিনয় ভাল হোৱা বুলি চৰ্চা চলিছে।'কৃষ'ৰ প্ৰথম তিনিখন সকলোৱে ভাল পাইছিল, এতিয়া পৰৱৰ্তী 'কৃষ-৪'য়ে কেনেদৰে দৰ্শকক আকৰ্ষণ কৰে সেয়া লক্ষ্যণীয় হ'ব
আহি আছে 'কৃষ-৪'; মূল ভূমিকাত থাকিব হৃতিকে ৰোশনেই
https://assam.nenow.in/krish-4-will-come-soon-as-hrithik-will-play-the-lead/
29542
ওদালগুৰিঃ ওদালগুৰি জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাদাগাঁৱত ডাইনীৰ সন্দেহত সংঘটিত এক হত্যাকাণ্ডৰ বুধবাৰে ৰায়দান কৰে ওদালগুৰি অতিৰিক্ত জিলা আৰু সত্ৰন্যায়ধীশৰ আদালতে।অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ধীশ এন তালুকদাৰৰ আদালতে জাকুণ্ডা নাৰ্জাৰীক যাৱজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।ঘটনাৰ বিৱৰণী অনুসৰি ২০১৬ চনৰ ১৬ গাঁওখনৰ ৰামচন্দ্ৰ গৌড় (৬০) নামৰ লোক এজনক সন্ধিয়া নিজ গৃহৰপৰা কেইজনমান লোকে টানি আনি ডাইনীৰ সন্দেহত লোকজনক নিৰ্যাতন চলাই হত্যা কৰি জংঘলত পেলাই থয়।ইয়াৰ পৰৱৰ্তী সময়ত নিহত লোকজনৰ পত্নী বাসন্তী গৌড়ে হত্যাকাণ্ড সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ অন্তত থানাত এক গোচৰ ৰুজু হয়।উক্ত গোচৰৰ ভিত্তিত ওদালগুৰি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত চলি থকা গোচৰটোৰ চূড়ান্ত ৰায়দান প্ৰদান কৰি অভিযুক্ত জাকুণ্ডা নাৰ্জাৰীক দোষী সাব্যস্ত কৰি যাৱজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ডাইনীকাণ্ডত জড়িতৰ যাৱজীৱন কাৰাদণ্ড
https://www.newsnextone.com/odalguri-life-imprisonment
29543
উত্তৰ শালমাৰাঃ চোৰৰ চুৰি কৰা পদ্ধতি সলনি হ'ল৷ নিতৌ ন ন কৌশলত এতিয়া চোৰে চলায় চুৰি কাৰ্য৷ এইবাৰ চোৰৰ নতুন কৌশলত আতংকিত হ'বলগা হৈছে অসমৰ বিশেষ এখন ঠাইৰ স্থানীয় লোকসকল ৷ এই ঠাইখন হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপা।অঞ্চলটোৰ ভিন্ন প্ৰান্তত এইবাৰ চোৰৰ নতুন কৌশলত শংকিত হৈ পৰিছে ৰাইজ৷ চোৰে এতিয়া লগত লৈ আহে সংজ্ঞানাশক স্প্ৰে ৷ খিৰিকী অথবা ভেন্টিলেটৰেৰে গৃহস্থক সংজ্ঞানাশক স্প্ৰে ছটিয়াই অচেতন কৰি যোগীঘোপাত এতিয়া সঘনাই চোৰে চলাইছে লুট-পাত৷ বিগত কেবাদিন ধৰি চোৰে চলোৱা এই সন্ত্ৰাসত আতংকিত হৈ পৰিছে যোগীঘোপাবাসী ৷ যোৱানিশাও পাচনীয়াত এই পদ্ধতিৰে চোৰে চলালে দুই ঘৰত অভিযান।ইছমাইল হুছেইন আৰু মজিবৰ ৰহমান নামৰ লোকদুজনৰ ঘৰত সংজ্ঞানাশক স্প্ৰে ছটিয়াই নিলে বৃহৎ পৰিমাণৰ টকাৰ লগতে লক্ষাধিক টকাৰ আ-অলংকাৰ ৷ ইফালে চোৰক কৰায়ত্তৰ ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ৷ আৰক্ষীৰ নিস্ক্ৰিয় ভূমিকাই স্থানীয় লোকসকলক আৰু আতংকিত কৰি তুলিছে ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
স্প্ৰে চোৰে টোপনি হৰিছে যোগীঘোপাবাসীৰ
https://www.newsnextone.com/jogighopa-no-sleep-in-fear-of-thief/#comments
29544
শংকৰদেৱ কলাক্ষেত্ৰত 'জনসম্পৰ্কৰক্ষী বিষয়া'ৰ কোনো পদ নথকা সত্ত্বেও ক্ষমতাশালী সাংবাদিক বিশ্বজিৎ দাসৰ পত্নী হোৱা সূত্ৰেই এই 'নথকা পদটো'ৰ দৰমহা লৈ আছে বৰ্ণালী মিশ্ৰই।এ পি এচ চিৰ দুৰ্নীতি সন্দৰ্ভত সোণোৱাল চৰকাৰৰ 'তদন্তৰ জালত এতিয়াও বহু ৰৌ বৰালি পৰা নাই' বুলি মন্তব্য কৰি আজি ৯ জুনত দিচপুৰ প্ৰে'ছ ক্লাবত এক সংবাদমেলযোগে এই বিস্ফোৰক দাবী কৰিছে আৰ টি আই কৰ্মী দুলাল বৰাই।এই সন্দৰ্ভত অভিযোগ দাখিলৰ পিছতো কোনো তদন্ত নোহোৱাটোৱে উক্ত সাংবাদিকজনৰ সৈতে চৰকাৰী আমোলা আৰু ৰাজনৈতিক বিষয়াৰ সু-সম্পৰ্ক থকাকে সূচায় বুলি বৰাই দাবী কৰে।দিচপুৰ থানাত ২০১৫ চনৰ ২২ মে'ত তেওঁ তৰা ১০২৭/১৫ নম্বৰৰ গোচৰটোৰ উল্লেখ কৰি বৰাই কয় যে সাংবাদিকজনৰ এই দুষ্কাৰ্য্যৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছিল।অসমীয়া খবৰ কাকতৰ কাৰ্য্যবাহী সম্পাদক, 'ৰাকেশ পালৰ ঘনিষ্ঠ' বিশ্বজিৎ দাসে পালৰ সৈতে লগ হৈ আয়োগৰ অধীনত অনুষ্ঠিত পৰীক্ষাত বহু আত্মীয়ৰ লগতে নিজৰ পত্নীকো চাকৰি দিছিল বুলি তেওঁ দাবী কৰে।ইয়াৰোপৰি আনছুল গোৱেল নামৰ এজন ব্যৱসায়ী আৰু ধীৰাজ দাস নামৰ অসম সচিবালয়ৰ এজন কৰ্মচাৰীৰ বিৰুদ্ধেও অভিযোগ দাখিলৰ পিছতো চলা নাই তদন্ত।'৪ বছৰমান আগলৈকে ঝাড়ু বেপাৰ কৰা' আনছুল গোৱেলে অসম সচিবালয়লৈ অহা-যোৱা কৰাৰ সূত্ৰে ধীৰাজ দাসৰ সৈতে চিনাকি হয় বুলি দাবী কৰি বৰাই কয় যে ধীৰাজ দাস ৰাকেশ পালৰ 'অতিকৈ ঘনিষ্ঠ'।উক্ত ব্যক্তি দুজনকো এ পি এচ চিৰ তদন্তত সামৰি লোৱাৰ বাবে ২০১৭ চনৰ ৬ জুনত বৰাই অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল যদিও বৰ্তমানলৈকে লোক দুজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মীগৰাকীয়ে।পূৰ্বে অখিল গগৈয়েও এ পি এচ চিৰ দুৰ্নীতিৰ তদন্ত ঠিকমতে চলা নাই বুলি অভিযোগ উত্থাপন কৰিছিল
এ পি এছ চি কেলেংকাৰি : সোণোৱালৰ তদন্তই ঢুকি নাপায় অভিযুক্ত কাকতৰ সম্পাদক-পত্নীক
https://assam.nenow.in/%e0%a6%8f-%e0%a6%aa%e0%a6%bf-%e0%a6%8f%e0%a6%9b-%e0%a6%9a%e0%a6%bf-%e0%a6%95%e0%a7%87%e0%a6%b2%e0%a7%87%e0%a6%82%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a6%bf-%e0%a6%b8%e0%a7%8b%e0%a6%a3%e0%a7%8b%e0%a7%b1/
29545
শিশু শ্ৰমিক বন্ধ কৰা বাবে ডিব্ৰুগড় জিলা পুথিভঁড়ালত আজি ৪ এপ্ৰিলত এখন সজাগতা সভা অনুষ্ঠিত হয়।ডিব্ৰুগড়ৰ চাইল্ডলাইনৰ সহযোগত আৰু ইউনিচেফ, অসমৰ কাৰিকৰী সহযোগিতাত জিলা প্ৰশাসনে এই সভাখন আয়োজন কৰিছিল।সভাখন উদ্বোধন কৰি জিলা উপায়ুক্ত লায়া মাদুৰিয়ে সংশ্লিষ্ট সকলোৱে সন্মিলিত প্ৰচেষ্টা চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণে সমাজৰ পৰা শিশু শ্ৰমিক নোহোৱা কৰাত সহায় কৰিব বুলি মন্তব্য কৰে।শিশু শ্ৰমিক গুচুৱাৰ ক্ষেত্ৰত থকা প্ৰধান বাধাসমূহ আৰু চৰকাৰ আৰু নাগৰিক সমাজৰ ভূমিকাৰ বিষয়েও তেওঁ কয়।সমাজৰ পৰা শিশু শ্ৰমিক গুচোৱাৰ বাবে পথৰ সন্ধান কৰাৰ বাবে সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত মাদুৰিয়ে জোৰ দিয়ে।প্ৰখ্যাত লেখক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া, আৰক্ষী অধীক্ষক গৌতম বৰা, জিলা আইনী সাহায্য কৰ্তৃপক্ষৰ সচিব ইমদাদ হুছেইন, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ চাইল্ডলাইনৰ সঞ্চালক ডঃ চিৰঞ্জীৱ কাকতী আৰু সহকাৰী শ্ৰম আয়ুক্ত কেনপাই দাসো সভাখনত উপস্থিত আছিল।শ্ৰম, আৰক্ষী, সমাজ কল্যাণ, বেচৰকাৰী সংস্থা, ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজে সভাখনত ভাগ লয় আৰু বিভিন্ন শিশু শ্ৰমিক নিষিদ্ধকৰণ আৰু নিয়ামক আইনৰ প্ৰয়োগ আৰু বৰ্তমানো সমাজত শিশু শ্ৰমিক থকাৰ কাৰণ সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰে।শিশু শ্ৰমিক বন্ধ কৰা বাবে বিশিষ্ট ডঃ নগেন শইকীয়াই সকলোকে আহ্বান জনায়
শিশু শ্ৰমিক বন্ধ কৰা বাবে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সজাগতা সভা; চাইল্ডলাইন আৰু ইউনিছে'ফ, অসমৰ সহযোগ
https://assam.nenow.in/%e0%a6%b6%e0%a6%bf%e0%a6%b6%e0%a7%81-%e0%a6%b6%e0%a7%8d%e0%a7%b0%e0%a6%ae%e0%a6%bf%e0%a6%95-%e0%a6%ac%e0%a6%a8%e0%a7%8d%e0%a6%a7-%e0%a6%95%e0%a7%b0%e0%a6%be-%e0%a6%ac%e0%a6%be%e0%a6%ac%e0%a7%87/
29546
াহাৰীয়া জিলা কাৰ্বি আংলংৰ সদৰ ডিফুত আজি তিনি ভূৱা স্বয়ম্ভূ ইউপিএলএ সদস্যক ডিফু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ ডিফুৰ এগৰাকীক ব্যৱসায়িক ধন দাবী কৰি হত্যাৰ ভাবুকি প্ৰদান কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় তিনি যুৱকক৷ মঙলবাৰে নিশা ডিফু নগৰৰ আৰক্ষীয়ে আৰক্ষী বিষয়া চিৰাজ ইংতি আৰু সহকাৰী উপ-পৰিদৰ্শক আবুল ফাৰুকৰ নেতৃত্বত এটি দলে অভিযান চলাই ডিফুৰ হৰিলাল বস্তিৰ পৰা অমৰ চিং ৰংহাঙ (২৭), মাটিপুঙৰ পৰা হৰেণ চিং চিংনাৰ (২২) আৰু চেৰলং এহৰ পৰা পাহাৰ চিঙ ইংতিক আটক কৰিবলৈ সক্ষম হয়৷ ব্যৱসায়ী প্ৰীতম দাগাক ২৫ জুনত দুটাকৈ মবাইল নম্বৰৰ পৰা ফোন কৰি ৫০ লাখ টকা দাবী কৰে৷ ডিফুৰ মহেশ্বৰী হ'ম পাইপ ইণ্ডাষ্ট্ৰীজৰ স্বত্তাধীকাৰী প্ৰীতম দাগাক তেওৰ পৰিচালক অমিত কুমাৰৰ মবাইলত ফোন কৰি ৫০ লাখ টকা দাবী কৰে৷ দাবী কৰা ধন নিদিলে অপহৰণ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিছিল দলটোৱে৷ বিভিন্ন সময়ত একাংশ দুৰ্বৃত্তই ৰাইজক ধনদাবীৰে ভীতি গ্ৰস্থ কৰি অহাৰ সময়তে আৰক্ষীৰ এনে সফলতাক ৰাইজে প্ৰশংসা কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
সহজে ধন ঘটাৰ ফান্দ পাতি ৰঙা ঘৰৰ আলহী হ'ল তিনি যুৱক
https://www.newsnextone.com/3-youth-arrested-diphu/#comments
29547
উৰিয়ামঘাটঃ নগা দুৰ্বৃত্তই অসমীয়াৰ গৃহ জ্বলাই দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ চুঙাজানত৷ বুধবাৰে নিশা অসমীয়াৰ ঘৰত অগ্নি সংযোগ কৰে নগা দুৰ্বৃত্তই৷ এই কাণ্ড সংঘটিত কৰিছে চুঙাজানৰ ৰংপুৰ গাঁৱত৷ নগা দুৰ্বৃত্তই দলে বলে আহি জীৱন বৰা নামৰ এজন লোকৰ ঘৰ জ্বলাই দিয়াত আতংকিত হৈ পৰিছে সীমান্তৰ চুঙাজানবাসী।শাসকীয় বিজেপি দলে অসম নগালেণ্ড সীমান্তৰ সীমা সমস্যা সমাধানত গুৰুত্ব প্ৰদান নকৰাৰ অাৰু অসমীয়াক নিৰাপত্তা দিব নোৱাৰা অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এই কাণ্ড সংঘটিত কৰে নগাই৷ আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতে সোণোৱাল চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাইজে৷ বৃহস্পতিবাৰ নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত লোৱাৰ হ'ব বুলি কয় ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাই।ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অাৰু চুতিয়া ছাত্ৰ সন্থাই।স্থানীয় ৰাইজে নগাই বিভিন্ন ভাবুকি দি গাঁওখনৰ পৰা গৰু-ছাগলীকে ধৰি বিভিন্ন পোহনীয়া জীৱ জন্তু ধৰি নিয়ে বুলি অভিযোগ উত্থাপন কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
অসমীয়াৰ ঘৰত নগাৰ অগ্নি সংযোগ, অসম-নগালেণ্ড সীমান্তৰ চুঙাজানত উত্তেজনা
https://www.newsnextone.com/naga-burn-assamese-home
29548
জাজৰিঃ সদ্য গঠিত সোনাইপৰীয়া শাখা কবি সন্মিলনৰ ব্যৱস্থাপনাত ২৪ ছেপ্টম্বৰত শাখাৰ অন্তৰ্গত চমুৱাগাঁও চাৰিআলিত "সোনাইপৰীয়া কাব্যকণ্ঠ" নামেৰে স্ব-ৰচিত কবিতা পাঠ অনুষ্ঠানৰ আয়োজন কৰিছে।কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত স্বচ্চতা কাৰ্যসূচী, ৯ বজাত পতাকা উত্তোলন, ৯-৩০ বজাত পথাৰ কবি ৰাম গগৈ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, ক্ষুদ্ৰ গ্ৰন্থমেলা দ্বাৰ উন্মোচন, বৃক্ষ ৰোপনৰ পাছত সোনাইপৰীয়া কবি সন্মিলনৰ স্থায়ী কাৰ্যালয়ৰ দ্বাৰ উন্মোচন হ'ব।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান।এই অনুষ্ঠানলৈ সোনাইপৰীয়া সকলো কাব্যচিন্তক, নবীন লেখক-লেখিকা, শুভচিন্তক সকলোকে অংশগ্ৰহণ আৰু উপস্থিতি কামনা কৰিছে সোনাইপৰীয়া শাখা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক জয়ন্ত মুদৈয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
সোনাইপৰীয়া কাব্যকণ্ঠ অনুষ্ঠানৰ আয়োজন
https://www.newsnextone.com/poetry-event-in-sonaiporiya/#comments
29549
ফাইল ফটো গুৱাহাটীঃ চিকিৎসকৰ হেমাহিৰ বাবে নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত এগৰাকী লোকৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত৷ দেওবাৰে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰবেশ কৰি এটি নাহৰফুটুকীয়ে মহানগৰীৰ ধীৰেনপাৰাত কেইবাগৰাকী লোকক আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে৷ ইয়াৰে আনোৱাৰ হুছেইন নামৰ লোকজনৰ বৃহস্পতিবাৰে মৃত্যু হয়৷ নাহৰফুটুকীয়ে আক্ৰমণ কৰাৰ পিছতে আনোৱাৰ হুছেইনৰ লগতে আটাই কেইগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰিছিল যদিও সামন্য চিকিৎসা কৰিয়েই যাব দিছিল আটাইকেইজনক৷ কিন্তু আনোৱাৰ হুছেইন নামৰ লোকজনৰ দেহৰ ৰক্তক্ষৰণ হোৱাৰ লগতে বেয়াকৈ আঘাত পাইছিল৷ আনোৱাৰৰ পৰিয়ালে চিকিৎসা মহাবিদ্যালয়ৰ গাফিলতিৰ ববাে আনোৱাৰৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে৷ যোৱা দেওবাৰে নাহৰফুটুকী জনবসতি এলেকাত বিচৰণ কৰাৰ লগতে ৫ গৰাকী লোকক আক্ৰমণ কৰিছিল৷ তাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে৷ ততাতৈয়াকৈ একাংশ লোকে বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত লোকসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে৷ চাৰিগৰাকী লোকক আক্ৰমণ কৰাৰ পিছতে একাংশ লোকে হাতে হাতে টাঙোন লৈ বাঘটোক খেদি আহে৷ তাৰ পিছতে বাঘটোৱে ধীৰেণপাৰাৰ বিষ্ণুৰাভা পথত বিচৰণ কৰে৷ কিছু সময় পিছত বহু লোক সমবেত হয়৷ নাহৰফুটুকীটোৱে সুবিধা বুজি ধীৰেণপাৰাৰ বিষ্ণুৰাভা পথৰ দাতিৰ এখন বিদ্যালয়ত প্ৰবেশ কৰে বাঘটোৱে৷ বাঘটোৱে বিদ্যালয়ত প্ৰবেশ কৰাৰ পিছতে এগৰাকী লোকে মৰসাহ কৰি বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিয়ে৷ ফলত এটি শ্ৰেণী কোঠাত নাহৰফুটুকীটো আবদ্ধ হৈ পৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
চিকিৎসকৰ হেমাহিৰ অভিযোগ, নাহৰফুটুকীৰ আক্ৰমণত আহত আনোৱাৰৰ মৃত্যু
https://www.newsnextone.com/dhiren-para-one-died-attack-tiger
29550
ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘেগেৰ আলগাত ৬ বছৰীয়া কিশোৰীৰ সলিল সমাধি হোৱাত অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰে।প্ৰাপ্ত বাতৰি মতে, বুধবাৰে বিয়লি প্ৰায় ৪ মান বজাত ঘেগেৰ আলগা ১ম খণ্ড গাঁৱত হেলিকপ্তাৰেৰে চৰকাৰে বিতৰণ কৰি থকা বিস্কুট ল'বলৈ উক্ত গাঁৱৰ মিজানুৰ ৰহমানৰ কন্যা তথা ২য় শ্ৰেণীৰ ছাত্ৰী খাদিজা খাতুনে (৬) খৰখেদাকৈ যায়।বিস্কুট ল'বলৈ যোৱাৰ পথত বানৰ পানীত ডুবি মৃত্যুক সাৱটি লয় খাদিজাই।পিছত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।স্থানীয় ৰাইজে দৰিদ্ৰ পৰিয়ালটোক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
গৌৰীপুৰত চৰকাৰী বিস্কুট আনিবলৈ গৈ শিশুৰ মৃত্যু
https://www.newsnextone.com/gauripur-one-died-little-girl-flood/#comments
29551
জ এ.এছ.এন. প্ৰতিনিধি / 2019 বাহাৰঘাটৰ পৰা নৰেণ শৰ্মাৰ প্রতিবেদন : কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখন সোমবাৰে মহাবিদ্যালয় প্ৰাংগনত দিনজোৰা কাৰ্য্যসূচীৰে অনুস্থিত হৈ যায়৷তদুপলক্ষে আবেলি ডেৰ বজাত ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তপন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুস্থিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি নলবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক শচীন্দ্ৰ কুমাৰ কলিতাই ৰামায়ণ মহাভাৰতৰ লগতে বিভিন্ন ধৰ্মগ্ৰন্থৰ কাহিনীৰ উল্লেখ কৰি কয় যে জীৱনত সংগ্ৰাম অবিহনে উন্নতি কৰাটো টান৷ছাত্ৰছাত্ৰী সকলেও নিজক প্ৰতিষ্ঠা কৰিবলৈ গভীৰ অধ্যয়ন আৰু শ্ৰম কৰিব লাগিব৷সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড°প্ৰভাত চন্দ্ৰ কলিতা,অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড°পাচান আলী,সাংবাদিক নৰেন শৰ্মাকে ধৰি অধ্যাপক অধ্যাপিকা সকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ সাংসদৰ সাধাৰণ সম্পাদক জয়ন্ত লহকৰে,আতধৰে ছাত্ৰ সাংসদৰ সভাপতি ইমামুদ্দিন আহমেদে৷মহাবিদ্যালয়খনৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ড°ৰাতুল শৰ্মাৰ ৰচিত আৰম্ভণি গীতৰে আৰম্ভ কৰা সভাখনৰ অন্তত সাংস্কৃতিক অনুস্থান উদ্বোধন কৰে আৰৱী বিভাগৰ মুৰব্বী অধ্যাপক মৌলনা খাইৰুজ জামানে৷অনুস্থানত জনপ্ৰিয় শিল্পী মুকুট ডেকা,ভায়োলিনা কাশ্যপ আৰু চুমিয়াৰা বেগমে গীত মাত পৰিবেশন কৰে৷ইয়াৰ আগতে পূৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন,ছাত্ৰ সাংসদৰ পতাকা উত্তোলন,শ্বহীদ তৰ্পণ,বৃক্ষ ৰোপন,মুকলি চৰা আদি কাৰ্য্যসূচী সম্পন্ন কৰে৷
পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন
https://www.newsasn.com/node/9364
29552
ডিজিটেল ডেস্কঃ দুয়োজন মানুহে মুখামুখি হ'ব৷ সেয়া আজি সমগ্ৰ বিশ্বৰ বাবে খবৰ৷ দুয়োজন মানুহে যে মুখামুখি হ'ব সেয়া সঁচা৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে মুখামুখি হ'ব৷ আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই কথা খোদ টুইট কৰি প্ৰকাশ কৰে৷ টুইট কৰি খোদ দিন ঘোষণা কৰিলে৷ অহা জুনত সাক্ষাৎ কৰিব বুলি প্ৰকাশ কৰি ট্ৰাম্পে কয় "অহা ১২ জুনত, চিংগাপুৰত কিম-জং উন সৈতে মোৰ অত্যন্ত প্ৰত্যাশিত বৈঠক অনুষ্ঠিত হ'ব৷ বিশ্বৰ শান্তি বাবে দুয়োজনে চেষ্টা কৰিম৷ এই বিশেষ মুহূৰ্ত স্মৰণীয় হৈ ৰব৷" দুয়োদেশৰ মাজত প্ৰায় এটা বছৰ পৰমাণু পৰীক্ষণক লৈ উত্তেজনাৰ লগতে বাকযুদ্ধ হৈ আছে৷ সমগ্ৰ বিশ্বই দুয়োদেশৰ মাজত যুদ্ধ হ'ব বুলি আশংকা পৰ্যন্ত কৰিছিল৷ আমেৰিকাৰ বাধা সত্বেও উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জিঙে পৰমাণু পৰীক্ষণ কৰি গৈছে৷ আশংকা কৰা মতে, দুয়ো দেশৰ মুৰব্বীৰ মাজত পৰমাণু পৰীক্ষা সম্পৰ্কত আলোচনা হ'ব পাৰে৷ উত্তৰ কোৰিয়াই তিনি মাৰ্কিন গুপ্তচৰ বন্দীক বুধবাৰে মুকলি কিৰ দিয়ে৷ তাৰ পাছতে বৰফ গলে ট্ৰাম্প আৰু কিমৰ মাজত আৰু টুইট কৰি অৱগত কৰে৷ ডনাল্ড ট্ৰাম্পক হুংকাৰৰ পিছত হুংকাৰ দি আহিছিল কিম জং উনে।ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ সফল উৎক্ষেপণ কৰি আমেৰিকাক উদ্দেশ্যি হুংকাৰ প্ৰদান কৰি আহিছিল উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উত্তৰ কোৰিয়াক লক্ষ্য কৰি যুদ্ধ কৰিম বুলিও কৈছিল৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দুজন নেতা মুখামুখি হ'ব
https://www.newsnextone.com/trump-tweet
29553
৩০ জুনলৈকে অপেক্ষা কৰক অসমৰ ৰাইজে।ৰাজ্য চৰকাৰে জনতাৰ বিৰুদ্ধে কোনো সিদ্ধান্ত নলয়।বিদেশীৰ ক্ষেত্ৰত আমাৰ স্থিতি একেই থাকিব'। - এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি বিজেপি মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰাত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় মুখ্যমন্ত্ৰী সোণোৱালে।তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত কয় - 'আমি কোনো কথাতে লুকাভাকু নেখেলো।নাগৰিকত্ব সংশোধনী বিধেয়কক লৈও লুকাভাকু খেলা নাই।জনতাক অন্ধকাৰত ৰাখি আমি কোনো কাম নকৰো।প্ৰজাৰ কথা আমি মানিবই লাগিব।ৰাইজৰ কথা আমি উলাই কৰা নাই।ৰাইজক বাদ দি আমি একো নহয়।চৰকাৰখন ৰাইজৰ বাবেই আছে।চৰকাৰৰ ওপৰত আস্থা হেৰুৱাব নালাগে ৰাইজে।ৰাইজৰ মনৰ কথা আমিয়ে বুটলিব লাগিব।ৰাইজৰ বাবেই আমি শাসনৰ গাদীত বহিছো।ৰাইজৰ আশা- আকাংক্ষা পূৰণৰ বাবে এইখন চৰকাৰ দায়বদ্ধ।নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত দল-সংগঠনৰ লগতো আমি আলোচনাত বহিম।আনহাতে ভাৰত-বাংলা সীমান্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি সোণোৱালে কয় - 'ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব ভাৰত-বাংলা সীমান্ত ছীলৰ কাম।সম্প্ৰতি সীমান্ত ছীলৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়িছে।মই মুখ্যমন্ত্ৰী হিচাপে নিজেই তিনিবাৰ সীমান্ত পৰিদৰ্শন কৰিছো।একেখন সংবাদমেলতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম তথা উত্তৰ- পূবক এক্ট ইষ্ট পলিচীৰে গুৰুত্ব দিছে কেন্দ্ৰই।কংগ্ৰেছে আন্ধাৰত ৰখা অসমক পোহৰাই তুলিছে প্ৰধানমন্ত্ৰী মোদীয়ে।বিদেশীমুক্ত অসমৰ বাবে এনআৰচিৰ কাম চলি আছে।এনআৰচিৰ প্ৰথম খচৰা ইতিমধ্যে প্ৰকাশ পাইছে।এনআৰচি সম্পূৰ্ণ হ'লে এয়া হ'ব আমাৰ ডাঙৰ সফলতা।সেয়েহে ৩০ জুনলৈকে এনআৰচিৰ প্ৰক্ৰিয়াত সকলোকে সহযোগিতাৰ আহ্বান জনাইছো।সংবাদমেলত মুখ্যমন্ত্ৰী সোণোৱালে গঁড হত্যা ৰোধ, বেদখল উচ্ছেদ আদি সন্দৰ্ভতো মন্তব্য আগবঢ়ায়।তেওঁ লগতে স্বাস্থ্য, শিক্ষা, আইন আদি ক্ষেত্ৰত মিত্ৰজোঁট চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে।আনহাতে দুৰ্নীতিবিৰোধী অভিযানৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে এই সন্দৰ্ভত এক খতিয়ান দাঙি ধৰে।তেওঁ লগতে বিভিন্ন বিভাগত বৃদ্ধি পোৱা ৰাজহ সংগ্ৰহৰ পৰিসংখ্যাও উল্লেখ কৰে।খানাপাৰাত অনুষ্ঠিত সংবাদমেলখনত বিজেপি মিত্ৰজোঁটৰ অন্যতম দল অগপৰ সভাপতি অতুল বৰা, বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীসহ অন্যান্য নেতা- কৰ্মীসকল উপস্থিত আছিল
চৰকাৰে ৰাইজৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে: দ্বিতীয় বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰী সোণোৱাল
https://assam.nenow.in/%e0%a6%9a%e0%a7%b0%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a7%87-%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%9c%e0%a7%b0-%e0%a6%ac%e0%a6%bf%e0%a7%b0%e0%a7%81%e0%a6%a6%e0%a7%8d%e0%a6%a7%e0%a7%87-%e0%a6%95%e0%a7%8b/
29554
অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শনিবাৰে সন্ধিয়া গোলাঘাটত জিলাখনৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লৈ আইন বলৱৎকাৰী সংস্থাসমূহক আন্ত:ৰাজ্যিক সীমান্ত সমস্যাকলৈ উদ্ভৱ হোৱা পৰিস্থিতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে।ৰাজভৱনৰ পৰা প্ৰকাশিত এক প্ৰেছ বিবৃতিত এই কথা কোৱা হৈছে।গোলাঘাট আৱৰ্ত ভৱনৰ বৈঠক গৃহত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা বৈঠকত অধ্যাপক মুখীয়ে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ এশিঙিয়া গঁড়ৰ বাবে অসম গোটেই বিশ্বতে পৰিচিত হৈ পৰিছে।চোৰাং চিকাৰীৰ দ্বাৰা নিৰ্মমভাৱে গঁড় হত্যা কেৱল প্ৰাণী বিধৰ প্ৰতি আক্ৰমণেই নহয় লগতে ই ৰাজ্যখনৰ গৌৰৱৰ প্ৰতিও এক আক্ৰমণ,"-ৰাজ্যপালগৰাকীয়ে কয়।তেওঁ লগতে কয় যে যদিওৱা কেইমাহমানৰ পৰা গঁড় চিকাৰ দ্ৰুতভাৱে হ্ৰাস পাইছে, সুৰক্ষা সংস্থাসমূহে গঁড়ৰ ক্ষতি কৰিব পৰা যিকোনো প্ৰচেষ্টা প্ৰতিৰোধ কৰিবলৈ তৎপৰ হৈ থাকিব লাগিব।ৰাজ্যপাল মুখীয়ে গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ক নাগালেণ্ডৰ সীমান্ত জিলাখনৰ সীমান্ত অঞ্চলত সম্পূৰ্ণ শান্তি-শৃংখলা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।ৰাজ্যপালগৰাকীয়ে লগতে স্বাস্থ্য আৰু পৰিচ্ছন্নতা, খোৱা পানী, শিক্ষা, পথ আৰু যোগাযোগ, কৃষিকে আদি কৰি আন বিষয়সমূহৰো পৰ্যালোচনা কৰে।তেওঁ লগতে জিলাখনৰ কৃষকসকলৰ বৰ্তমান কৃষি কাৰ্যৰ বুজ লৈ তেওঁলোকৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে নিশ্চিত ব্যৱস্থা ল'বলৈ উপায়ুক্ত গৌৰৱ বোথ্ৰাক নিৰ্দেশ দিয়ে।তেওঁ জিলা কৃষি কাৰ্যালয়ক খাৰিফ শস্যৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে যাতে কৃষকৰ আয় বৃদ্ধি পোৱাটো নিশ্চিত হয়।অধ্যাপক মুখীয়ে জিলা প্ৰশাসনৰ কৰ্তৃপক্ষক উৎপাদিত কৃষি সামগ্ৰীসমূহ যাতে গ্ৰাহকৰ হাতত সঠিকভাৱে পৰে তাৰ বাবে শীতল পণ্যাগাৰ তথা সঠিক পৰিবহনৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিয়ে।বৈঠকত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষণ কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহে এক কৌশলগত স্থান অধিকাৰ কৰি আছে আৰু অঞ্চলটোৰ বিকাশে দেশখনৰ বিকাশত অৰিহনা যোগাব
চোৰাং চিকাৰ ৰোধত কঠোৰ হ'বলৈ সংশ্লিষ্ট সংস্থাসমূহক আহ্বান ৰাজ্যপালৰ
https://assam.nenow.in/%e0%a6%9a%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%82-%e0%a6%9a%e0%a6%bf%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a7%b0-%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%87%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a6%a4-%e0%a6%b6/
29555
শিৱসাগৰঃ ঐতিহাসিক তলাতলঘৰ প্ৰাংগনত আজি অসম সন্মিলিত মহাসংঘই দশম প্ৰতিষ্ঠা দিৱস পালন কৰে।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম দেশ আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ কল্যাণৰ বাবে বিশেষ প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয়।প্ৰাৰ্থনা সভাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট তাই পণ্ডিত বিমল বৰপাত্ৰ গোহাঁইৰ লগতে সহায়ক ৰূপে উপস্থিত থাকে ঘনশ্যাম ফুকন আৰু মনিপুৰী পুৰোহিত জগত সিংহ।এই প্ৰাৰ্থনা সভাত খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ কল্যাণৰ লগতে জাতীয় পুৰোধা ব্যক্তিৰ পৱিত্র স্মৃতিত প্ৰাৰ্থনা জনোৱা হয়।প্ৰতিষ্ঠা দিৱসত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান, মণিপুৰী সাহিত্য পৰিষদৰ কিৰণ সিংহ, সিংহদুৱাৰ মনিপুৰী মহিলা সংঘৰ শকুন্তলা দেৱী, শেৱালী দেৱী, শিৱসাগৰ ডয় পাটকাই সমাজৰ শিৰোমণি সন্দিকৈ, ৰূপজ্যোতি চাংমাই, নিৰঞ্জন গগৈ, পলাশজ্যোতি গগৈকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মহাসংঘৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
তলাতল ঘৰ প্ৰাংগণত মহাসংঘৰ দশম প্ৰতিষ্ঠা দিৱস
https://www.newsnextone.com/assam-mahasangha-foundation-day
29556
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ২০১৯-২০ বর্ষৰ আন্তঃকলেজ পুৰুষ-মহিলাৰ টেবুল টেনিছ প্রতিযোগিতা যোৱা ১৪-১৫ ছেপ্টেম্বৰত দুলীয়াজান কলেজ প্রেক্ষাগৃহত সফলভাৱে অনুষ্ঠিত হৈ যায়৷ বিশ্ববিদ্যালয়ৰ অন্তর্গত ১১খন কলেজৰ মুঠ ৩৭গৰাকী পেডলাৰে অংশগ্রহণ কৰা এই প্রতিযোগিতা ১৪ ছেপ্টেম্বৰত মুকলি কৰে অসম টেবুল টেনিছ সন্থাৰ যুটীয়া সম্পাদক কুকিল দত্তই৷ ইয়াৰ পূর্বে দুলীয়াজান কলেজৰ অধ্যক্ষ ড০ লোক বিকাশ গগৈয়ে আদৰণী ভাষণ পাঠ কৰে৷ উপৰিউক্ত ব্যক্তিদ্বয়ৰ লগতে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা কলেজ পৰিচালনা সমিতিৰ সভাপতি পুলিন দিহিঙীয়াকে মুখ্য কৰি প্রাক্তন ৰাজ্যিক পেডলাৰ দীপাঞ্জলি ভূঞা, কৌশিক ফুকন, পিংকু ৰাজখোৱা, বিজিত চক্রৱর্তী, সঞ্জয় সিং আৰু প্রশান্ত ডেকাক আয়োজক সমিতিৰ তৰফৰ পৰা আদৰণি আৰু সম্বর্ধনা জনায়৷ অনুষ্ঠানত দুলীয়াজান কলেজৰ ছাত্রীসকলে পৰিৱেশন কৰা সমবেত সংগীতে সকলোকে আপ্লুত কৰে৷ আনহাতে ১৫ ছেপ্টেম্বৰৰ প্রতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বঁটাসমূহ প্রদান কৰে উপৰিউক্ত ব্যক্তিসকলৰ লগতে দুলীয়াজান কলেজৰ প্রাক্তন অধ্যক্ষ জ্যোতিপ্রসাদ চেতিয়া, বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্রীড়া অধ্যয়ন কেন্দ্রৰ সহকাৰী অধ্যাপক সত্য চাংমাই, অৱসৰপ্রাপ্ত বিষয়া বাবুল গগৈ, ক্রীড়া পৰিষদৰ বিপুল চুতীয়া প্রমুখ্যে দুলীয়াজান কলেজৰ টেবুল টেনিছ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াই৷ প্রতিযোগিতাৰ ফলসমূহ এনেধৰণৰ ঃ পুৰুষৰ দলীয় শাখাত গোলাঘাট ডি আৰ কলেজ চেম্পিয়ন আৰু বিশ্ববিদালয়ৰ স্নাতকোত্তৰ মহলৰ ৰানার্ছ আপ হয়৷ যোৰহাট জে বি কলেজে তৃতীয় স্থান লাভ কৰে৷ মহিলাৰ দলীয় শাখাত বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা চেম্পিয়ন হোৱাৰ বিপৰীতে ডিব্রুগড় হনুমান বক্স কানৈ কলেজ ৰানার্ছ আপ হয়৷ যোৰহাট জে বি কলেজে তৃতীয় স্থান লাভ কৰে৷ ইফালে পুৰুষৰ ছিংগলছত জে বি কলেজৰ নীলাভ কৃষ্ণ দত্ত চেম্পিয়ন আৰু ডি আৰ কলেজ, গোলাঘাটৰ নিবিড় কৌশিকে ৰানার্ছ আপ, ডি আৰ কলেজৰে মৃদুপৱন দত্তই তৃতীয় স্থান লাভ কৰে৷ মহিলাৰ ছিংগলছত কানৈ কলেজৰ মেঘনা ৰৌছেলে চেম্পিয়নৰ খিতাপ লাভ কৰাৰ বিপৰীতে স্নাতকোত্তৰ মহলৰ বৰষা সিংহাই ৰানার্ছ আপ খিতাপ লাভ কৰে৷ স্নাতকোত্তৰ মহলাৰে অংকিতা বৰপাত্র গোহঁায়ে তৃতীয় স্থান লাভ কৰে৷
নীলাভ, মেঘনা চেম্পিয়ন
https://janambhumi.in/VFhwUk1VNVVZejA9/%E0%A6%A8%E0%A7%80%E0%A6%B2%E0%A6%BE%E0%A6%AD,-%E0%A6%AE%E0%A7%87%E0%A6%98%E0%A6%A8%E0%A6%BE-%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A7%9F%E0%A6%A8.html
29557
চাবুৱাঃ এটি পথ৷ যোৱা ১৬ বছৰে মাটি এচপৰাও পৰা নাই পথটোত৷ কিন্তু যোৱা ০৭ জুলাইত অভিযন্তাই কথা দিলে ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ'ব পথটো।উজনি অসমৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হেজেল বেংক চাৰিআলি-বালিজান গড়কাপ্তানী পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ পথটো মেৰামতি কৰাৰ দাবীত যোৱা ০৭ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত নাদুৱা চাইডিংত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।সংগঠনটোৱে লাহোৱাল সমষ্টিৰ বিধায়ক হায় হায়, পথ নিৰ্মাণত ৰাজনীতি কৰা বন্ধ কৰক, হেজেল বেংকৰ পৰা থানাই সংযোগী গড়কাপ্তানী পথ মেৰামতি কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।প্ৰতিবাদীৰ ৰুদ্ৰৰূপ দেখি প্ৰতিবাদস্থলিত ততাতৈয়াকৈ চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াক লগতে গড়কাপ্তানী বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ লাহন উপস্থিত হয়৷ প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত হোৱাৰ লগে লগে আগতকৈয়ো অধিক জোৰেৰে শ্ল'গান দিবলৈ আৰম্ভ কৰে৷ কিছু সময় পাছত অভিযন্তা ৰাজীৱ লাহনে পথটোৰ গাত সমূহ ১০ দিনৰ ভিতৰত মেৰামতি কৰিব বুলি লিখিত পতিশ্ৰুতি দিয়াত হে প্ৰতিবাদকাৰীসকল ক্ষান্ত হয়৷ অভিযন্তা ৰাজীৱ লাহনে ১০ ভিতৰত পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও দুমাহ পাৰ হবৰ হ'ল যদিও পথটো আজিলৈ মেৰামতি ন'হল৷ ২ মাহ অতিক্ৰম কৰাৰ পিছতো পথটোত মাত্ৰ কেই গাড়ীমান শিল পেলাই গড়কাপ্তানী বিভাগে দায়িত্ব সামৰে৷ ৰাইজৰ দাবীক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু মটক যুৱ-ছাত্ৰ পৰিষদে।গড়কাপ্তানী বিভাগৰ অভিযন্তাগৰাকীয়ে ৰাইজক দিয়া লিখিত প্ৰতিশ্ৰুতি ৪৮ ঘন্টাৰ ভিতৰত পূৰণ কৰিবলৈ দাবী জনায়।অন্যথাই গড়কাপ্তানী বিভাগে ৰাইজক কৰা অপমাণৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে সংগঠন কেইটাই৷
১০ দিনৰ মেজিক, ডিব্ৰুগড়ত পথ নিৰ্মাণৰ নামত ৰাইজক প্ৰৱঞ্চনা
https://www.newsnextone.com/print/5831
29558
নতুন দিল্লীঃ চুবুৰীয়া দেশ বাংলাদেশৰ সৈতে ২২ টাকৈ চুক্তিত স্বাক্ষৰ কৰিছে ভাৰতে।ৰাজধানী চহৰ দিল্লীৰ হায়দৰাবাদ হাউচত হোৱা দ্বিপাক্ষিক আলোচনাত প্ৰথমবাৰৰ বাবে ভাগ লোৱা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু ভাৰতৰ নৰেন্দ্ৰ মোদীয়ে মুলতঃ সামৰিক, সুৰক্ষা আৰু অসামৰিক পাৰমাণৱিক দিশ সামৰি মুঠ ২২ টা চুক্তি সম্পন্ন কৰে৷ সামৰিক সা-সামগ্ৰী ক্ৰয় কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰখনক ভাৰতে ২৮ হাজাৰ কোটি ধাৰ দিয়াৰ কথা ঘোষণা কৰে৷ বাংলাদেশৰ উন্নতিৰ বাবে ভাৰতে পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব বুলি উল্লেখ কৰে মোডীয়ে৷ তদুপৰি সন্ত্ৰাসৰ বিৰুদ্ধে দুয়োখন দেশে একেলগে কাম কৰিব বুলি আশ্বাস দিয়ে মোডীয়ে৷ আনহাতে শ্বেইখ হাছিনাৰ সন্ত্ৰাসবাদ বিৰোধী নীতিকো উচ্চ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷ জুলাইৰ পৰাই কলকাতাৰপৰা সদায় বাংলাদেশলৈ যাত্ৰীবাহী ৰেলসেৱা আৰম্ভ কৰাৰ কথাও ঘোষণা কৰা হয়।শনিবাৰে শ্বেইখ হাছিনা উপস্থিত হয় দিল্লীত৷ আজিৰ এই চুক্তিৰ পিছতেই হাছিনাই ১৯৭১ৰ বাংলাদেশৰ স্বাধীনতাৰ ছহিদ ভাৰতীয় সৈনিৰসকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷ চাৰিদিনীয়া এই ভ্ৰমণ সুচীত শ্বেখ হাছিনাই সোমবাৰে দেশৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ লগত এক আলোচনাত মিলিত হ'ব৷ আনহাতে তিস্তা সম্পৰ্কীয় কোনো ধৰণৰ আলোচনা আজি সম্ভৱ নহ'ল৷ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিচত শ্বেখ হাছিনাৰ এইটো প্ৰথম ভাৰত ভ্ৰমণ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বাংলাদেশক মোদীয়ে দিব ২৮ হাজাৰ কোটি, মোদী-হাছিনাৰ ২২ টা চুক্তি
https://www.newsnextone.com/sheikh-hashina-narendra-modi-signs-22-agreements-at-delhi-teesta-agreement-still-pending/#comments
29559
নগাঁওঃ নগাঁও চহৰৰ খুটিকটীয়া ৰেডিঅ' চেন্টাৰৰ সমীপত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।হয়বৰগাঁও আৰক্ষী সুত্ৰে জানিব পৰা মতে, ৰেডিঅ' চেন্টাৰৰ সমীপত বাহৰ মূঢ়া উঠোৱা কামত নিয়োজিত এগৰাকী মহিলা শ্ৰমিকক কাম কৰি থকা অৱস্থাতে এজন লোকে নৃশংস ভাবে হত্যা কৰে।জীৱিকাৰ তাড়নাত পশ্চিম কাৱৈমাৰীৰ আবেদা খাতুন (৩৫) নামৰ মহিলা শ্ৰমিক গৰাকীয়ে বৰভেটিৰ আব্দুল মান্নান নামৰ লোকজনৰ অধীনত শ্ৰমিক হিচাপে কাম কৰিছিল।কালি কাম কৰি থকা অৱস্থাতে সন্ধিয়া দুয়োৰে মাজত মজুৰিৰ পৰিমানক কেন্দ্ৰ কৰি তৰ্ক- বিতৰ্কৰ সৃষ্টি হয়।বাক- বিতণ্ডা চলি থকাৰ মাজতে পাঁচ সন্তানৰ মাতৃ মহিলা গৰাকীক আব্দুলে কুঠাৰেৰে ঘপিয়াই নৃশংস ভাবে হত্যা কৰে।আনহাতে ঘটনা সংঘটিত কৰিয়েই আব্দুল মান্নানে পলায়ন কৰে।আৰক্ষীয়ে নগাঁও সদৰ থানাত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও পলাতক ঘাতক আব্দুল মন্নানক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই
নগাঁৱত নৃশংস হত্যাকাণ্ডঃ কুঠাৰেৰে ঘপিয়াই মহিলা শ্ৰমিকক হত্যা
https://assamtimespost.com/?p=11836
29560
তেজপুৰঃ ১৯৬০ চনত তেজপুৰৰ ডিপোটা বামুন চুবুৰিৰ কেইজনমান লোকৰ প্ৰচেষ্টা জন্ম হোৱা নৱজ্যোতি যুৱক সংঘ পুথিভঁৰাল বতমান ৫২ বছৰত ভৰি দিলে।৫ বহাগৰ দিনা আৰাম্ভ কৰা পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱদৰ শুকুৰবাৰে পতাকা উত্তোলনৰে আৰম্ভ কৰা হয় ৰুহিত শইকীয়াৰদ্বাৰা।স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে সমাজ কৰ্মী সুনিল শইকীয়াই।আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অঞ্চলটোৰ বিশিষ্ট লোকসকলৰ লগতে বয়োজ্যেষ্ঠ লোকসকলে অংশগ্ৰহণ কৰি নৱজ্যোতি যুৱক সংঘৰ বিষয়ে আলোচনা কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
তেজপুৰৰ ডিপোটা বামুন চুবুৰিত নৱজ্যোতি সংঘ, পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱস
https://www.newsnextone.com/tezpur-foundation-day-19-4/#comments
29561
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী পহৰা চকীৰ এটি দলে বৃহস্পতিবাৰে নিশা ডিমৌ-বৰঘাট সংযোগী ফ'ৰলেন বাইপাছত কেইবা লক্ষাধিক টকাৰ চুৰি ৰ'ড জব্দ কৰাৰ লগতে এই চুৰিকাৰ্যৰ লগত জড়িত পাঁচজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, চুৰেন্দৰ সিং নামৰ ব্যৱসায়ীজনৰ বেবেজীয়াৰ সমীপত নিৰ্মীয়মান অৱস্থাত থকা ব্যবসায়ীক প্ৰতিস্থান এটাত ব্যবহাৰৰ বাবে মজুত কৰি ৰখা এই ৰ'ডখিনি প্ৰতিষ্ঠানটোত কাম কৰা মিস্ত্ৰী আব্দুল বাৰিক, ইছমাইল হুছেইন আৰু খাইৰুল ইছলামৰ সহযোগত এটা চোৰৰ দলে কৌশলেৰে চুৰি কৰি এ এছ-০২-বি চি ৯৪৩৯ নম্বৰৰ মেজিক ভানখনেৰে কঢ়িয়াই আনি থকা অৱস্থাত বেবেজীয়া আৰক্ষীয়ে জব্দ কৰে৷ চুৰিচক্ৰটোৰ চাৰিটা চোৰ আৰক্ষীৰ চকুত ধূলি দি পলাই সাৰিবলৈ সক্ষম হয় যদিও ব্যৱসায়িক প্ৰতিষ্ঠানটোত কৰ্মৰত মিস্ত্ৰি তিনিটাৰ লগতে গাড়ীখনৰ চালক জলিল আহমেদ আৰু হেণ্ডিমেন ৰকিবুল হুছেইনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা লোককেইজনক অধিক তথ্যৰ বাবে সোধাপোছা কৰি চুৰি চক্ৰটোৰ আন কেইটা সদস্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, নিৰ্মিয়মান ব্যৱসায়িক প্ৰতিস্থানটোৰ স্বত্বাধিকাৰী চুৰেন্দৰ সিং নগাঁও জিলাৰ প্ৰাক্তন উপায়ুক্ত এ ছি এছ বিষয়া ছমচেৰ সিঙৰ ভাতৃ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বেবেজীয়াত কেইবা লক্ষাধিক টকাৰ চুৰি ৰ'ডসহ আটক পাঁচ ব্যক্তি
https://www.newsnextone.com/nagaon-rod-arrested-five-people/#comments
29562
কৰে৷ জানিব পৰা মতে, এখন জিপছীত উঠি আহি থকা অৱস্থাত হকী ষ্টেডিয়ামৰ সমীপত বাইকত অহা দুজন দুৰ্বত্তই নিচেই ওচৰৰ পৰা গুলীচলনা কৰে৷ গুলীৰ চালনাৰ ফলত পাখি উঠি অহা গাড়ী খন ৰৈ দিয়ে যদিও বাইকত অহা দুৰ্বত্তই পলায়ণ কৰে৷ হত্যা চেষ্টাৰ কৰি গুলী চালনা কৰিছিল যদিও হাতত গুলী লাগি কথমপি প্ৰাণৰক্ষা পৰে পাখিৰ৷ উক্ত সময়ত পাখিৰ সৈতে আব্দুল গণি চৌধুৰী নামৰ লোক এজন আছিল যদিও তেওৰ দেহত গুলী লগা নাই বুলি জানিব পৰা গৈছে৷ আনহাতে পাখি মিঞাৰ গাড়ী পিছে পিছে অহা আন এখন গাড়ীতো গুলী লাগে৷ পাখিক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
পাখি মিঞাক গুলীয়াই হত্যাৰ চেষ্টা
https://www.newsnextone.com/pakhi-shoot
29563
ওদালগুৰিঃ বুধবাৰে ওদালগুৰিত আয়কৰ বিভাগে এগৰাকী জলসিঞ্চন বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ ঘৰত অতৰ্কিতে অভিযান চলায়।ওদালগুৰিৰ বিশিষ্ট ব্যৱসায় তথা জলসিঞ্চন বিভাগৰ বহু কোটি টকীয়া আচনিৰ কাম কৰি থকা অশোক বাজাজৰ ওদালগুৰিস্থিত বাসগৃহত অভিযান চলাই আয়কৰ বিভাগে।দিনৰ ১১ বজাৰ পৰা বাতৰি লিখা পৰলৈ চলি থকা এই অভিযানত কি নথি উদ্ধাৰ হৈছে সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই।উল্লেখ্য যে, অভিযানকালত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।কৰ্তব্যৰত আৰক্ষীয়ে আয়কৰ বিভাগে অভিযান চলোৱা বুলি স্পষ্ট কৰে।কিন্তু কি কাৰণত এনে অতৰ্কিতে অভিযান চলোৱা হৈছে সেয়া কোনো পক্ষই স্পষ্ট কৰা নাই যদিও অভিযানত ব্যৱহৃত নম্বৰ বাহনখনত ভাৰত চৰকাৰ বুলি লিখা থকাত কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগে অভিযান চলোৱা বুলি সন্দেহ কৰা হৈছে।এগৰাকী কেবিনেট মন্ত্ৰীৰ অতি ঘনিষ্ঠ ঠিকাদাৰৰ ঘৰত কিয় এনে অভিযান চলাইছে তাকে লৈ ওদালগুৰিত ব্যাপক চৰ্চাৰ আৰম্ভ হৈছে।আয় বহিৰ্ভূক্ত ধনৰ বাবেই নে অন্য কাৰণত এয়া অভিযান চলিছে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ওদালগুৰিত জলসিঞ্চন বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ ঘৰত আয়কৰ বিভাগৰ অভিযান
https://www.newsnextone.com/udalguri-cid-/#comments
29564
ডিজিটেল ডেস্কঃ কিউবাৰ জনপ্ৰিয় বিপ্লৱী নেতা তথা জননায়ক ফিডেল কাষ্ট্ৰোৰ বৰ পুত্ৰ ফিডোল কাষ্ট্ৰো ডায়েজ বালাৰ্তই আত্মহত্যা কৰে৷ জানিব পৰা মতে, দীৰ্ঘ সময়ৰ পৰা হতাশাত ভূগি চিকিৎসা গ্ৰহণ কৰি আছিল বৰ পুত্ৰই৷ কিউবাৰ এটি ৱেব মিডিয়াই এই খবৰ প্ৰকাশ কৰিছে৷ প্ৰৱল হতাশাত ভূগি অৱশেষত আত্মহত্যা কৰা বুলি কয় ৱেব মিডিয়াই৷ ৬৮ বছৰীয়া বালাৰ্ত দেখাত পিতৃৰ দৰেই আছিল৷ যাৰ বাবে মানুহে তেওক 'ফিদলতো' বুলি মাতিছিল বুলি জানিব পৰা যায়৷ হতাশাজনিত ৰোগত আক্ৰান্ত বালাৰ্তক কেইদিনমান চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰিছিল যদিও অৱশেষত নিজ ঘৰতে চিকিৎসা কৰি আছিল৷ কিন্তু বৃহস্পতিবাৰে পুৱা পত্নীয়ে তেওঁৰ হাভানাৰ গৃহত মৃতদেহ উদ্ধাৰ কৰে৷ বালাৰ্তা আছিল এগৰাকী নিউক্লিয়াৰ ফিজিচিষ্ট৷ ছোভিয়েট ইউনিয়নত তেও পঢ়া-শনা কৰিছিল৷ কিউবাৰ কাউন্সিল অৱ ষ্টেট বৈজ্ঞানিকৰ পৰামৰ্শ দাতা আছিল৷ ২০১৬ চনৰ ২৬ নৱেম্বৰত ৯০ বছৰ বয়সত পিতৃ ফিডোল কাষ্ট্ৰোৰ মৃত্যু হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বিপ্লৱী নেতা-জননায়ক ফিডেল কাষ্ট্ৰোৰ পুত্ৰৰ আত্মহত্যা
https://www.newsnextone.com/fidel-castro-son-sucide
29565
কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা বিভিন্ন খেলিমেলিৰে অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো অাৰম্ভ হৈছে খেলিমেলি।যোৱা ৭ মাৰ্চৰ দিনাখন অনুষ্ঠিত হোৱা বড়ো মাতৃভাষাৰ পৰীক্ষাৰ প্ৰশ্নকাকতত দুই নম্বৰৰ প্ৰশ্ন কমকৈ সন্নিবিষ্ট হোৱাত এবছুৱে শিক্ষা বিভাগ অাৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদক ধিক্কাৰ-গৰিহনা দিয়াৰ লগতে পৰীক্ষাত অৱতীৰ্ণ হোৱা বড়ো মাধ্যমৰ সকলো ছাত্ৰ-ছাত্ৰীক দুই নম্বৰকৈ দিবলৈ দাবী জনাইছে।অাজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে কয় যে যোৱা ৭ মাৰ্চত উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ অাধুনিক ভাৰতীয় ভাষা (এম.অাই.এল)বিষয়ৰ পৰীক্ষা আছিল।উক্ত পৰীক্ষাৰ বড়ো বিষয়ৰ প্ৰশ্নকাকতত দুই নম্বৰ কমকৈ সন্নিবিষ্ট হয়।প্ৰশ্নকাকতৰ দুই নং প্ৰশ্নত ১৩ টা বাধ্যতামূলক প্ৰশ্নৰ বিপৰীতে ২৬ নম্বৰ দিয়া অাছে যদিও প্ৰশ্নকাকতত মাথো ১২টাহে প্ৰশ্ন সন্নিবিষ্ট কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ২ নম্বৰৰ পৰা বঞ্চিত হ'ব লগা হয় বুলি লৰেঞ্চ ইছলাৰীয়ে মন্তব্য কৰি শিক্ষা বিভাগ অাৰু শিক্ষা পৰিষদৰ গাফিলতিক কঠোৰ ভাষাৰে নিন্দা কৰিছে।ইয়াৰোপৰি শিক্ষা বিভাগ অাৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ ভুলৰ পৰিণতিত যাতে ছাত্ৰ-ছাত্ৰীসকল মূল্যবান দুই নম্বৰৰ পৰা বঞ্চিত নহয় তাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ দাবী জনাই বড়ো মাতৃভাষাৰ পৰীক্ষাত অৱৰ্তীণ হোৱা সকলো পৰীক্ষাৰ্থীক ওপৰোঞ্চি দুই নম্বৰকৈ দিয়াৰ দাবী জনাইছে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বড়ো মাধ্যমৰ মাতৃভাষাৰ প্ৰশ্নকাকতত ভুল, এবছুৰ গৰিহনা
https://www.newsnextone.com/bodo-mil-paper-hs-btad
29566
ডিজিটেল ডেস্কঃ হাজাৰ হাজাৰ গো নিধন কৰা হৈছে৷ চৰকাৰী ধন খৰচ কৰি গৰু নিধন যজ্ঞ চলিছে নিউজিলেণ্ডত৷ নিৰুপায় চৰকাৰ কিম্বা প্ৰশাসন৷ গো-নিধন নহ'লে ৰক্ষা নাপায় মানুহো৷ কিন্তু কিয় কৰা হৈছে হাজাৰ হাজাৰ গৰু হত্যা? যোৱাবছৰতে চিনাক্ত কৰা হৈছিল ৰোগবিধৰ৷ সমগ্ৰ নিউজিলেণ্ড ব্যপি সূত্ৰপাত হৈছিল আতংকৰ৷ মাজতে কিছু দিন এই আতংক মাৰ যোৱাৰ পিছত পুনৰ এবাৰ দেশখনত এই আতংকই চানি ধৰে৷ এই আতংক হৈছে এবিধ বেক্টেৰিয়াৰ৷ মাইকোপ্লাজমা বোভিচ নামৰ এইবিধ বেক্টেৰিয়া সংক্ৰনাত্মক৷ গৰুৰ পৰা মানুহলৈ সংক্ৰমণ ঘটা এইবিধ বেক্টেৰিয়াৰ ফলত মানুহৰ হৃদপিণ্ড অচল হৈ পৰাৰ লগতে আন বিভিন্ন মাৰাত্মক ৰোগে দেখা দিয়ে৷ যোৱা এটা বছৰৰ ভিতৰত দেশখনত ২৬ হাজাৰ মাইকোপ্লাজমা বোভিচত আক্ৰান্ত গৰু নিধন কৰা হৈছে৷ কিন্তু তাৰ পিছতো নিউজিলেণ্ডত এই মাৰাত্মক বেক্টেৰিয়াবিধৰ বিভিষীকা কম হোৱা নাই৷ হাজাৰ হাজাৰ গৰু এই বেক্টেৰিয়াৰ সংক্ৰমণৰ বলি হোৱাৰ লগতে কেইবাজনো লোকো আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাচিণ্ডা আৰডাৰ্ণে দেশখনত ঘোষণা কৰি কয়, এই বেক্টেৰীয়া সমূলঞ্চে নাশ কৰাৰ বাবে আক্ৰান্ত গৰু বোৰক নিধন কৰাৰ বাহিৰে আন এক উপায় নাই৷ যাৰ বাবে দেশখনৰ এক লক্ষাধিক গৰু নিধনৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে৷ এই ঘটনা নিউজিলেণ্ডত অতীতত সংঘটিত হোৱাৰ নজিৰ নাই৷ প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তক দুটা বৰ্ষৰ ভিতৰত দেশখনৰ লক্ষাধিক গৰু নিধন কৰা হ'ব৷ যাৰ কাৰণে চৰকাৰে ৬০০ মিলিয়ন ডলাৰ ব্যয় ধাৰ্য কৰিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
নিউজিলেণ্ডত নিধন হৈছে হাজাৰ হাজাৰ গৰু, চৰকাৰী খৰচত গো-নিধন যজ্ঞ
https://www.newsnextone.com/new-zealand-to-kill-1-lakh-cows-to-eradicate-bacterial-disease/#comments
29567
ডিজিটেল ডেস্কঃ ১৯৫২ চনৰ জানুৱাৰী তথা ফেব্ৰুৱাৰী মাহ ভাৰতৰ বাবে এক ঐতিহাসিক দিন৷ স্বাধীন ভাৰতৰ প্ৰথমটো নিৰ্বাচন।সমগ্ৰ দেশজুৰি পোন-প্রথম বাৰৰ বাবে অনুষ্ঠিত হৈছিল লোকসভাৰ নির্বাচন৷ সেই সময়ত হিমাচল প্রদেশৰ বহু অঞ্চল কেবাফুট বৰফে ঢাকি ৰাখিছিল।যাৰ বাবে নির্বাচন আয়োগে ৩-৪ মাহ পুৰ্বে ভোট অনুষ্ঠিত কৰিছিল উক্ত ঠাইসমূহত।দেশৰ প্ৰথমটো নিৰ্বাচনত প্ৰথমটো ভোট দি আদৰ্শ দেখুৱাইছিল হিমাচল প্ৰদেশৰ কিন্নৌৰ চহৰৰ তেতিয়াৰ ডেকা লৰা শ্যামচৰণ নেগী আৰু পত্নী হীৰামণি নেগীয়ে।এতিয়া তেওলোকৰ ১০১ আৰু ৯৫ বছৰ বয়স।নাগৰিক দুগৰাকীক ভোটগ্ৰহণ কেন্দ্ৰত ইয়াৰ পুৰ্বে ফুলৰ মালা, শ্বল, টুপীৰে বহুবাৰ সম্বৰ্ধনা জনাইছে যদিও এইবাৰ বিশেষ ভাবে আদৰণি জনাবলৈ প্ৰস্তুত হৈছে নিৰ্বাচন আয়োগ।১৯৫১ চনৰ ২৫ অক্টোবৰ, হিমাচল প্রদেশতেই দেশৰ প্রথম ভোটদান হয়।দেশৰ প্ৰথমটো ভোট দিয়ে শ্যামচৰন নেগি নামৰ লোকজনে।সেই দিনাই দেশৰ প্রথম ভোটদাতা হিচাপে গৌৰৱ অৰ্জন কৰে শ্যামচৰণ নেগিয়ে।তেওঁকেই সন্মান জনাবৰ বাবে আসন্ন হিমাচল প্রদেশ বিধানসভা নির্বাচনত বিশেষ গাড়ীৰ ব্যৱস্থা কৰিছে নির্বাচন আয়োগে।শ্যামচৰণ পেচাত এগৰাকী শিক্ষক আছিল।১৯৭৫ চনতেই অৱসৰ গ্ৰহন কৰা শ্যামচৰণৰ বয়সে ১০০ বছৰৰ দেওনা পাৰ কৰিছে৷ প্রথম নির্বাচনৰ পৰা বৰ্তমানলৈ অনুষ্ঠিত সকলো নির্বাচনতে ভোট দান কৰিছে তেওঁ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
১০১ বছৰীয়া স্বামী ৯৬ বছৰীয়া পত্নীয়ে বিশেষ গাড়ীত আহি দিব ভোট, দেশৰ প্ৰথম ভোটাৰ হোৱাৰ সৌভাগ্য
https://www.newsnextone.com/indias-%20first-voter-special-treatment-himachal/#comments
29568
লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা এম জি ভি কে ভানুৰ গালৈ অচিনাক্ত দুৰ্বৃত্তি শিলগুটি নিক্ষেপ কৰে।জানিব পৰা মতে, নিৰ্বাচনী জনসভাত ভাষণ দি থকা সময়তে ভানুৰ গালৈ দুৰ্বৃত্তই শিল নিক্ষেপ কৰে।অৱশ্যে কথমপি আঘাত পোৱাৰ পৰা ৰক্ষা পৰে কংগ্ৰেছ নেতাগৰাকী।শনিবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ প্ৰচাৰৰ বাবে কংগ্ৰেছ নেতা ভানু শুৱালকুছিত উপস্থিত হৈছিল।উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী বিধানসভা সমষ্টিৰ দায়িত্বত কংগ্ৰেছে ভানুক নিযুক্তি দিছে।বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভা সমষ্টি হৈছে জালুকবাৰী।আনহাতে, সেইখন সভাতে দুৰ্বৃত্তই আন এগৰাকী কংগ্ৰেছ নেতা তথা নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ গালৈও শিলগুটি নিক্ষেপ কৰে।সভাখনত উপস্থিত একাংশ লোকে আনকি নৰেন্দ্ৰ মোদীৰ সমৰ্থনত শ্ল'গানো দিয়ে।স্বাভাৱিকতে শনিবাৰৰ এই ঘটনাটোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।নিৰ্বাচন ২০১৯
শুৱালকুছিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভানুলৈ শিল নিক্ষেপ দুৰ্বৃত্তৰ
https://assam.nenow.in/stones-hurled-at-bhanu-at-sualkuchi-in-jalukbari/
29569
া কথা ঠিক যে আলফাই উত্থাপন কৰা বিষয়সমূহ হ'ল ৰাজনৈতিক বিষয়৷ গতিকে এই সমস্যাৰ সমাধান আলাপ-আলোচনাৰ মাজেৰেই সমাধান হ'ব লাগিব৷ কিন্তু সুদীর্ঘ দিন ধৰি এই আলোচনাত অন্তৰায় হৈ আহিছে এটা বিষয়৷ সেই বিষয়টো হৈছে সার্বভৌমত্ব৷ বর্তমান আলফা (স্বাধীন)ৰ নেতৃত্বত থকা পৰেশ বৰুৱাই বৰডুমচাৰ ঘটনাৰ পাছত পুনৰ স্পষ্ট কৰিছে যে স্বাধীনতা অর্থাৎ সার্বভৌম অসমৰ চর্তত আলফা আলোচনাত বহিবলৈ প্রস্তুত৷ কিন্তু ভাৰত চৰকাৰৰ স্থিতি হ'ল কোনো চর্ত লৈ বিশেষকৈ সার্বভৌম অসমৰ চর্তত আলফাৰে আলোচনাত নবহে৷ এই সার্বভৌমত্বৰ চর্ততে যোৱা তিনিটা দশক আলোচনাৰ প্রসংগ ওলমি আছে৷ আৰু তাৰ পৰিণতিত মৃত্যু হৈছে মানুহৰ৷ একপ্রকাৰে বধ্যভূমিত পৰিণত হৈছে অসম৷ এতিয়া প্রশ্ন উঠিব- এই অধ্যায়ৰ শেষ ক'ত? প্রশ্নটো অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যতৰ স্বার্থত অত্যন্ত গুৰুত্বপূর্ণ৷ কাৰণ এই ৰক্তক্ষয়ী যুদ্ধ যিমান দিন চলিব চাৰিও দিশৰ পৰা অসমৰে ক্ষতি হ'ব৷ এতিয়া গোটেই বিষয়টোৰ বাস্তৱিক দিশৰ প্রতি লক্ষ্য কৰক৷ আলফাই সার্বভৌম অসম অর্থাৎ স্বাধীন অসমৰ দাবী উত্থাপন কৰিছে৷ এতিয়া প্রশ্ন হৈছে অসমৰ ৰাইজে ভাৰতৰ পৰা পৃথক হ'ব বিচাৰিছেনে? এই দিশত পৰেশ বৰুৱাই অসমৰ ৰাইজৰ মতামত লৈছেনে? ধৰি লোৱা হ'ল- অসমখন স্বাধীন হ'লেই- সেইখন অসম চলিব কেনেকৈ? ক'ৰ পৰা আহিব অসম পৰিচালিত কৰিব পৰা ৰাজহ? নিজা ৰাজহেৰে পৰেশ বৰুৱাই অসম পৰিচালিত কৰিব পাৰিবনে? এনেবোৰ প্রশ্নৰ পৰা ক'ব পাৰি যে আলফাৰ স্বাধীন অসম এটা অবাস্তৱ দাবী৷ কিন্তু এই দাবীটোৰ বাবেই কেন্দ্রীয় চৰকাৰে অসমত এই ৰক্তক্ষয়ী যুঁজখন চলি থাকিবলৈ দিব নোৱাৰে৷ এই সমগ্র বিষয়টোত কেন্দ্রীয় চৰকাৰে অভিভাৱকৰ দায়িত্ব পালন কৰা উচিত৷ অর্থাৎ সমস্যাটোৰ সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰেই কিবা এটা বাট উলিয়াব লাগিব৷ মুঠ কথাত সমগ্র বিষয়টোত দুই পক্ষই কিছু হ'লেও এৰাধৰা কৰা প্রয়োজন৷ পৰেশ বৰুৱাই নিজৰ স্থিতিতে অটল নাথাকি অসম আৰু অসমীয়া মানুহৰ কথা ভাবক৷ অসমীয়া মানুহে সমগ্র বিষয়টো সম্পর্কত কি বিচাৰিছে জানিবলৈ চেষ্টা কৰক৷ অন্যথা দুই পক্ষৰ যুঁজত সাধাৰণ মানুহৰ বিৰিণাত মৰণ হৈয়ে থাকিব৷
এটা উত্তৰবিহীন প্রশ্ন
https://janambhumi.in/VFdwRmQwNUVXVDA9/%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A7%80%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%B6%E0%A7%8D%E0%A6%A8.html
29570
বিশ্বনাথ চাৰিআলিত সংঘটিত হয় এই কৰুণ ঘটনা৷ ১১০০০ ভল্টৰ তাঁৰত লাগি মৃত্যু হয় ৰবীন দাস নামৰ বিদ্যুত কৰ্মী গৰাকীৰ।বিদ্যুত্ পৰিবাহী তাঁৰ সংযোগী খুঁটাত উঠি মেৰামতি কৰি আছিল দাসে।বিদ্যুত বিভাগৰ গাফিলতিৰ বাবেই ঘটনাটো সংঘটিত হৈছে বুলি অভিযোগ উঠিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বিদ্যুত্স্পৃষ্ট হৈ মৃত্যু এজন বিদ্যুত্ কৰ্মীৰ
https://www.newsnextone.com/tezpur-sock-sucket
29571
চলিত চতুৰ্থ হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰে বাংগালুৰুৰ শ্ৰী কান্তীৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয় লেগৰ খেলত ঘৰুৱা দল বাংগালুৰু এফ চিয়ে নৰ্থ-ইষ্ট ইউনাইটেডক ২-১গ'লত পৰাস্ত কৰে।নৰ্থ-ইষ্টক হৰুৱাই বাংগালুৰু এফ চিয়ে পুনৰ চতুৰ্থ সংস্কৰণৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে কালিৰ খেলখনত বাংগালুৰুৱে খেলৰ ১৪ আৰু ৫১ মিণিটত গ'ল কৰে।আনহাতে প্ৰথমাৰ্ধৰ খেলতে বাংগালুৰু এফ চিৰ ষ্ট্ৰাইকাৰ গাৰ্ছিয়াৰ দৰ্শনীয় ফ্ৰীকীকৰ সহায়ত জুৱানানে ঘৰুৱা দলটোক অগ্ৰগতি দিবলৈ সক্ষম হয়।লক্ষ্যণীয় যে নৰ্থ-ইষ্টে প্ৰথমাৰ্ধৰ শেষৰ পিনে সমতা স্থাপন কৰে যদিও ঘৰুৱা দৰ্শকৰ অতিকৈ জনপ্ৰিয় খেলুৱৈ তথা ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে দ্বিতীয়াৰ্ধৰ খেলৰ ৫১ মিণিটত গ'ল কৰি নিজৰ দলক পুনৰ অগ্ৰগতি দিয়ে।উল্লেখযোগ্য যে আলহী দল নৰ্থ-ইষ্টে খেলখনত যথেষ্ট সুযোগ লাভ কৰিছিল যদিও সুযোগৰ সদব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হ'ল।বাংগালুৰু এফ চিৰ এই বিজয়ৰ সহায়ত ১২ খন খেলৰ পৰা মুঠ ২৪ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছে।বাংগালুৰু এফ চিয়ে বৰ্তমান পৰ্যন্ত আই এছ এলৰ লীগত ২৩টা গ'ল দিবলৈ সক্ষম হৈছে।আনহাতে সমসংখ্যক খেলৰ পৰা ২৩ পইণ্ট অৰ্জন কৰা চেন্নায়িন এফ চি আছে তালিকাৰ দ্বিতীয় স্থানত
বাংগালুৰু এফ চিৰ হাতত ২-১ গ'লৰ ব্যৱধানত পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড
https://assam.nenow.in/%e0%a7%a8-%e0%a7%a7-%e0%a6%97%e0%a6%b2%e0%a7%b0-%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a7%b1%e0%a6%a7%e0%a6%be%e0%a6%a8%e0%a6%a4-%e0%a6%aa%e0%a7%b0%e0%a6%be%e0%a6%b8%e0%a7%8d%e0%a6%a4-%e0%a6%a8%e0%a7%b0/
29572
অভয়াপুৰীঃ আজি এক গোপন সুত্ৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই ৩১নং(খ) ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কটাশবাৰী গাঁওত জব্দ কৰে চোৰাং কাঠ কঢ়িওৱা এখন বলেৰ' পিকআপ ভান।প্ৰাপ্ত তথ্য মতে, নম্বৰৰ পিক আপ ভানখনে আৰক্ষীৰ নিয়মীয়া তালাচীত আৰক্ষীৰ সংকেত নামানি তীব্র বেগত পলাই যোৱাত আৰক্ষীয়ে পিক ভান খন পিছে পিছে খেদি আহি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী কটাশবাৰী গাঁৱত উক্ত গাড়ীখন জব্দ কৰে যদিও গাড়ীখনৰ চালকজন পলাই সাৰিবলৈ সক্ষম হয়।আৰক্ষী য়ে জব্দকৃত গাড়ীখন তালাচী চলাই উক্ত পিক আপ ভান খনে চোৰাংভাৱে কাঠ কঢ়িয়াই লৈ যোৱাটো নিশ্চিত হৈ আই উপত্যকা বন প্ৰাধিকৰণ, বঙাইগাঁও সংমণ্ডলক ঘটনা সন্দৰ্ভত অৱগত কৰাত কেৰখাবাৰী বন সুৰক্ষা বাহিনী ততালিকে ঘটনাস্থলীত উপস্থিত হয়।বন বিভাগৰ সুত্ৰই জানিবলৈ দিয়ামতে পিক আপ ভানখনে চোৰাং ভাবে কঢ়িয়াই লৈ গৈছিল প্ৰায় ২ লাখ টকাৰ শাল আৰু গামাৰী কাঠ।ইতিমধ্যে বন বিভাগে চোৰাং কাঠ কঢ়িওৱা গাড়ীখন নিজৰ জিম্মালৈ আনে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
অভয়াপুৰীত চোৰাং কাঠ জব্দ
https://www.newsnextone.com/recover-illegel-wood-abhayapuri/#comments
29573
তেজপুৰঃ শোণিতপুৰৰ বালিপৰাৰ মানশিৰি দলং পথ দূৰ্ঘটনাত নিহত হয় এজন যুৱক৷ অচিনাক্ত বাহনে মটৰচাইকেলখন খুন্দিয়াই ঘটনাস্থলিৰপৰা পলায়ন কৰে৷ 12 9739 নম্বৰৰ মটৰ চাইকেল আৰোহীজনক বৰ্তমানলৈকে চিনাক্ত হোৱা নাই বুলি জানিব পৰা গৈছে৷ আনহাতে থিতাতে মৃত্যুক সাৱতি লয় যুৱকজনে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
পথ দুৰ্ঘটনাত নিহত অচিনাক্ত যুৱক
https://www.newsnextone.com/tezpur-bike-accident-rider-death/#comments
29574
ডিজিটেল ডেস্ক ।তামুলপুৰঃ আজি সন্ধিয়া তামুলপুৰ মহকুমাৰ অন্তৰ্গত চিকনীবাৰীত ৰঙিয়া-ভূটান পথৰ ওপৰত অৱস্থিত ঘগা দলঙৰ ওপৰত সংঘটিত পথ দূৰ্ঘটনাত চিকনীবাৰীৰ হাছেন আলী(২৭) থিতাতে নিহত হোৱাৰ লগতে চিকনীবাৰীৰ ফইজুল আলী(২২) গুৰুতৰ ভাৱে আহত হয়।ঘটনাৰ বিৱৰণী অনুসৰি আজি সন্ধিয়া ৫-৩০ মান বজাত চিকনীবাৰীৰ হাছেন আলী আৰু ফইজুল আলীয়ে এ এছ ২৫ ই ৭৪৯৮ নম্বৰৰ মটৰ চাইকেলখনেৰে দ্বাৰকুছিৰ পৰা চিকনীবাৰীলৈ গৈ থকা অৱস্থাত ৰঙিয়া দিশৰ পৰা তামুলপুৰ অভিমুখে আহি থকা সেনা বাহিনীৰ জীপচি নং ১৪ বি ১১৪৪৮৬ কে এখনে মটৰ চাইকেলখনত খুন্দা মৰাত মটৰ চাইকেল আৰোহী হাছেন আলী থিতাতে নিহত হয়৷ ফইজুল আলীৰ এখন ভৰি চিঙি গুৰুতৰভাৱে আহত হয়।লগে লগে আহত ফইজুলক চিকিৎসাৰ বাবে ৰঙিয়া মেডিকেললৈ প্ৰেৰণ কৰা হয়।দূৰ্ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ অঞ্চলটোৰ ৰাইজে ৰঙিয়া-ভূটান পথ টো অৱৰোধ কৰি যান বাহনৰ চলাচল বন্ধ কৰি দিয়ে।অৱৰোধকৰী সকলে ৰঙিয়া-ভূটান পথৰ ঘগা দলঙৰ ওচৰত গতিৰোধক নিৰ্মাণ কৰক, আৰক্ষী প্ৰশাসন হায় হায় আদি ধ্বনীৰে ৰাজপথ উত্তাল কৰি তোলে।ঘটনাস্থলীত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দল গৈ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ আনে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
তামুলপুৰত সেনাৰ গাড়ীৰ খুন্দাত যুৱক নিহত
https://www.newsnextone.com/tamulpur-one-boy-accident-by-army-office-jip/#comments
29575
খাৰুপেটীয়াঃ শাৰদীয় দূৰ্গোৎসৱলৈ হাতত মাথো কেইটিমান দিন বাকী।সকলো মৃন্ময় শিল্পী প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে।প্ৰত্যেক বছৰৰ দৰে এইবাৰো দৰঙৰ ব্যৱসায়ীক নগৰ খাৰুপেটীয়াত সৰ্বাধিক পূজা মণ্ডপ আয়োজন কৰিছে খাৰুপেটীয়াবাসী ৰাইজে।নগৰখনৰ বাৰোৱাৰী পূজা মন্দিৰ, ঠাকুৰ পট্টি, জয়ন্তী নগৰ, গোপাল নগৰ, ৰামনগৰ, জনতা নগৰ, টিলাপট্টি, সোণাৰু পট্টি, শ্মশান পট্টি আদি ঠাইবিলাকত মুঠ ৫২খন পূজা মণ্ডপত খনিকৰসকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মানত।পূজা মণ্ডপ সমূহ কিমান আটক ধুনীয়াকৈ সজাব পাৰি তাকে লৈ চলিছে তীব্ৰ প্রতিযোগিতা।ইয়াৰ ভিতৰত নগৰখনৰ আটাইতকৈ পুৰণি বাৰোৱাৰী পূজা মন্দিৰটো পূৰ্বৰ ঐতিহ্য অটুট ৰখাৰ হেতুকে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে উদ্যোক্তা সকলে।উল্লেখ্য যে, খাৰুপেটীয়া পূজা সমিতিৰ সভানেত্ৰী কৃষ্ণা সাহা, সুবোধ ঘোষ, শংকৰ কুমাৰ মিত্ৰ, অজিত কুমাৰ দত্ত ৰায়, অখিল চন্দ্ৰ সাহা, বিমল সাহা, আশীষ কুমাৰ নন্দী, পাৰ্থ চক্ৰৱৰ্তী আদি ব্যক্তি সকলে নিৰীক্ষণ কৰিছে পূজা মণ্ডপ সমূহ।উল্লেখযোগ্য যে, পূজাৰ কালছোৱাত দৰ্শনাৰ্থীৰ যাতায়তৰ সুবিধাৰ বাবে বাট-পথ সমূহো মেৰামতি কৰি থকাও পৰিলক্ষিত হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
খৰুপেটীয়াত দূৰ্গা পূজাৰ অভিনৱ প্ৰস্ততি
https://www.newsnextone.com/making-puja-idol-preparation-kharupetia/#comments
29576
তামুলপুৰঃ বৃহস্পতিবাৰে পুৱাই বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰিকাটা বগাজুলিৰ গণেশগুৰীত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধা হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।কুমাৰিকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বগাজুলিৰ গণেশগুৰীৰ এখন পথাৰত পৰি থকা অৱস্থাত ৰাইজে হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে।হাতীটোৰ জাকৰ মাজৰ পৰা ফালৰি কাটি আহি অঞ্চলটোত দীৰ্ঘ সময়ৰ পৰা থিতাপি লৈ ৰাইজক হাৰাশাস্তি কৰি অহা বুলি জানিব পৰা গৈছে।একাংশ লোকে হাতীটোক হত্যা কৰাৰ সন্দেহ কৰে।জানিব পৰা মতে, বিগত কেইবাহ মাহ ধৰি ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ বনসংমণ্ডলৰ কাউলি, কুমাৰীকাটা, নাগ্ৰীজুলি অঞ্চলত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ দলে অঞ্চলটোৰ লোকৰ নিদ্ৰাহৰণ কৰাৰ লগতে লোকৰ ঘৰ-দুৱাৰ ভাঙি, খেতি পথাৰত উপদ্ৰৱ কৰি আহিছে।খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে বিগত বহু বছৰ ধৰি খাদ্য বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ লগত সংঘাতত লিপ্ত হৈ আহিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কুমাৰিকাটাত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ
https://www.newsnextone.com/elephant-body-recovered-at-kumarikata
29577
দুলীয়াজানঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত সমন্বয়, ভাতৃত্ব বোধ অধিক কটকটীয়া কৰাৰ লক্ষ্যৰে তৈল নগৰী দুলীয়াজানত অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চল ভিত্তিত মেগা ফেষ্টিভেল৷ অহা ১৬-২৮ জানুৱাৰীলৈ নৰ্থ ইষ্ট ফেষ্টিভেল-২০১৮ দুলীয়াজানবাসীয়ে অনুষ্ঠিত কৰিব।দুলীয়াজানৰ স্বেচ্ছাসেৱী অনুষ্ঠান 'ৰামধেনু'ৰ উদ্যোগত টিপলিঙৰ সমীপৰ বৰুৱা তিনিআলিত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ফেষ্টিভেল-২০১৮৷ ৰামধেনুৰ সম্পাদক প্ৰণৱ বড়াই দুলীয়াজনৰ সকলো প্ৰকাৰৰ লোক মিলিত হৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে৷ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলােৱা পৰিলক্ষিত হৈছে৷ উত্তৰ-পূবৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ সম্বন্বয় গঢ়ি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত হ'বলগীয়া নৰ্থ ইষ্ট ফেষ্টিভেলত থলুৱা নৃত্য, গীত, লোককৃষ্টি, পৰম্পৰাগত খাদ্য আদি প্ৰচাৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰা হ'ব৷ চাৰ্কাচ, থিয়েটাৰ, বাণিজ্যমেলা, গ্ৰন্থমেলা আদি বিভিন্ন ধৰনৰ কাৰ্যসূচী হাতত লোৱাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে।অনুষ্ঠানত উত্তৰ-পূবৰ ৰাজ্য সমূহৰ মাজত প্ৰতিযোগিৰ মাজত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
১৬-২৮ জানুৱাৰীত দুলীয়াজানত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ফেষ্টিভেল
https://www.newsnextone.com/north-east-festival-duliajan
29578
ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে নালন্দা বিশ্ববিদ্যালয়ৰ আৰ্হিত শিক্ষাৰ মান উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ শিক্ষা বিকাশ কেন্দ্ৰই কৰা ৩০ দিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই চিন্তা ব্যক্ত কৰে।" শিক্ষাৰ মান উন্নত কৰি তুলিবলৈ প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি অনুসৰণ কৰিবই লাগিব।শিক্ষাৰ মান উন্নত কৰাটো সময়ৰ প্ৰয়োজন।" তেওঁ কয়, "ইজৰাইল এখন সৰু ৰাষ্ট্ৰ।কিন্তু ইয়াৰ কাৰিকৰী তথা অ-কাৰিকৰী জ্ঞানৰ বাবে এই ক্ষুদ্ৰ দেশখনক গোটেই বিশ্বই স্বীকৃতি প্ৰদান কৰিছে।ত্ৰিপুৰা এখন সৰু ৰাজ্য হ'ব পাৰে, কিন্তু আমি যদি শিক্ষা আৰু জ্ঞানৰ দিশত আদৰ্শ হ'ব পাৰো তেতিয়াহ'লে বিশ্বৰ আন অংশই আমাক যথোচিত গুৰুত্ব দিব।" এই প্ৰশিক্ষণ কাৰ্যসূচীটো শিক্ষক আৰু শিক্ষণ আঁচনি বিষয়ক পণ্ডিত মদন মোহন মালৱ্য নেশ্যনেল মিশ্যনৰ আঁচনিৰ অধীনত অনুষ্ঠিত হৈছে।দ্বাদশ পৰিকল্পনাৰ বাবে ৯০০ কোটি টকা বাজেট ধাৰ্য কৰি ২০১৫ চনৰ মাৰ্চত অভিলাষী আঁচনিখন উচ্চ শিক্ষা বিভাগে আৰম্ভ কৰিছিল।গোটেই উত্তৰ-পূৰ্বাঞ্চলত আঁচনিখন প্ৰথম ৰূপায়ন কৰিছে ত্ৰিপুৰা বিশ্ববিদ্যালয়ে।" ত্ৰিপুৰা বিশ্ববিদ্যালয়ক এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলৈ ৰাজ্য চৰকাৰে সকলো প্ৰয়োজনীয় সহযোগ কৰিবলৈ সাজু আছে।বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে সমাজ আৰু দেশৰ কল্যাণৰ বাবে কাম কৰাটো লক্ষ্যণীয়,"-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।আঁচনিখনৰ লক্ষ্যৰ ভিতৰত আছে ৩০ খন বিদ্যালয়, ৫ টা পাঠ্যক্ৰম আৰু শিক্ষকৰ বাবে উৎকৃষ্ট কেন্দ্ৰ, ২টা শিক্ষকৰ শিক্ষাৰ বাবে আন্ত:বিশ্ববিদ্যালয় কেন্দ্ৰ, ২৫ টা শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰ আৰু বিজ্ঞান আৰু গণিতৰ বাবে ৫টা উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰা
গুণগত মানৰ বাবে নালন্দাৰ শিক্ষা পদ্ধতি অনুসৰণ কৰিবই লাগিব : বিপ্লৱ দেব
https://assam.nenow.in/%e0%a6%97%e0%a7%81%e0%a6%a3%e0%a6%97%e0%a6%a4-%e0%a6%ae%e0%a6%be%e0%a6%a8-%e0%a6%89%e0%a6%a8%e0%a7%8d%e0%a6%a8%e0%a6%a4-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%ac%e0%a6%b2%e0%a7%88/
29579
নতুন দিল্লীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰে মিত্ৰতা ভংগ কৰিলে অগপই।সোমবাৰে নতুন দিল্লীত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অংশীদাৰ অগপৰ ৩ মন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাতৰ পিছতে এই সিদ্ধান্ত চূড়ান্ত কৰে।গৃহমন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকৰ পিছতে অগপৰ নেতা তথা কৃষি মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত কয় যে ইমানৰ পিছতো চৰকাৰত থকাতো তেওঁলোকৰ পক্ষে সম্ভৱ নহয়।দলটোৰ ৩মন্ত্ৰীয়ে পদত্যাগ কৰিব বুলিও সাংবাদিকসকলক জানিবলৈ দিয়ে বৰাই।'অগপৰ স্থিতি সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীক আমি সবিশেষ অৱগত কৰো।তেওঁ আমাক জানিবলৈ দিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন এইকেইদিনতে লোকসভাত গৃহীত কৰা হ'ব।'-বৰাই কয়।তেওঁ আৰু কয় যে অগপই চৰকাৰত থাকি জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে যুঁজ কৰিব বিচাৰিছিল যদিও বিজেপিয়ে বিষয়টোত কোনো গুৰুত্বই প্ৰদান নকৰিলে।'আমি ভিতৰৰ পৰাই যুঁজ অব্যাহত ৰাখিছিলো।বিজেপিয়ে আমাৰ কথা নুশুনিলে।গতিকে আমি মিত্ৰতা অব্যাহত ৰখাতো আমাৰ পক্ষে সম্ভন নহয়।কিয়নো অগপ সদায় জাতিৰ ওচৰত দায়ৱদ্ধ।'-বৰাৰ মন্তব্য।উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিয়ে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে যি স্থিতি গ্ৰহণ কৰি আহিছে তাৰ বিৰুদ্ধে বিগত বৰ্ষৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যবাসীয়ে।অসমবাসীৰ প্ৰতিবাদকো নেওচি জেপিচিয়ে বিধেয়কখনৰ সমৰ্থনত মত প্ৰকাশ কৰাৰ পিছতে নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই পুনৰ উত্তাল হৈ পৰে ৰাজ্য।সোমবাৰে ৭০টাকৈ দল-সংগঠনে ক'লা পতাকা উত্তোলনেৰে ঘৃণা দিৱস পালন কৰাৰ লগতে দিল্লীৰ ৰাজপথত উলংগ প্ৰতিবাদ সাব্যস্ত কৰে।এনে প্ৰতিবাদ সত্বেও অগপই মিত্ৰতা ভংগ নকৰাত সকলোৱে দলটোক কাঠগৰাতো থিয় কৰোৱা পৰিলক্ষিত হৈছিল।ইয়াৰ মাজতে আজি বিয়লি ৩ বছৰীয়া মিত্ৰতা ভংগৰ কথা ঘোষণা কৰে অগপ নেতৃত্বই।এই ঘোষণাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত দেখা গৈছে নতুন মোৰ।জাতীয় দল-সংগঠনসমূহে অগপৰ উক্ত সিদ্ধান্তক আদৰণি জনাই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে একেলগে সংগ্ৰাম অব্যাহত ৰাখিবলৈকো দলীয় নেতৃত্বক আহ্বান জনাইছে
মিত্ৰতা ভংগ... অৱশেষত জাতিৰ বাবে গাদী এৰিলে অগপই
https://www.newsnextone.com/print/17551
29580
কোকৰাঝাৰৰ ৰাইজে এতিয়া সাংসদ শৰণীয়া আৰু বি পি এফ দলৰ পৰা মুক্ত হ'ব বিচাৰিছে'।এ আই য়ু ডি এফৰ সমৰ্থন লাভ কৰি উৎসাহী হৈ পৰা কোকৰাঝাৰ সমষ্টিৰ য়ু পি পি এলৰ প্ৰাৰ্থী উৰ্খাও ব্ৰহ্মই দেওবাৰে বৰপেটাৰোডত এই মন্তব্য কৰে।নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বৰপেটাৰোডলৈ যোৱা ব্ৰহ্মই এবছুৰ কাৰ্যালয়ত সংবাদিকৰে হোৱা বাৰ্তালাপত বৰ্তমানৰ সাংসদ শৰণীয়া আৰু বি পি এফ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়।তেওঁ কয় যে বিগত পাঁচ বছৰত সাংসদগৰাকীয়ে সমষ্টিৰ উন্নয়নৰ বাবে যিদৰে একো নকৰিলে ঠিক সেইদৰে সমষ্টিৰ বাবে অহা উন্নয়নৰ পুঁজি ক'ত ব্যয় কৰিলে সেই লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে সমষ্টিবাসীৰ মাজত।বড়ো ছাত্ৰ সংগঠন এবছু সমৰ্থিত য়ু পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে বি পি এফ দলকো সমালোচনাৰে থকা সৰকা কৰে।বি পি এফ সন্দৰ্ভত তেওঁ কয় যে বি টি এ ডিত বিগত সময়ছোৱাত কেইবা হাজাৰ কোটি টকীয়া কেলেংকাৰি সংঘটিত হৈছে, একমাত্ৰ শাসকীয় দলৰ সৈতে সু সম্পৰ্ক বজাই অহা বাবে আজিলৈ কোনো তদন্ত হোৱা নাই।কিন্তু এইবাৰ তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হ'লে বি টি এ ডিৰ দুৰ্নীতি সন্দৰ্ভত সংসদত সজোৰে তদন্তৰ দাবী উত্থাপন কৰিব বুলিও মন্তব্য কৰে।ইফালে এ আই য়ু ডি এফৰ পাছত এইবাৰ উৰ্খাও ব্ৰহ্মক নিৰ্বাচনত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ভাৰতৰ ৰাষ্ট্ৰবাদী পাৰ্টী চমুকৈ বি আৰ পিয়ে।দলটোৰ ৰাজ্যিক সভাপতি তথা উত্তৰ-পূব ভাৰতৰ ইনচাৰ্জ আজাদ আলীয়ে দেওবাৰে এই সন্দৰ্ভত বৰপেটাৰোডত য়ু পি পি এলৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচনত সম্পূৰ্ণ সমৰ্থনৰ কথা সদৰী কৰি আনুষ্ঠানিক পত্ৰ প্ৰদান কৰে।আনহাতে দেওবাৰৰ দিনটোত প্ৰাৰ্থীগৰাকীয়ে কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ সমষ্টিৰ ছলিকান্দা, বিলাসীপাৰা, অক্সিগুৰি, খুশ্ৰাবাৰী, সদৰ বজাৰ আদিকে কৰি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়।নিৰ্বাচন ২০১৯
সাংসদ শৰণীয়া আৰু বি পি এফ দলৰ পৰা মুক্ত হ'ব বিচাৰিছে কোকৰাঝাৰবাসী : উৰ্খাও ব্ৰহ্ম
https://assam.nenow.in/this-time-people-of-kokrajhar-decided-to-aviod-bpf-and-sitting-mp-naba-saraniya-ug-brahma/
29581
বৰগোহাঁই 30 / 2018 উজান বজাৰৰ অ'ল্ড ৰে'লৱে' কল'নিত ৫০-৬০ বছৰে বসবাস কৰি অহা লোকসকললৈ যোৱা ১৯ নৱেম্বৰ তাৰিখে প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত উক্ত স্থানত বসবাস কৰা লোকসকলক খালী কৰাৰ নিৰ্দেশ দিছিল।প্ৰশাসনৰ এই উচ্ছেদ কোনো পধ্যেই মানি নলয় সুদীৰ্ঘ বছৰ ধৰি বসবাস কৰি অহা শতাধিক পৰিয়ালৰ লোকসকলে।সেয়েহে আজি চি পি আই এম আৰু এছ এফ আইৰ উদ্যোগত উচ্ছেদৰ জাননী অহা লোকসকলে ৰে'লৱে' কল'নিৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে।মন কৰিবলগীয়া যে বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ সময়।এই সময়ত অমানৱীয়ভাৱে বসবাসৰ বিকল্প উপায় নিদি প্ৰশাসনে উচ্ছেদৰ জাননী দিয়াত ক্ষুব্ধ হৈ পৰে লোকসকল।প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি আহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰায় আধাঘণ্টাজোৰা প্ৰতিবাদৰ অন্তত অতিৰিক্ত জিলা উপায়ুক্ত আহি স্মাৰক-পত্ৰ গ্ৰহণ কৰে।প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তলৈ এই উচ্ছেদ কাৰ্য বন্ধ ৰাখি বসবাসৰ বিকল্প স্থান নিৰ্বাচন কৰি দিবৰ বাবে দাবী জনায়
উজান বজাৰৰ অ'ল্ড ৰে'লৱে' কল'নি উচ্ছেদৰ জাননীৰ বিৰুদ্ধে উপায়ুক্তক স্মাৰক-পত্ৰ
https://www.newsasn.com/node/3427
29582
চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পাছতো শিৱসাগৰ জিলাৰ গৌৰীসাগৰত মুকলিভাৱেই বিক্ৰী হৈ আছে বহিঃৰাজ্যৰ গামোচা।দেশে-বিদেশে অসমীয়াৰ জাতীয় পৰিচয় বহন কৰা গামোচাৰ সন্মান অক্ষুণ্ণ ৰাখি অসমীয়া শিপিনীসকলক আৰ্থিক আৰু সামাজিক মৰ্যাদা দিয়াৰ স্বাৰ্থত চৰকাৰে বহিঃৰাজ্যৰ গামোচা বিক্ৰীৰ ক্ষেত্ৰত দিয়া কঠোৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে একাংশ বস্ত্ৰ ব্যৱসায়ীয়ে।চৰকাৰে প্ৰতিখন জিলাৰ উপায়ুক্তসকলক বহিঃৰাজ্যৰ গামোচা বিক্ৰী কৰা বস্ত্ৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল যদিও শিৱসাগৰ জিলা প্ৰশাসনে এইসকল ব্যৱসায়ীক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।বৰঞ্চ ১৫০ টকাৰ পৰা ৩০০ টকালৈকে দাম উঠিছে এইসমূহ বহিঃৰাজ্যৰ গামোচাৰ।অসমীয়া শিপিনীক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে একাংশ বহিৰাগত ব্যৱসায়ীয়ে।প্ৰশাসনৰ জ্ঞাতসাৰেই এইসকল ব্যৱসায়ীয়ে বিনাদ্বিধাই বহিঃৰাজ্যৰ গামোচাৰ ব্যৱসায় চলাই থকা কাৰ্যই সচেতন মহলক স্তম্ভিত কৰি তুলিছে।সমাগত ৰঙালী বিহুৰ উপলক্ষে ইতিমধ্যে বস্ত্ৰ ব্যৱসায়ীসকলে লাখ লাখ টকাৰ গামোচা মজুত কৰিছে।চৰকাৰৰ নিৰ্দেশনা মতে বস্ত্ৰ ব্যৱসায়ীসকলে আত্মসহায়ক গোটসমূহৰ পৰা গামোচা ক্ৰয় কৰিব লাগিছিল।কিন্তু আত্মসহায়ক গোটসমূহক প্ৰকৃত দাম দিয়াটো বাদেই, গামোচা ক্ৰয় কৰিবলৈকে সন্মত নহয় বহিৰাগত বস্ত্ৰ উদ্যোগৰ চামচাৰূপী এইসকল বস্ত্ৰ ব্যৱসায়ী।অসমীয়া থলুৱা শিপিনীক ভাতে মৰাৰ ষড়যন্ত্ৰত উত্সাহ যোগাইছে শিৱসাগৰ জিলা প্ৰশাসনে।অসমীয়া সংস্কৃতিৰ ধ্বজাবাহক গামোচাক অসমীয়া জাতিৰ মাজত জীয়াই ৰাখিবৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাত সহযোগ আগবঢ়োৱা নাই জাতীয় সংগঠনসমূহেও।ৰমৰমীয়াকৈ বহিঃৰাজ্যৰ গামোচা বিক্ৰী হৈ থকাৰ পাছতো নিমাত আছে জিলা প্ৰশাসন ,জাতীয় সংগঠন, সকলো।স্থানীয় সচেতন মহলে শীঘ্ৰেই এইসকল ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে
বহিঃৰাজ্যৰ গামোচাৰ পয়োভৰ গৌৰীসাগৰত, নিৰ্বিকাৰ জিলা প্ৰশাসন
https://janambhumi.in/VFdwQmQwMTZXVDA9/%E0%A6%AC%E0%A6%B9%E0%A6%BF%E0%A6%83%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%97%E0%A6%BE%E0%A6%AE%E0%A7%8B%E0%A6%9A%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%9F%E0%A7%8B%E0%A6%AD%E0%A7%B0-%E0%A6%97%E0%A7%8C%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%A4,-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%A8.html
29583
ডিফুঃ কাৰ্বি আংলং জিলাত জনসাধাৰণৰ নিৰাপত্তাত নিয়োজিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ডিফুৰ দলে সেনাৰ সদ্ভাৱনা আৰু মানৱীয় সাহায্যৰ অংশ স্বৰূপে প্ৰয়োজনীয় এলেকা সমূহত বিভিন্ন সহায় আগবঢ়াই আহিছে৷ সেই মৰ্মে ডিফুস্থিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে বুধবাৰে বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলাৰ বালিপথাৰৰ এটি বৃদ্ধাশ্ৰমত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে৷ সেনাৰ চিকিৎসা সেৱাৰ দলটোৰ সৈতে সন্মিলিতভাৱে বোকাজান অসামৰিক চিকিৎসালয়ৰপৰা তিনিগৰাকী চিকিৎসক লগতে ডিফু অসামৰিক চিকিৎসালয়ৰপৰা টিবি টীমৰ অংশ স্বৰূপে তিনি গৰাকী চিকিৎসকে শিবিৰটোত চিকিৎসা প্ৰদান কৰে৷ শিবিৰটো সাধাৰণতে বৃদ্ধ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে আয়োজন কৰা হৈছিল যদিও শিবিৰটোত ৮০ গৰাকী পুৰুষ, ১০৫ গৰাকী মহিলা, ৬০ গৰাকী বৃদ্ধলোক আৰু ২০টাকৈ শিশুৱেও চিকিৎসা গ্ৰহণ কৰে৷ শিবিৰটোত বিভিন্ন বেমাৰ ক্ৰমে, তলপেটৰ বিষ, খৰ-খজুৱতি, , পিঠি বিষ আৰু মেলেৰীয়াৰ বাবে ৰোগী সকলক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হয়৷ চিকিৎসকৰ দলটোৱে ৰোগীসকলক বিশুদ্ধ খোৱা পানী আৰু বিজ্ঞান সন্মত শৌচাগাৰৰ ব্যৱহাৰৰ লগতে ডেংগু আৰু মেলেৰীয়াৰ দৰে সংক্ৰামক বেমাৰত লবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা সম্বন্ধেও জ্ঞান প্ৰদান কৰে৷ স্থানীয় ৰাইজে সেনাৰ এনে প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰি ভৱিষ্যতেও এনেধৰণৰ শিৱিৰৰ ব্যৱস্থা কৰিবলৈ অনুৰেধ জনায়৷ স্থানীয় ৰাইজ আৰু স্থানীয় প্ৰশাসনৰ মাজত সমন্বয় আৰু শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ সেনাই এই প্ৰচেষ্টাক অধিক মজবুত আৰু গতিশীল কৰি তুলিব বুলি সেনাৰ এক বিশেষ সূত্ৰই এক বিবৃতি যোগে সংবাদ মাধ্যমক জানিবলৈ দিছে৷
বালিপথাৰ বৃদ্ধাশ্ৰমত সেনাৰ বিনিমূলীয়া চিকিৎসা শিবিৰ সম্পন্ন
https://www.newsnextone.com/print/19535
29584
কামপুৰঃ নৃশংস হত্যাকাণ্ডই কপাই গ'ল নগাঁও-কাৰ্বি আংলং সীমান্ত৷ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী মাইচাম গাঁৱত মদৰ ৰাগিত মাতাল বিয়ৈয়ে চোকা অস্ত্ৰৰে বিয়ৈনীক আক্ৰমণ কৰাত মৃত্যু হোৱাৰ খবৰে অঞ্চলেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মাইচাম গাঁৱৰ অৰ্জুন দাস নামৰ লোকজনে নিতৌ মদ্যপান কৰি ঘৰলৈ আহে পত্নীৰে কাজিয়াত লিপ্ত হয়৷ জানিব পৰা মতে, মঙলবাৰে নিশাও অৰ্জুন দাসে অত্যাধিক মদ্যপান কৰি ঘৰলৈ আহে৷ মদ্যপান কৰি আহি পত্নী সৈতে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয়৷ পত্নীকৰ কোনো কথাই নুশুনি মাৰিবলৈ খেদি যাই অৰ্জুনে৷ হাতত দা' লৈ আক্ৰমণ কৰিবলৈ খেদি যায়৷ পত্নীয়ে প্ৰাণৰ ভয়ত পলাই বিয়ৈনী সৰস্বতী দাসৰ ঘৰত আশ্ৰয় লয়।মাতাল অৰ্জুন দাসে পত্নীক বিছাৰি নাপায় বিয়ৈনী সৰস্বতী দাসক দাৰে উপৰ্যুপৰি দোহৰ বিভিন্ন ঠাইত আঘাত কৰাত থিতাতে ঢলি পৰে৷ সৰস্বতী দাসৰ থিতাতে মৃত্যু হয়৷ ইমানে নহয় বাধা প্ৰদান কৰা চঞ্চলা দেৱনাথ নামৰ আন এগৰাকী মহিলা অৰ্জুনৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয়৷ তাৰ পিছতে হুৱা-দুৱা লাগে গাঁও খনত৷ অৰ্জুন দাসে সুবিধা বুজি পলায়ণ কৰে৷ ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰাৰ লগতে হত্যাকাৰী সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মাইচামত মাতাল অৰ্জুনৰ দাৰ ঘাপত প্ৰাণ গ'ল সৰস্বতীৰ
https://www.newsnextone.com/murder-attack-one-women-died-nagaon-/#comments
29585
নাগৰিকত্ব বিধেয়ক গৃহীতকৰণত বিফলতাই বিজেপিক ভীষণ অস্বস্তিত পেলালেও পুনৰ নৰেন্দ্ৰ মোদীয়েই হ'ব দেশৰ প্ৰধান মন্ত্ৰী! '১৯ৰ লোকসভা নিৰ্বাচনৰ পদধ্বনি কাণত পৰাৰ পৰতে মোদীৰ পুনৰ প্ৰধান মন্ত্ৰিত্বৰ ভৱিষ্যতবাণী কৰিছে শেহতীয়াকৈ বিজেপি মিত্ৰ জে দি (ইউ)ত যোগ দিয়া প্ৰখ্যাত নিৰ্বাচনী প্ৰচাৰ মেনেজাৰ প্ৰশান্ত কিশোৰে।"নৰেন্দ্ৰ মোদী এন দি এ'ৰ প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু প্ৰধান মন্ত্ৰী হিচাপে তেওঁৰেই পুনৰ আগমণ ঘটিব," সোমবাৰে এক সংবাদমেলত কিশোৰৰ মন্তব্য।কিশোৰে নিজ দল জে দি (ইউ)ৰ নেতা, বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰ প্ৰধান মন্ত্ৰিত্বৰ দাবীদাৰ নহয় বুলিও মন্তব্য কৰিছে।"নীতীশ কুমাৰ এন দি এ'ৰ এজন ডাঙৰ নেতা।নীতীশ কুমাৰে নিশ্চয়কৈ এটা ডাঙৰ ভূমিকা পালন কৰিব।কিন্তু তেওঁক প্ৰধান মন্ত্ৰী পদৰ দাবীদাৰ বুলিলে ভুল হ'ব," মন্তব্য জে ডি (ইউ)ৰ ৰাষ্ট্ৰীয় উপ সভাপতি কিশোৰৰ।জে ডি (ইউ) বিজেপি আৰু শিৱসেনাৰ পিছতে এন ডি এ'ৰ তৃতীয় বৃহৎ দল।মোদীৰ হৈ নিৰ্বাচনী ৰণকৌশল ৰচনাত পুনৰ ভাগ লোৱাৰ কথা অৱশ্যে অস্বীকাৰ কৰিছে কিশোৰে।২০১২ চনত গুজৰাট বিধান সভা আৰু '১৪ৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ হৈ তেওঁ প্ৰচাৰ কৌশল ৰচনা কৰিছিল।এটা দলত যোগ দিয়াৰ পিছত আনৰ হৈ পেছাদাৰী সেৱা আগবঢ়োৱাৰ কথা নাহে, কিশোৰৰ স্পষ্টীকৰণ।পেছাদাৰী নিৰ্বাচনী প্ৰচাৰ মেনেজাৰৰূপে প্ৰশান্ত কিশোৰ ভাৰতত বাটকটীয়া
পি এম ২.০: আকৌ আহিব নৰেন্দ্ৰ মোদী
https://assam.nenow.in/pm-2-0-return-of-modi-predicts-prashant-kishore/
29586
বঢ়মপুৰঃ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে আজিও সন্ত্ৰাস অব্যাহত ৰাখিছে ৰাজ্যত।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস অব্যহত ৰখাৰ সময়তে বৃহস্পতিবাৰে নিশা নগাঁৱৰ চামগুৰিৰ বালিজুৰি কাজিৰঙাত সন্ত্ৰাস চলাই বনৰীয়া হাতীৰ জাকে।বনৰীয়া হাতীয়ে বালিজুৰিৰ কাজিৰঙাস্থিত প্ৰাথমিক বিদ্যালয়ৰ গৃহ ভাঙি পেলায়।বিদ্যালয়খনৰ গুদামঘৰত থকা মধ্যাহ্ন ভোজনৰ চাউল ভক্ষণ কৰে।প্ৰায় এপ্তাহৰ ভিতৰতে বালিজুৰিত কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ, ব্যৱসায় প্ৰতিষ্ঠান আৰু ফাৰ্মাচি ভাঙি লণ্ডভণ্ড কৰে হাতীৰ জাকে।হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম নোহোৱাত স্থানীয় ৰাইজে চাপানালা খণ্ড বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।বন বিভাগৰ লোকে বনৰীয়া হাতীৰ জাক উপদ্ৰৱ চলোৱাৰ সময়ত খবৰ দিলেও মোৱাইলত ৰিচাৰ্জ নথকাৰ লগতে বন বিভাগৰ বাহনৰ বিজুতি হোৱাৰ অজুহাত দেখুৱাই ঘটনাস্থলিত উপস্থিত নহয়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
চামগুৰিত বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাস, গাড়ী নথকাৰ বাবে হাতী খেদিব নাহে বন বিভাগৰ লোকে
https://www.newsnextone.com/nagaon-samaguri-elephant-destroy-school/#comments
29587
ৰঙিয়াঃ ৰাজ্যৰ পূৰ্বৰ চৰকাৰখনে প্ৰতিটো সমষ্টিতে একোখনকৈ মডেল হাস্পতাল স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।সেইমতে নিৰ্ধাৰিত সময়ত মডেল হাস্পতালসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল যদিও বিভিন্ন ঠাইত আজিলৈ মুকলি নহ'ল মডেল হাস্পতালসমূহ।ঠিক তেনেদৰে ৰঙিয়াত স্থাপন হোৱা মডেল হাস্পতালখন সম্পূর্ণ হ'বৰ প্ৰায় এক বছৰ উকলি যোৱাৰ পিছতো ৰাজ্য চৰকাৰে হাস্পতালখন মুকলি নকৰিলে।যাৰ ফলত ৰঙিয়াবাসী ৰাইজে আশা কৰা ধৰণে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে।পূৰ্বৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা কৰা মডেল হাস্পতালখন সম্পূর্ণ হোৱাৰ পিছত সেইজন স্বাস্থ্য মন্ত্ৰীয়ে বৰ্তমান চৰকাৰৰ দিনটো স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব পালন কৰি আছে।তেনেস্থলত সম্পূর্ণ হৈ উঠা হাস্পতালখন দীৰ্ঘদিন ধৰি তলা লগাই থোৱাৰ কাৰণ কি বুলি ৰঙিয়াৰ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।উল্লেখ্য যে ৰঙিয়াৰ মডেল হাস্পতালখনৰ আধাৰশিলা কৰা সময়ত মন্ত্ৰীগৰাকীয়ে মডেল হাস্পতাল এখনত কি কি সুবিধা থাকিব পাৰে সেই বিষয়ে ৰাইজক অৱগত কৰিছিল।আনকি হাস্পতালখনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠাৰ লগে-লগে সকলো সুবিধা উপলব্ধ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল।কিন্তু মন্ত্ৰীগৰাকীৰ সেই প্ৰতিশ্ৰুতি বৰ্তমানলৈ বাস্তৱত ৰূপায়িত নোহোৱা বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে।ইফালে দীৰ্ঘদিন ধৰি হাস্পতালখনত তলা লগাই থোৱাৰ ফলত ভিতৰৰ আচবাবসমূহ মামৰে ধৰাৰো উপক্ৰম হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰঙিয়াত মডেল হাস্পতালৰ নামত ভেকো-ভাওনা
https://www.newsnextone.com/rangia-model-hospital-yet-not-open/#comments
29588
জনমভূমি নিজা বাতৰি দিওঁতা চিমেন চিমেন চাপৰি , ১১ ডিচেম্বৰঃ অসমৰ প্ৰতিবাদী ৰাইজৰ আন্দোলনক নস্যাৎ কৰি জাতিধ্বংসী আৰু খিলঞ্জীয়া বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনলৈ ৰূপান্তৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চলোৱা গণবিৰোধী প্ৰচেষ্টাৰ প্ৰতিবাদত আজিও চিমেন চাপৰিত ক্ষোভৰ জুই জ্বলে।কেইবাদিনো ধৰি আছু, আটাছু, আক্ৰাছু, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি সংগঠনৰ লগতে চিমেন চাপৰিবাসী ৰাইজে জোঁৰ সমদল, অৱস্থান ধৰ্মঘট, বিক্ষোভ, ৰে'ল পথ অৱৰোধ আদি কেব-বিৰোধী আন্দোলনৰ কাৰ্য্যসূচী তীব্ৰ কৰি তোলাৰ লগতে আজি চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু চিমেন চাপৰি আঞ্চলিক আটাছুৰ উদ্যোগত চিমেন চাপৰি চাৰিআলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।ধেমাজি জিলা আছুৰ সহঃ সাধাৰণ সম্পাদক সঞ্জীৱ দাস, চিমেন চাপৰি আঞ্চলিক আছুৰ সভাপতি তনু গগৈ, সাধাৰণ সম্পাদক নিপু গগৈ চিমেন চাপৰি আঞ্চলিক আটাছুৰ সভাপতি কিৰণ দিহিঙ্গীয়া, সাধাৰণ সম্পাদক হেমন্ত বৰগোঁহাইক, উপদেষ্টা জিতু গগৈ উপস্থিত থকা তিনি ঘন্টা জোৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী ৰাইজে বিভিন্ন কেব-বিৰোধী আৰু চৰকাৰ -বিৰোধী শ্ল'গান দি চিমেন চাপৰিৰ পৰিৱেশ উত্তাল কৰি তোলে
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চিমেন চাপৰি আছু, আটাছুৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
https://janambhumi.in/VFhwcmQwMTZTVDA9/en/VFhwcmQwMTZTVDA9/%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A7%87%E0%A7%9F%E0%A6%95-%E0%A6%AC%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A6%B2%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80%E0%A6%A4---%E0%A6%9A%E0%A6%BF%E0%A6%AE%E0%A7%87%E0%A6%A8-%E0%A6%9A%E0%A6%BE%E0%A6%AA%E0%A7%B0%E0%A6%BF-%E0%A6%86%E0%A6%9B%E0%A7%81,-%E0%A6%86%E0%A6%9F%E0%A6%BE%E0%A6%9B%E0%A7%81%E0%A7%B0-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%98%E0%A6%BE%E0%A6%87%E0%A6%AA%E0%A6%A5-%E0%A6%85%E0%A7%B1%E0%A7%B0%E0%A7%8B%E0%A6%A7.html.html
29589
ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াৰ মৰাণজানাৰ এটি টায়াৰ কোম্পানীত বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ মৰাণজানৰ উদ্যোগিক পামৰ এটা টায়াৰ কোম্পানিত মেচিন বিস্ফোৰণ হোৱাৰ ফলত দুজনকৈ শ্ৰমিক অগ্নিদগ্ধ হয়৷ অগ্নিদগ্ধ শ্ৰমিক বাবুল আলী, চটশিলৰ মোমাৰক আলীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।এই ঘটনা সংঘটিত হোৱাৰ পিছতেই উদ্যোগিক পামত উত্তেজনাৰ সৃষ্টি হয়৷ আনহাতে ঘটনা সংঘটিত হোলাৰ পিছত চিআৰপিএফৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰঙিয়াৰ মৰাণজানাৰ টায়াৰ কোম্পানীত বিস্ফোৰণ, অগ্নিদগ্ধ শ্ৰমিক
https://www.newsnextone.com/rangia-machine-blast/#comments
29590
ৰঙিয়াঃ বহিঃৰাজ্যৰ পৰা আহা ইৰাণী গ্ৰুপৰ সদস্যৰ সন্ত্ৰাসৰ বাবে ৰঙিয়াত বেংকৰ গ্ৰাহক সকল কম্পিত হৈ থকাৰ সময়তে আজি ৰঙিয়াত এজন ইৰাণী গ্ৰুপৰ সদস্য আটক হ'ব লগাত পৰে।ৰঙিয়াস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ সম্মুখৰ পৰা ৰাইজৰ হাতত কৰায়ত্ত হোৱা এই প্ৰৱঞ্চকজনৰ নাম বিভীষণ কুমাৰ বুলি জানিৱ পৰা গৈছে৷ বিহাৰৰ এই প্ৰৱঞ্চকজনে আজি বেংকটোৰ সম্মুখত সন্দেহ জনকভাৱে ঘূৰা ফুৰা কৰি থকাত ৰাইজৰ চকুত পৰে৷ ৰাইজে লগে লগে বিষয়টো ৰঙিয়া আৰক্ষীক আৱগত কৰে৷ কিছু সময় পিছতে ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত প্ৰৱঞ্চকজনক আটক কৰে আৰু থানালৈ লৈ যায়৷ আৰক্ষীৰ জেৰাত প্ৰৱঞ্চকজনে বিভিন্ন সময়ত গ্ৰাহকৰ পৰা ধন লুটৰ কথা স্বীকাৰ কৰে৷ আৰক্ষীয়ে প্ৰৱঞ্চকজনৰ পৰা কিছু পৰিমানৰ নকল নোটো জব্দ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰঙিয়াত ষ্টেট বেংকৰ সম্মুখৰ পৰা ইৰাণী গ্ৰুপৰ প্ৰৱঞ্চকক কৰায়ত্ত
https://www.newsnextone.com/irani-group-member-arrested-at-rangia/#comments
29591
ওদালগুৰিঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাখনত সৰ্বাত্মকৰূপে পৰা দেখা যায়।সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ প্ৰায় ওদালগুৰি জিলাখনতে সৰ্বাত্মকৰূপে পৰা দেখিবলৈ পোৱা যায়।ওদালগুৰি জিলা সদৰৰ উপৰিও টংলা, ভেৰগাওঁ, কলাইগাঁও, ডিমাকুচি, হৰিশিঙা, পানেৰী, বেংবাৰী, ৰৌতা, ওৰাং, মাজবাট ইত্যাদি অঞ্চলত বন্ধৰ প্ৰভাৱ পৰা বুলি বিভিন্ন সূত্ৰৰ পৰা খবৰ পোৱা গৈছে।বন্ধৰ সময়ছোৱাত দুই এখন ব্যক্তিগত যানবাহণ চলাচল কৰে যদিও দূৰণিবটীয়া সকলো যান-বাহনৰ চলাচল বন্ধ হৈ থকাৰ লগতে চৰকাৰী বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে।ইয়াৰোপৰি চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ হৈ থাকে কিন্তু ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজসমূহ চলি থকা দেখা যায়।বন্ধৰ সময়ছোৱাত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা নাই যদিও জিলাখনৰ বিভিন্ন প্ৰান্তত বন্ধৰ সমৰ্থকসকলে পুৱাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।ইফালে বন্ধৰ সময়ছোৱা যাতে সুকলমে পাৰ হয় তাৰ বাবে জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে
কমতাপুৰ ৰাজ্য-জনজাতিকৰণ, ওদালগুৰিত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, জনজীৱন ব্যাহত
https://www.newsnextone.com/print/14666
29592
ীৱ পাতিৰ 14 / 2019 অসম আন্দোলনৰ জাতীয় ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই আজি মাজুলী মহকুমা ছাত্ৰ সন্থাই বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে।উল্লেখ্য যে মণিপুৰ, ত্ৰিপুৰা, অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিল কৰাৰ দাবীত হোৱা আন্দোলনত আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰি মাজুলী মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঠখন আঞ্চলিক ছাত্ৰ সন্থাই মাজুলীৰ বিভিন্ন ৰাজহুৱা স্থানত থকা ছহিদ বেদীত বন্তি প্ৰজ্জ্বলন কৰে৷ জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাই ফুলনি চাৰিআলিৰ ৰাজহুৱা ছহিদ বেদীত এই কাৰ্যসূচী ৰূপায়ণ কৰে।কাৰ্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য ভূঞাই অসমৰ এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হোৱা আন্দোলনত নিৰ্যাতন ভোগ কৰা প্ৰতিগৰাকী ছাত্ৰকৰ্মী আৰু ৰাইজৰ আশু আৰোগ্য কামনা কৰাৰ লগতে এই সংগ্ৰাম আৰু অধিক গতিশীল কৰিবলৈ আহ্বান জনায়।মাজুলীৰ বিভিন্ন প্ৰান্তত হোৱা কাৰ্যসূচীত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পবিত্ৰ গোস্বামী, সভাপতি অজিত হাজৰিকা, সাধাৰণ সম্পাদক বিতোপন শৰ্মাই উপস্থিত থাকি কাৰ্যসূচী সফল কৰে।জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱা আৰু সম্পাদক অবিনাশ বৰাৰ নেতৃত্বত ফুলনি চাৰিআলিৰ ৰাজহুৱা স্থানত কেন্দ্ৰীয় ছহিদ বেদীত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিপৰীতে মাজুলী সদৰ গড়মূৰ, ভকতিদুৱাৰ, মধ্য মাজুলী, কমলাবাৰী, গেজেৰা, পূব মাজুলী, নামনি মাজুলী, দক্ষিণ মাজুলী আদি বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই এই বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে
মাজুলীত আছুৰ বন্তি প্ৰজ্জ্বলন
https://www.newsasn.com/node/5054
29593
গৌতম তালুকদাৰ, শিলচৰ প্ৰত্যেক বছৰৰ দৰে এইবাৰো আজি ১৪ জুলাইত ৰথযাত্রা উপলক্ষে শিলচৰৰ ইছকন মন্দিৰত ব্যাপক কার্যসূচী গ্রহণ কৰা হৈছে৷ আজি বিয়লি তিনিমান বজাত ইছকন মন্দিৰৰ সম্মুখত সোণৰ ঝাৰুৰে পথ ঝাৰু দি সুসজ্জিত ৰথৰ যাত্ৰা মুকলি কৰে উপায়ুক্ত ডাঃ এছ লক্ষণানে।এই অনুষ্ঠানত উপস্থিত আছিল ইছকনৰ সভাপতি গৌৰনিতাই দাস, সুদূৰ ৰাছিয়াৰ পৰা অহা আঠগৰাকী ৰুছ কৃষ্ণভক্ত, অতিৰিক্ত উপায়ুক্ত মধুমিতা চৌধুৰীসহ স্থানীয় বিশিষ্ট নাগৰিক আৰু পাঁচ শতাধিক ভক্তবৃন্দ।ৰথযাত্রা উপলক্ষে পুৱাৰে পৰাই ইছকন মন্দিৰত ভজন-কীৰ্তন, প্ৰসাদ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।মন্দিৰৰ পৰা ৰথৰ সমদল পোনে পোনে অম্বিকাপট্টী, চাৰ্চ ৰ'ড, শিলংপট্টী, ক্লাব ৰ'ড, ৰাঙ্গিৰখাড়ী ঘূৰি পুনৰ ইছকন মন্দিৰত উপস্থিত হয়।ৰথযাত্রাৰ সময়ত ৰাজপথত কৃষ্ণনাম কীর্তনসহ কেইবা হাজাৰ লোকে সমদলত অংশ গ্ৰহণ কৰে।পথৰ দাঁতিত থকা ভক্তসকলে ৰথৰ ৰছী টানি ধৰ্মীয় পৰম্পৰা আৰু আচাৰ-অনুষ্ঠান আদিত অংশ লৈ মংগল প্রার্থনা কৰে।ইপিনে, শিলচৰৰ শ্যাম সুন্দৰ আখৰা, ৰংপুৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰীয় মঠসহ বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠানতো ৰথযাত্রা উপলক্ষে ব্যাপক আয়োজন কৰা হয়।উল্লেখযোগ্য যে, আজিৰ দিনটোত শ্ৰীকৃষ্ণ, বলৰাম আৰু সুভদ্রা ৰথত উঠি মাহীয়েকৰ ঘৰলৈ যোৱাৰ ৰীতি তথা ধৰ্মীয় পৰম্পৰা আছে।ৰথযাত্রা উপলক্ষে শিলচৰৰ বহুতো ঠাইত মেলাৰো আয়োজন কৰা হৈছে।এইবাৰ ইছকন মন্দিৰতেই মাহীয়েকৰ ঘৰ তৈয়াৰ কৰা হৈছে।আনহাতে,ৰথ উত্সৱ উপলক্ষে এসপ্তাহ ভজন কীৰ্তন অনুষ্ঠিত হ'ব বুলি মন্দিৰৰ সভাপতিয়ে জানিবলৈ দিয়ে
শিলচৰত ইছকনৰ ৰথযাত্রাত বিশাল সমদল, আঠগৰাকী ৰুছ কৃষ্ণভক্তৰ অংশগ্ৰহণ
https://janambhumi.in/VFdwTmVVMVVRVDA9/%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A6%9A%E0%A7%B0%E0%A6%A4-%E0%A6%87%E0%A6%9B%E0%A6%95%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%A5%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A6%B2-%E0%A6%B8%E0%A6%AE%E0%A6%A6%E0%A6%B2,-%E0%A6%86%E0%A6%A0%E0%A6%97%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%80-%E0%A7%B0%E0%A7%81%E0%A6%9B-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%AD%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%85%E0%A6%82%E0%A6%B6%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A6%A3.html
29594
শিৱসাগৰঃ দুটা দূৰ্ধূৰ্ষ গাড়ী চোৰ, এজনৰ ঘৰ নাগালেণ্ডত আনজন শিৱসাগৰ জাঁজীৰ বাসিন্দা৷ কিন্তু নাগালেণ্ডৰ চোৰ জনে এখন বেলেন' চাৰিচকীয়া বাহন মৰাণৰ পৰা চুৰ কৰি লৈ আহিছিল৷ কিন্তু ভাগ্য বেয়া আছিল দুয়োৰে৷ কিয়নো সহপাঠী জনক মৰাণ আৰক্ষীয়ে আটক কৰি আনজন চোৰক লগত লৈ বিশেষ সূত্রৰ পম খেদি গৌৰীসাগৰত আটক কৰে মৰাণ আৰক্ষীয়ে ইজনকো৷ উল্লেখযোগ্য যে আৰক্ষীয়ে তেওঁৰ সহপাঠী চোৰজনক লগত লৈ অহাৰ বিষয়ে আনজন চোৰে উমান পোৱা নাছিল৷ যাৰ বাবে চুৰি কৰা গাড়ী লৈ আহি বিনায়কতে চাহ একাপ খাই লগৰ জনলৈ অপেক্ষা কৰিছিল চোৰজনে৷ কিন্তু ক্ষন্তেক সময়ৰ পাছতেই সহপাঠীজন আহিছে বুলি ওলাই অহা এইজনা চোৰ আৰক্ষীৰ ফান্দত পৰে৷ ঘটনাস্থলীতে, কৌশলেৰে মৰাণৰ পৰা অহা আৰক্ষীৰ দলটোৱে চোৰটোক মাটিত বগৰাই এটা বন্দুক উদ্ধাৰ কৰাৰ লগতে গাড়ীখনো উদ্ধাৰ কৰে৷ বৰ্তমানে দুয়ো সহপাঠী চোৰকেইজন ৰঙা ঘৰৰ আলহী৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বন্দুকৰ সৈতে বাহন উদ্ধাৰ
https://www.newsnextone.com/sivsagar-police-arrested-two-thief/#comments
29595
উত্পল বৰা, মাজুলী "যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণ পাঁচ বছৰৰ ভিতৰত কৰিম" বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ মাজুলীবাসীৰ সন্মুখত চিঞৰি চিঞৰি দিয়া প্ৰতিশ্ৰুতি আৰু পৰৱৰ্তী সময়ত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগত কেন্দ্ৰীয় পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলীৰ দৰিয়াডুবিৰ পাৰত বাজেট প্ৰস্তাৱবিহীন তথা ডি পি আৰ-হীনভাৱে যোৰহাট- মাজুলী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ কথা এতিয়া বহু পুৰণি হ'ল।২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত যোৰহাট-মাজুলী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ আজি তিনিবছৰ সম্পূৰ্ণ হোৱাৰ পাছতো ডি পি আৰখনেই সম্পূৰ্ণ নোহোৱাত এতিয়া মাজুলীৰ দল-সংগঠন ক্ষুব্ধ হৈ পৰিছে।সেয়ে চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদত আজি মাজুলী মহকুমা ছাত্র সন্থাৰ উদ্যোগত আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে অন্যান্য কেইবাটাও সংগঠনৰ সহযোগত কমলাবাৰী চাৰিআলিত বহু সংখ্যক লোকৰ অংশগ্ৰহণেৰে জোঁৰ সমদল উলিওৱা হয়।সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য সূৰ্য্য কুমাৰ ভূঞা,মাজুলী মহকুমা ছাত্র সন্থাৰ সভাপতি অজিত হাজৰিকা, সম্পাদক বিতুপণ শৰ্মা, মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পবিত্ৰ গোস্বামী আৰু উপ-সভাপতি দীপক নেওগে নেতৃত্ব দিয়া সমদলে 'মিছলীয়া নৰেন্দ্ৰ মোদী মুৰ্দাবাদ','নীতিন গাডকাৰী হাঁয় হাঁয়','দলঙক লৈ ৰাজনীতি নচলিব' ইত্যাদি ধ্বনি দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে।প্ৰতিবাদত মাজুলী জিলা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি জগত হাজৰিকা আৰু সাধাৰণ সম্পাদক অলিন হাজৰিকায়ো অংশগ্ৰহণ কৰে
অসাৰ হ'ল যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিঃ জোঁৰ সমদলেৰে উত্তাল মাজুলী
https://janambhumi.in/VFdwcmVFNTZUVDA9/%E0%A6%85%E0%A6%B8%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E2%80%99%E0%A6%B2-%E0%A6%AF%E0%A7%8B%E0%A7%B0%E0%A6%B9%E0%A6%BE%E0%A6%9F-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A7%80-%E0%A6%B8%E0%A6%82%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%80-%E0%A6%A6%E0%A6%B2%E0%A6%82-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A3%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A6%A4%E0%A6%BF%E0%A6%83-%E0%A6%9C%E0%A7%8B%E0%A6%81%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A6%A6%E0%A6%B2%E0%A7%87%E0%A7%B0%E0%A7%87-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B2-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A7%80.html
29596
ইম্ফলঃ ৰাজনীতিত কিনা-বেচা কোনো নতুন কথা নহয়৷ কিন্তু সমাজৰ বাবে সংগ্ৰাম কৰাৰ পণ লোৱাগৰাকীক কিনাৰ বাবে উৎকোচ দিয়াজন হ'ব দুঃসাহসী৷ এই দুঃসাহসেই দেখুওৱাৰে অভিযোগ উত্থাপন কৰিছে মণিপুৰৰ লৌহমানৱী ইৰম শৰ্মিলাই৷ তাকো এই দুঃসাহস কৰিছে গেৰুৱা দলৰ প্ৰতিনিধিয়ে৷ এই অভিযোগ শৰ্মিলাৰ৷ পিছে টকাৰ বাবে হেনো আদৰ্শ বিক্ৰী নকৰে শৰ্মিলাই৷ উগ্ৰপন্থী সমস্যাৰে জৰ্জৰ মণিপুৰত মানৱ অধিকাৰৰ বাবে বিগত দুটা দশকজুৰি যুঁজ দিয়া শৰ্মিলাই ৰাজনীতিত প্ৰৱেশৰ সিদ্ধান্ত লোৱাৰ দুদিন নৌহৌওতেই শৰ্মিলাক উৎকোচ যাঁচিছে ভাৰতীয় জনতা দলৰ প্ৰতিনিধি এজনে৷ এই কথা সোমবাৰে সংবাদমেলৰ আগত সদৰী কৰি শৰ্মিলাই কয় যে ধনৰ বাবে আদৰ্শৰে আপোচ নকৰে শৰ্মিলাই৷ বিগত ডেৰটা দশকজুৰি মণিপুৰৰ ৰাজনীতিৰ গাদী দখল কৰি থকা অক্ৰাম ইববি সিঙৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বিজেপি দলৰ প্ৰতিনিধি এগৰাকীয়ে ৩৬ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়োৱা বুলি শৰ্মিলাই কয় ৷ ১৫ বছৰ ইববিৰ শাসনৰ কালচোৱাত ৰাজ্যখনত দেখা দিয়া ৰাজনৈতিক অস্থিৰতাকে ইচ্ছ্যু হিচাপে লৈ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শৰ্মিলাৰ কাষ চাপিছিল বিজেপিৰ প্ৰতিনিধি এজনে৷ সোমবাৰে এক সংবাদমেলত শৰ্মিলাই এই কথা প্ৰকাশ কৰে৷ উল্লেখ যে নেত্ৰীগৰাকীয়ে নিজৰ নৱগঠিত দল "পিপ্লছ ৰিছাৰ্জেঞ্চ এণ্ড জাষ্টিছ এলায়েন্স (প্ৰজা) ৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সমষ্টিৰপৰা যুঁজত অৱতীৰ্ণ হ'ব৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
লৌহমানৱীলৈ বিজেপিৰ উৎকোচ
https://www.newsnextone.com/manipur-irom-bjp/#comments
29597
কোকৰাঝাৰঃ ৰাজ্যত মদ, জুৱা, তীৰৰ অবাধ প্ৰচলন হৈ অহা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ এটি অসাধু চক্ৰই আৰক্ষীক মেনেজ কৰি মদ, জুৱা, তীৰৰ অবাধ প্ৰচলন চলাই থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে কোকৰাঝাৰ আৰক্ষী সষ্টম হৈ পৰিছে জুৱাৰীৰ বিৰুদ্ধে৷ কোকৰাঝাৰ সদৰ চহৰকে ধৰি জিলা খনৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিন ধৰি অবৈধভাৱে নাগালেণ্ড লটাৰী আৰু তীৰ খেলৰ প্ৰচলন অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই যোৱা পৰিলক্ষিত হৈছে৷ ২৪ ঘন্টা পূৰ্বে অভিযান চলাই কোকৰাঝাৰ আৰক্ষীয়ে তিনিজনকৈ তীৰখেলৰ টিকট বিক্ৰেতাক আটক কৰিবলৈ সক্ষম হৈছে।আৰক্ষীয়ে কোকৰাঝাৰৰ কোৰ্টপাৰাৰ জাহাংগীৰ আলম, বাবলু সেন, টেঙাপাৰাৰ মুকুল ঘোষক আটক কৰে৷ কোকৰাঝাৰৰ ডিএছ পি কৰিশ্মা নাহিদ আৰু কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বি বসুমতাৰীৰ নেতৃত্বত চহৰখনৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত বহু পৰিমাণৰ অবৈধ নাগালেণ্ড লটাৰী-তীৰখেলৰ টিকট সহ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে, বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰত বহু বছৰ ধৰি নাগালেণ্ড লটৰী, কেৰেলা, মেঘালয় আৰু শ্বিলঙৰ তীৰ আৰু লটাৰী খেলৰ টিকট অবৈধ ভাৱে বিক্ৰী কৰি অহাৰ অভযোগ উত্থাপন হৈ আগিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ শেহতীয়াকৈ আৰক্ষীয়ে অভিযান চলাই অবৈধ লটাৰী-তীৰ খেলৰ ঘাটি উচ্ছেদ কৰাৰ লগতে ইয়াৰে জুৱাৰীক লোকক আটক কৰাত ৰাইজে শলাগ লয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কোকৰাঝাৰত নাগালেণ্ড, কেৰেলা, শ্বিলঙৰ তীৰ-লটাৰীৰ অবাধ প্ৰচলন, সষ্টম আৰক্ষী
https://www.newsnextone.com/police-action-against-gambler-india/#comments
29598
ডিজিটেল ডেস্কঃ উবেৰ কাৰত উঠিবলৈ এতিয়া ৪৯ টকা হ'লেই হ'ল।কিয়নো উবেৰে ভাৰতত মুকলি কৰিছে।এই নতুন পাছ লৈ যাত্ৰীয়ে ৪৯ টকাৰ ফ্লেট মূল্যত ভ্ৰমণ কৰিব পাৰিব।অৱশ্যে সম্প্ৰতি এই সুবিধা গুৱাহাটীলৈ অহা নাই।বেংগালুৰুত মুকলি হৈছে উবেৰৰ এই নতুন প্লেন।আকৌ মুম্বাইত এই একেটা উবেৰ পাছৰ বাবে থিৰাং কৰা ফিক্সড ভাড়া হৈছে ৯৯ টকা।৮ কি.মি. দুৰত্বৰ বাবে মাত্ৰ ৯৯ টকা দিলেই নিবলৈ উবেৰ সাজু।পৰীক্ষামূলক এই প্লেনত যাত্ৰীয়ে এসপ্তাহত নিৰ্ধাৰিত পৰিমাণৰ ৰাইড সম্পন্ন কৰিলেহে পৰৱৰ্তী সপ্তাহত উবেৰ পাছৰ সুবিধা পাব।এই সুবিধা আনলক কৰাৰ বাবে চহৰৰ ১০ শতাংশ উবেৰ ইউজাৰলৈ মেইল পঠোৱা হ'ব।মেইল চ্চেক কৰি আনলক কৰিলেই এই সুবিধা উপলব্ধ হ'ব।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
উবেৰ পাছঃ ভাৰতত মুকলি আকৰ্ষণীয় প্লেন
https://www.newsnextone.com/uberpass-launched-in-india/#comments
29599
অৰুণাচল প্ৰদেশৰ নামচাই জিলাত যোৱা কেইবাদিনো ধৰি চলি থকা গোষ্ঠীগত সংঘাতৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত তাই খামতি আৰু চিংফৌ কাউন্সিলে ২৮ অক্টোবৰত এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছে।বৈঠকত জিলাখনৰ আইন-শৃংখলাৰ দিশটো আলোচনা কৰা হ'ব বুলি এটা বিবৃতিযোগে সংগঠনটোৱে জানিবলৈ দিছে।পুৱা ৯ বজাত অনুষ্ঠিত হ'ব লগীয়া বৈঠকৰ স্থান হ'ব চংখাম কমিউনিটি হল।যোৱা ২৫ অক্টোবৰত জিলাখনৰ জয়পুৰ গাৱঁৰ পৰা আদি ছাত্ৰ সন্থা আৰু আদি বানে কেবাঙে এটা ডাঙৰ সমদল উলিয়াইছিল।সমদলত বাধা দিব খোজা আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হৈ প্ৰতিবাদী সমদলকাৰীয়ে আৰক্ষীলৈ শিল আৰু ইটা দলিয়াইছিল।কেইবাজনো আৰক্ষী বিষয়া আৰু জোৱান এই ঘটনাত আহত হৈছিল।ইয়াৰ পূৰ্বে ১৫ অক্টোবৰত জিলাখনৰ টেঙাপানী ফৰেষ্ট ৰিজাৰ্ভৰ অধীনৰ খাই-হেই নলাৰ ওচৰত থকা এখন আদি সম্প্ৰদায়ৰ গাৱঁত অচিনাক্ত দুৰ্বৃত্তই ১৪টাকৈ ঘৰ জ্বলাই দিছিল।আদি ছাত্ৰ সন্থাই এই কাণ্ডত সদৌ তাই খামতি চিংফৌ ছাত্ৰ সন্থাৰ সদস্য জড়িত থকা বুলি অভিযোগ আনিছে।অৱশ্যে অভিযোগৰ সত্যতা নাকচ কৰিছে সদৌ তাই খামতি চিংফৌ ছাত্ৰ সন্থাই।আনপিনে কাইলৈ বৈঠক আহ্বান জনাই তাই খামতি চিংফৌ কাউন্সিলে কয় যে এই পৰিপ্ৰেক্ষিতত নামচাই জিলা কমিউনিটি বেছড সংস্থাবোৰে (চি বি অ') ছাত্ৰ আৰু যুৱ সংস্থাবোৰৰ সৈতে বিষয়টো খামতি আৰু চিংফৌ জনসাধাৰণৰ সৈতে বহল পৰিসৰত আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।বিবৃতিটোত আদি ছাত্ৰ সন্থাক ইংগিত কৰি কোৱা হয়, "আমাৰ ঠাইত ওপৰত কোৱা ধৰণৰ কোনো বহিৰাগত সংগঠনক যাতে ভৱিষ্যতে সমাৱেশ বা সমদল উলিয়াব অনুমতি দিয়া নহয় এই বিষয়ে আলোচনা কৰা হ'ব।" বৈঠকত খামতি আৰু চিংফৌ সমাজৰ সকলো স্বাৰ্থজড়িত পক্ষক, ছাত্ৰসমাজ আৰু যুৱসকলকে ধৰি, উপস্থিত থাকিবলৈ কোৱা হৈছে
নামচাইত গোষ্ঠীগত সংঘাতৰ উত্তেজনা অব্যাহত; তাই খামতি চিংফৌ কাউন্সিলৰ বৈঠক আহ্বান
https://assam.nenow.in/tai-khampti-singpho-council-convens-an-emergency-meeting-on-28th-oct/
29600
বাইহাটা চাৰিআলিঃ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত প্ৰতি বছৰে সংঘটিত হৈ অহা চুৰি কাৰ্যৰ অশুভ পৰাম্পৰাৰ পৰা এইবাৰো পৰিত্ৰাণ নাপালে কামৰূপী জিলাৰ বাইহাটা চাৰিআলি চ'কটোৱে।পূৰ্বৰ দৰে এইবাৰো পূজাৰ বতাহ বলাৰ মাজতে বুধবাৰে নিশা বাইহাটা চাৰিআলি আৰক্ষী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয় আৰু ট্ৰেফিক পইন্টৰ মাথোঁ কেই মিটাৰ মান ব্যৱধানত মঙলদৈ পথত অৱস্থিত সুমিত্ৰা হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনত চোৰে চাফাই অভিযান চলাই।জানিব পৰা মতে চোৰে দুৱাৰৰ তলা ভাঙি এই প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় ৪০ টা পানী উত্তোলক পাম্প, ১০ টা দ্ৰিলমেচিন, ৪০ বাকচ বিব কক আৰু ১০ টা গ্ৰিন্দাৰ মেচিন চুৰি কৰি নিয়ে।চুৰি সামগ্ৰী খিনিৰ মূল্য প্ৰায় ২লাখ ৬২ হাজাৰ টকা বুলি জানিব পৰা গৈছে।লক্ষণীয় ভাৱে এই সামগ্ৰীখিনি চুৰি কৰি নিবলৈ দুৰ্বৃত্তই চাৰি অথবা তিনি চকীয়া বাহন ব্যৱহাৰ কৰিব লগা হোৱাতো নিশ্চিত।কিন্তু চকটোত আৰক্ষীৰ নিয়মিত পহৰা আৰু ভ্ৰাম্যমান টহল ব্যৱস্থা থকাৰ পিছতো চোৰে কিদৰে নিৰ্বিঘ্নে এই সামগ্ৰী খিনি চুৰি সামগ্ৰী খিনি চুৰি কৰি নিবলৈ সক্ষম হ'ল সেইলৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ।তাৎপৰ্যপূৰ্ণ ভাবে বুধবাৰে সন্ধিয়াও চ'কটোৰ পৰা এখন বাইক চুৰি হৈছিল।ইয়াৰ পৰা স্থানীয় বাইহাটা চাৰিআলি থানাৰ আৰক্ষী চুৰি ঘটনাক লৈ উদাসীন আৰু কোনো ক্ষেত্ৰত চোৰৰে গোপন বুজাবুজি থকাৰো সম্ভাৱনা ব্যক্ত কৰি স্থানীয় ৰাইজে এনে ব্যৰ্থতাৰ বাবে আৰক্ষীক তীব্ৰ ধিক্কাৰ দিছে।অৱশ্যে আজি পুৱা নিধিৰাম চৰ্দাৰৰ দৰে আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ চুৰি কাণ্ড সংঘটিত হোৱা দোকানখন আৰু অঞ্চলটোৰ কিয়দাংশ পৰ্যবেক্ষণ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বাইহাটা চাৰিআলিত দুৰ্গা পূজাৰ পৰম্পৰা অক্ষুন্ন ৰাখি চোৰৰ তাণ্ডৱ
https://www.newsnextone.com/thief-in-baihata/#comments