text
stringlengths 50
76.8k
|
---|
ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ ( 6, 1924 2002 23, 2007 ) এজন আমেৰিকান শৰীৰতত্ত্ববিদ মগজুৱে কেনেকৈ শৰীৰৰ গুৰুত্বপূৰ্ণ অভ্যন্তৰীণ কামবোৰ নিয়ন্ত্ৰণ কৰে সেয়া আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ ভিতৰত তেখেত অন্যতম তেখেতৰ দেউতাক আছিল বিখ্যাত উদ্ভিদ বিজ্ঞানী আৰু স্মিথ কলেজৰ অধ্যাপক ৱিলিয়াম ফ্ৰান্সিছ গেনং জ্যেষ্ঠ
হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ পৰা শিক্ষা লাভ কৰি তেখেতে দ্বিতীয় বিশ্বযুদ্ধ আৰু কোৰিয়ান যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বিভাগত কাম কৰিছিল
নিউৰ'এণ্ড'ক্ৰাইন'ল'জিষ্ট বিচাপে প্ৰতিষ্ঠিত হৈ তেখেতে কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ শৰীৰতত্ত্বৰ লেঞ্জ আসনৰ অধ্যাপক আছিল 2003 তেখেতে ১৯৭৭-৭৮ চনত আমেৰিকান ফিজিঅ'ল'জিকেল চ'ছাইটীৰ ৫০তম সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল গৱেষণাকলত তেখেতে আৱিষ্কাৰ কৰে যে ৰক্তচাপ আৰু ফ্লুইডৰ ভাৰসাম্যতা বা শৰীৰৰ লৱণ আৰু পানীৰ স্তৰ এড্ৰিনেল গ্ৰন্থি আৰু বৃক্কই নিয়ন্ত্ৰণ কৰে এই আৱিষ্কাৰে উচ্চ ৰক্তচাপৰ চিকিৎসাৰ বিকাশত প্ৰভুত সহায় কৰে হৃদয়ৰ তালত প্ৰভাৱ পেলোৱা "ল'ন-গেনং-লেভাইন ছীন্দ্ৰ'ম" আৱিষ্কাৰতো তেখেতে ভূমিকা পালন কৰিছিল
তেখেতে লিখা শৰীৰতত্ত্বৰ কিতাপ ছাত্ৰ-শিক্ষকসকলৰ মাজত বহুলভাৱে জনপ্ৰিয় ১৯৬৩ চনত প্ৰথম প্ৰকাশিত এই কিতাপৰ বৰ্তমান ২৫তম সংস্কৰণ প্ৰকাশ পাইছে আৰু ১৮টা ভাষালৈ অনূদিত হৈছে
২০০৭ চনৰ ২৩ ডিচেম্বৰত কলিফ'ৰ্নিয়াৰ আলবাণী তেখেতে মৃত্যুবৰণ কৰে
তথ্য উৎস
..
শ্ৰেণী:বিজ্ঞানী
শ্ৰেণী:চিকিৎসাবিদ
শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
|
ৱুল্ফ্ চাকঁফ প্ৰভাৱ ( ), বুলিলে অধিক পৰিমাণৰ আয়'ডিন সেৱনৰ পাছত থাইৰইড হৰম'নৰ মাত্ৰা কমি যোৱাটো বুজায় কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ ড জাঁ ৱুল্ফ আৰু ইজৰাইল লিয়ন চাকঁফে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল ১৯৪৮ চনত তেওঁলোকে লক্ষ্য কৰে যে এন্দুৰৰ গাত আয়'ডিনৰ বেজী দিলে থাইৰইড গ্ৰন্থিত সাধাৰণাতে হোৱা আয়'ডিনৰ অৰ্গেনিফিকেছন (জাৰণ) সম্পূৰ্ণভাৱে ব্যাহত হয় গ্ৰে'ভ্ছৰ ৰোগ থকা ব্যক্তিৰ নিৰোগী লোকতকৈ এনে হোৱাৰ সম্ভাৱনা বেছি, আৰু গ্ৰে'ভ্ছৰ ৰোগৰ চিকিৎসাত আয়'ডিন ব্যৱহৃত হয়
ৱুল্ফ্ চাকঁফ প্ৰভাৱ এক স্বয়ংনিয়ামক পৰিঘটনা ( ) য'ত থাইৰইড গ্ৰন্থিৰ অৰ্গেনিফিকেছন, থাইৰইডৰ আবৃত থলীত থাইৰইড হৰম'নৰ সৃষ্টি আৰু তেজলৈ এই হৰম'নৰ ক্ষৰণ ব্যাহত হয় এনে হ'লে তেজত আয়'ডিনৰ মাত্ৰা বেছি পোৱা যায় অতিমাত্ৰা আয়'ডিন নাকচ কৰি থাইৰইড গ্ৰন্থিত অধিক পৰিমাণৰ থাইৰইড হৰম'ন সৃষ্টি ৰোধ কৰিবলৈ এই পৰিঘটনা এক কাৰ্যকৰী প্ৰক্ৰিয়া
ৱুল্ফ্ চাকঁফ প্ৰভাৱ কেইবাদিনো থাকে (প্ৰায় ১০ দিন) তাৰ পাছত "অপসৰণ পৰিঘটনা" ( ) দেখা যায় য'ত সাধাৰণভাৱে পুনৰ আয়'ডিনৰ অৰ্গেনিফিকেছন আৰু থাইৰইড পেৰ'ক্সিডেজৰ কাম চলি থাকে থাইৰইড আবৃত থলী কোষত ছ'ডিয়াম-আয়'ডিন ছীম্প'ৰ্টাৰৰ সংখ্যা কমি যোৱা আৰু ফলত অজৈৱ আয়'ডিনৰ মাত্ৰা কমি যোৱাক "অপসৰণ পৰিঘটনা"ৰ কাৰণ বুলি ভবা হয়
উচ্চ পৰিমাণৰ আয়'ডিনেৰে থাইৰইড গ্ৰন্থিক অৱদমন কৰি ৱুল্ফ্ চাকঁফ প্ৰভাৱক থাইৰইড আতিশয্যৰ (বিশেষকৈ থাইৰইড ষ্টৰ্ম) চিকিৎসা নীতি ৰূপে ব্যৱহাৰ কৰিব পাৰি এণ্টিথাইৰইড ঔষধ উদ্ভাৱনৰ আগতে আয়'ডিনক থাইৰইড আতিশয্যৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল হাইপাৰথাইৰইডিজমত ভোগা লোকক আয়'ডিন দিলে থাইৰইড গ্ৰন্থি আঁতৰাই দিয়া লোকৰ নিচিনাকৈ মৌলিক বিপাকীয় ক্ৰিয়া ( ) কমা দেখা যায় আয়'ডিন থকা ঔষধ যেনে এমিঅ'ডেৰন খালে থাইৰইড নূন্যতা () হোৱাটোকো এই পৰিঘটনাই ব্যাখ্যা কৰিব পাৰে আণৱিক জৰুৰীকালীন অৱস্থাত পটাছিয়াম আয়'ডাইড ব্যৱহাৰ কৰাতো ৱুল্ফ্ চাকঁফ প্ৰভাৱৰ ভূমিকা আছে (1991). " ." 2. . . 227-8. "'' : () ; ()
; ()
( - ); () ."
আৰু চাওক
য়'ড্-বেচেড' প্ৰভাৱ
থাইৰইড হৰম'ন
তথ্যসূত্ৰ
শ্ৰেণী:অন্তঃস্ৰাৱী বিজ্ঞান
|
প্ৰধান ৱুৰাওলা আদেপেজু এছান (, ১৯০৯১৯৮৫) এগৰাকী নাইজেৰিয়ান শিক্ষয়িত্ৰী, নাৰীবাদী আৰু ৰাজনীতিবিদ আছিল ইবাদানৰ ইয়ালোড হিচাপে কাম কৰি তেওঁ নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাক এজন পৰম্পৰাগত অভিজাত ব্যক্তিৰ উচ্চাকাংক্ষাৰ সৈতে সংযুক্ত কৰিছিল . (): " : " . . ; . . . ; , , . 34, . 3, 1993.
১৯০৯ চনত কালাবাৰত ইবাদানৰ অজো-বাদান পৰিয়ালত ৱুৰাওলা আদেপেজু এছানৰ জন্ম হৈছিল
ছোৱালীৰ শিক্ষাৰ বাবে সক্ৰিয় সমৰ্থন আগবঢ়োৱা লাগোছ মহিলা লীগৰ পৰা এছান গভীৰভাৱে অনুপ্ৰাণিত হৈছিল তেওঁৰ ৰাজনৈতিক সক্ৰিয়তাই গতি লাভ কৰিছিল যেতিয়া তেওঁ আৰু আন কিছুমান মহিলাই নাইজেৰিয়ান যুৱ আন্দোলন আৰু নাইজেৰিয়া আৰু কেমেৰুণৰ ৰাষ্ট্ৰীয় পৰিষদত সক্ৰিয় ভূমিকা পালন কৰিছিলযিবোৰ সেই সময়ত লাগোছৰ ৰাজনীতিত অতি সক্ৰিয় আছিল কেইবছৰমানৰ পিছত তেওঁ পুনৰ নিজৰ গৃহ চহৰ ইবাদানলৈ গুচি যায় . . - , , 2005, 74.
যদিও ঔপনিৱেশিক যুগত মহিলাসকলৰ বাবে উপলব্ধ শিক্ষাৰ সুবিধা সীমিত আছিল ১৯৪৪ চনত তেওঁ মোলেটত ইবাদান পিপলছ গাৰ্লছ গ্ৰামাৰ স্কুল -. : - , , 1997, 48. প্ৰতিষ্ঠা কৰে, যাতে মহিলাসকলক ঘৰুৱা বিজ্ঞানকে ধৰি বিভিন্ন বিষয়ত শিক্ষা প্ৰদান কৰে কিন্তু তেওঁৰ মতামত আৰু পৰৱৰ্তী ৰাজনৈতিক ধাৰণাসমূহে বহল সমাজত নাৰীৰ স্থানৰ বিষয়ে বহুত বেছি বিস্তাৰিত দৃষ্টিভংগীৰ পোষকতা কৰা নাছিল . , , 1992, 133.
১৯৫০ চনত দলীয় ৰাজনীতিত প্ৰৱেশ কৰি একচন গ্ৰুপৰ মহিলা শাখাৰ সদস্য আছিল যদিও মহিলাসকল ভোট সংগ্ৰহৰ গুৰুত্বপূৰ্ণ আহিলা আছিল, তথাপিও কমসংখ্যককহে চৰকাৰী ক্ষমতা আৰু দলব্যাপী দায়িত্ব দিয়া হৈছিল কিন্তু এছানে ৰেংকৰ মাজেৰে গতি কৰি তেওঁ ইবাডান ৱেষ্টৰ পৰা মনোনীত চিনেটৰ হিচাপে নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাৰ প্ৰথমগৰাকী মহিলা সদস্য হবলৈ সক্ষম হয় এছান নেচনেল কাউন্সিল অৱ ৱমেন ছচাইটিৰ প্ৰতিষ্ঠাপক সদস্যও আছিল ১৯৭৫ চনত তেওঁ ইয়ালোডে উপাধি গ্ৰহণ কৰে আৰু এইদৰে ইবাদানত উচ্চ মুখীয়ালৰ পদবী লাভ কৰে
তথসূত্ৰ
শ্ৰেণী:নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মী
|
ৱেই টিংটিং (; জন্ম: ১৯৮৯) এগৰাকী চীনা আৰু নাৰীবাদী কৰ্মী, লেখিকা আৰু তথ্যচিত্ৰ নিৰ্মাতা তেওঁ 'ফেমিনিষ্ট ফাইভ'ৰ ভিতৰত অন্যতম
প্ৰাৰম্ভিক জীৱন
চীনৰ গুৱাংছিৰ দক্ষিণ অঞ্চলৰ হেচিত ৱেইৰ জন্ম হৈছিল ২০০৯ চনত ৱেইয়ে এলএলবি লাভ কৰে৷ তেওঁ য়ুহান বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে ২০১১ চনত ৱেইয়ে এল এল এম লাভ কৰে য়ুহান বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে
কৰ্মজীৱন
কলেজত পঢ়ি থকাৰ সময়তে ৱেই মহিলা আৰু এলজিবিটি অধিকাৰ আন্দোলনত সক্ৰিয় হৈ পৰে৷ ২০০৭ আৰু ২০০৯ চনত ৱেইয়ে দ্য ভেজিনা মনোলগছৰ প্ৰযোজনাৰ সমন্বয় আৰু মঞ্চায়নত সহায় কৰিছিল তেওঁ য়ুহান ৰেইনবো নামৰ এলজিবিটি সংগঠনত যোগদান কৰে
ৱেইয়ে বেইজিঙৰ এলজিবিটিকিউ অধিকাৰ সংস্থা জিআণ্ডেৰ পৰিচালক হিচাপেও কাম কৰিছিল
ৱেই চীনত নেচনেল বাইচেক্সুৱেল নেটৱৰ্কৰ সহ-প্ৰতিষ্ঠাপক আছিল
২০১১ চনৰ পৰা ২০১৬ চনলৈকে ৱেইয়ে যৌনতা আৰু যৌন স্বাস্থ্যক কেন্দ্ৰ কৰি চলি থকা বেইজিং জেণ্ডাৰ হেল্থ এডুকেচন ইনষ্টিটিউটত প্ৰজেক্ট মেনেজাৰ হিচাপে কাম কৰিছিল৷ তেওঁ লিংগ বৈষম্য আৰু যৌন বৈচিত্ৰ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰিছিল তেওঁৰ কৰ্মৰ ভিতৰত গ্ৰেট ৱালত বাৰ্ষিক এইডছ ৱাক, মূল চীনৰ প্ৰথম বৃহৎ পৰিসৰৰ এইচ আই ভিএইডছ ৰাজহুৱা ধন সংগ্ৰহ প্ৰকল্প চীন এইডছ ৱাক, ভাল এলজিবিটি সম্প্ৰদায়ৰ প্ৰতিবেদনৰ বাবে মূলসুঁতিৰ মিডিয়া বঁটাৰ সমন্বয়, আৰু চীনত সংস্থাটোৰ ৰাইটছ এণ্ড এডভোকেচি প্ৰগ্ৰেম আৰু বাৰ্ষিক ৰাষ্ট্ৰীয় এলজিবিটি সন্মিলনৰ সমন্বয় কৰা আদি উল্লেখনীয় ৱেইয়ে চীনৰ প্ৰথমটো অলাভজনক এলজিবিটি ৱেবকাষ্ট "কুইয়াৰ কমৰেডছ"ৰ সহ-আয়োজক আছিল৷ তেওঁ চীন, টাইৱান আৰু হংকং ভিত্তিক নেটৱৰ্ক কুইয়াৰ লালা টাইমছৰ সদস্য আছিল আৰু ভাৰত আৰু দক্ষিণ কোৰিয়াত মহিলা সন্মিলনত অংশগ্ৰহণ কৰিছিল ২০১২ চনত ৱেই টিংটিং আৰু লি টিংটিঙে বেইজিঙত ঘৰুৱা হিংসাৰ বিৰুদ্ধে ভেলেণ্টাইন ডে'ৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে ২০১২ চনৰ পৰা ২০১৪ চনলৈকে ৱেই চাইনিজ লালা এলায়েন্সৰ প্ৰজেক্ট মেনেজাৰ আছিল
তথ্যসূত্ৰ
শ্ৰেণী:এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি
শ্ৰেণী:চীনৰ ব্যক্তি
শ্ৰেণী:নাৰীবাদী
শ্ৰেণী:চীন দেশৰ নাৰী অধিকাৰ কৰ্মী
শ্ৰেণী:লেখিকা
শ্ৰেণী:তথ্যচিত্ৰ নিৰ্মাতা
শ্ৰেণী:নাৰীবাদী লেখক
|
ৱেঞ্জবুৰী পৰীক্ষা , ইংৰাজীত , আইনপ্ৰদত্ত কোনো স্বেচ্ছাধীন () ক্ষমতাৰে সিদ্ধান্ত লওঁতে কাৰ্য্যবাহকে তেনে সিদ্ধান্তত সেই ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে নেকি তাক বিচাৰ কৰি চাবৰ বাবে বিচাৰকে প্ৰয়োগ কৰা এক পৰীক্ষা য'ত ধনাত্মক পৰিণাম পালে তেনে সিদ্ধান্তত বিচাৰকৰ আদালতে হস্তক্ষেপ কৰাৰ অধিকাৰ বিচাৰি পায় আৰু তেনে সিদ্ধান্তক বেআইনী ঘোষণা, বাতিল অথবা আইনসংগত ৰূপলৈ সলনি কৰাৰ আদেশ কৰিব পাৰে
এছছিয়েটেদ প্ৰভিন্সিয়েল পিক্সাৰ হাউছেছ লিমিটেড বনাম ৱেঞ্জবুৰী কৰ্পৰেছন (১৯৪৮) মোকৰ্দমাত বিচাৰক লৰ্ড গ্ৰীনৰ দ্বাৰা কৰা তেনে এক পৰীক্ষান্ত দিয়া এক দৃষ্টান্তমূলক ৰায়ৰ উদ্ধৃতি দি পাচলৈ বহু দেশ-বিদেশৰ আদালতে এই ধৰণৰ পৰীক্ষাৰ দ্বাৰা একেধৰণৰ বিভিন্ন মোকৰ্দমাত বিচাৰ কৰিছিল আৰু কালক্ৰমত আইনশাস্ত্ৰত এই পৰীক্ষা এক ধ্ৰুপদী তত্ত্বলৈ ৰূপান্তৰিত হৈছিল
সংবিধান বা সাংবিধানিক প্ৰক্ৰিয়াৰে গৃহীত কিছুমান আইনে কাৰ্য্যপালিকাক বিভিন্ন ক্ষেত্ৰত স্বেচ্ছাধীন হৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়ে এনে সিদ্ধান্ত সমূহত ন্যায়পালিকাই সচৰাচৰ হস্তক্ষেপ নকৰে লৰ্ড গ্ৰীনৰ সেই দৃষ্টান্তমূলক ৰায়ত:...201947. কোৱা হয় যে,
চিনেমাটোগ্ৰাফী আইন-১৯০৯ ৰ অধীনত ইংলেণ্ডৰ ষ্টেফৰ্ডশ্বায়াৰৰ স্থানীয়নিকায় ৱেঞ্জবুৰী কৰ্পৰেছনে সেই অঞ্চলৰ চলচ্চিত্ৰ গৃহ সমূহক অনুজ্ঞাপত্ৰ দিয়াৰ স্বেচ্ছাধীন কাৰ্য্যবাহী ক্ষমতা লাভ কৰিছিল চলচ্চিত্ৰ গৃহ সমূহ সপ্তাহৰ সোমৰ পৰা শনিবাৰলৈকে খোলাৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা আছিল আনহাতে দেওবৰীয়া মনোৰঞ্জন আইন-১৯৩২ ( )ৰ অধীনত পাচলৈ চিনেমাটোগ্ৰাফী আইন-১৯০৯ ৰ অধীনত অনুজ্ঞাপত্ৰ দিয়াৰ স্বেচ্ছাধীন কাৰ্য্যবাহী ক্ষমতা থকা স্থানীয়নিকায় সমূহক অনুজ্ঞাপত্ৰ থকা চলচ্চিত্ৰ গৃহ সমূহক দেওবাৰেও খোলা ৰাখাৰ অনুজ্ঞাপত্ৰ দিয়াৰ কাৰ্য্যবাহী ক্ষমতা দিয়া হয় দেওবৰীয়া মনোৰঞ্জন আইন-১৯৩২ ত উল্লেখ থাকে যে দেওবাৰে খোলা ৰাখাৰ অনুজ্ঞাপত্ৰ দিয়াৰ সময়ত স্থানীয়নিকায় সমূহে অনুজ্ঞাপত্ৰত প্ৰয়োজন বুলি ভবা যিকোনো চৰ্ত আৰোপ কৰিব পাৰিব
এই দুই আইনৰ অধীনত ৱেঞ্জবুৰী কৰ্পৰেছনে উক্ত মোকৰ্দমাৰ ফৰিয়াদী এছছিয়েটেদ প্ৰভিন্সিয়েল পিক্সাৰ হাউছেছ লিমিটেডৰ চলচ্চিত্ৰ গৃহক দিয়া অনুজ্ঞাপত্ৰত ১৫ বছৰৰ তলৰ ল'ৰা-ছোৱালীক অকলে বা প্ৰাপ্তবয়স্ক লোকৰ সৈতেও চলচ্চিত্ৰ গৃহত প্ৰবেশ-নিষেধ চৰ্ত আৰোপ কৰিছিল
ফৰিয়াদী এছছিয়েটেদ প্ৰভিন্সিয়েল পিক্সাৰ হাউছেছ লিমিটেডে এই চৰ্তক প্ৰত্যাহ্বান জনাই কৈছিল যে মূলতঃ চিনেমাটোগ্ৰাফী আইন-১৯০৯ ৰ অধীনত প্ৰদান কৰা অনুজ্ঞাপত্ৰত চৰ্ত আৰোপ কৰাতো সমীচীন নহয় কিয়নো সেই আইনত চৰ্ত আৰোপ কৰাৰ কোনো নিয়ম নাই আৰু যদিহে দেওবৰীয়া মনোৰঞ্জন আইন-১৯৩২ অনুসৰি অনুজ্ঞাপত্ৰত চৰ্ত আৰোপ কৰা হৈছে তেন্তে দেওবাৰৰ বাদে বাকী দিনবোৰত অন্ততঃ পিতৃ-মাতৃ, অভিভাৱক বা অন্য প্ৰাপ্তবয়স্ক লোকৰ সৈতে অহা সৰু ল'ৰা-ছোৱালী বোৰক চলচ্চিত্ৰ গৃহত প্ৰবেশ কৰাৰ অনুমতি দিব লাগে
আদালতে দিয়া ৰায় অনুসৰি অনুজ্ঞাপত্ৰ দিয়াৰ স্বেচ্ছাধীন ক্ষমতা থকা ৱেঞ্জবুৰী কৰ্পৰেছনৰ অনুজ্ঞাপত্ৰত ১৫ বছৰৰ তলৰ ল'ৰা-ছোৱালীক চলচ্চিত্ৰ গৃহত প্ৰবেশ-নিষেধ কৰাৰ চৰ্তটোত কোনো আইন লংঘন হৈছে বুলি ফৰিয়াদীয়ে প্ৰতিপন্ন কৰা নাছিল এই অৱস্থাত তেনে চৰ্ত আৰোপ কৰাৰ সময়ত স্বেচ্ছাধীন কাৰ্য্যবাহীয়ে ধ্যান দিবলগীয়া কোনো বিষয়ত ধ্যান নিদিলে বা ধ্যান নিদিবলগীয়া কোনো বিষয়ত অনাহক ধ্যান দিলে বুলিও স্পষ্ট কৰি ফৰিয়াদীয়ে প্ৰতিকাৰ বিচৰা নাছিল গতিকে শেষত আদালতে তৃতীয় পৰীক্ষা অৰ্থাৎ সিদ্ধান্তৰ যুক্তিহীনতা পৰীক্ষা কৰি চৰ্তটো একেবাৰে যুক্তিহীন, অপ্ৰাসংগিক, অদ্ভুত বা অনৰ্থক বুলিও পতীয়ন যাব নোৱাৰি, লাগিলে আদালত চৰ্তটোত একমত হওক বা নহওক কিয়, আপীলতো খাৰিজ কৰিছিল কিয়নো কাৰ্য্যবাহীৰ সেই স্বেচ্ছাধীন সিদ্ধান্তত হস্তক্ষেপ কৰি চৰ্তটোক বেআইনী ঘোষনা কৰাৰ কোনো অৱকাশ নাছিল
তথ্য সংগ্ৰহ
বহিঃসংযোগ
এছছিয়েটেদ প্ৰভিন্সিয়েল পিক্সাৰ হাউছেছ লিমিটেড বনাম ৱেঞ্জবুৰী কৰ্পৰেছন
শ্ৰেণী:আইন
|
200ডেল পাৱাৰ এজ চাৰ্ভাৰ এটাৰ ভিতৰৰ আৰু বাহিৰৰ অংশৰ ছবি
ৱেব-চাৰ্ভাৰ -এ ইণ্টাৰনেটত তথ্য উপলব্ধ কৰে, এইচ টি এম এল আৰু আনুষংগিক প্ৰট'কলৰ জৰিয়তে ই মেচিন বা প্ৰগ্ৰেম যিকোনো এটায়েই হব পাৰে
ৱেবচাৰ্ভাৰ যদিও মূলত অকল ৱেবচাইট হ'ষ্ট কৰিবলৈহে ব্যৱহাৰ কৰা হয় তথপিও ইয়াক আন কিছুমান কামত যেনে তথ্য ভাণ্ডাৰ নাইবা এণ্টাৰপ্ৰাইজ এপ্লিকেচন ( ) জাতীয় চফ্টৱেৰ চলোৱাতো ব্যৱহাৰ কৰা হয়
কাৰিকৰী ব্যাখ্যা
ৱেবচাৰ্ভাৰ এটাৰ প্ৰাথমিক কাম হৈছে ক্লায়েণ্ট কম্পিউটাৰ এটাৰ অনুৰোধ ক্ৰমে তালৈ ৱেবপেজৰ যোগান ধৰা ইয়াৰ অৰ্থ হ'ল এইছ টি এম এল ডকুমেণ্টৰ বিস্তাৰ আৰু লগতে ফ'টো, ষ্টাইল ছিট( ) আৰু স্ক্ৰিপ্ট() জাতীয় যিকোনো তথ্যৰ যোগান ধৰা
এজন ক্লায়েণ্টে (যাৰ অৰ্থ সাধাৰণতে এটা ৱেব ব্ৰাইজাৰ বা ৱেব ক্ৰ'লাৰ) এইছ টি টি পিৰ () সহায়ত বিশেষ সম্বল বিছাৰি এটা ৱেব চাৰ্ভাৰৰ লগত সম্বন্ধ স্থাপন কৰে আৰু চাৰ্ভাৰটোৱে সেই অনুৰোধ অনুসৰি সঁহাৰি দিয়ে নাইবা এটা অশুদ্ধ বাৰ্তা দিয়ে যদি একো উত্তৰ দিব নোৱাৰে এই সম্বল হ'ল প্ৰতীকি অৰ্থত চাৰ্ভাৰটোৰ চেকেণ্ডেৰী মেম'ৰিত সংৰক্ষিত এটা সঁচা ফাইল
অনুৰোধ অনুসৰি সম্বলৰ যোগান ধৰাই ইয়াৰ কাম যদিও এইছ টি টি পিৰ () সম্পূৰ্ণ প্ৰয়োগৰ দ্বাৰা ক্লায়েণ্টৰ পৰাও তথ্য সংগ্ৰহৰ বিভিন্ন উপায় ইয়াৰ অন্তৰ্গত ইয়াৰ ভিতৰত ৱেব ফৰ্ম ভৰ্তিকৰণ আৰু ফাইল আপলোড ও অন্যতম
ৱেব চাৰ্ভাৰ সমূহ অকল ৱৰ্ল্ড ৱাইড ৱেবৰ ( ) সেৱাতে সদায় ব্যৱহাৰ নহয় সিহঁতক কেতিয়বা আন কিছুমান সঁজুলি যেনে প্ৰিণ্টাৰ, ৰাউটাৰ, ৱেবকেম আদিৰ লগত সন্নিবিষ্ট হৈ এটা স্থানীয় বা সীমিত নেটৱ'ৰ্কত ( ) সেৱা আগবঢ়োৱা দেখা যায়
ইতিহাস
পৃথিৱীৰ প্ৰথমটো ৱেব চাৰ্ভাৰ
১৯৮৯ চনত টিম বাৰ্নাৰ্ছ লীয়ে ( -) এটা প্ৰকল্পৰ ধাৰণা কৰে যাৰ লক্ষ্য আছিল হাইপাৰটেক্সট () পদ্ধতি ব্যৱহাৰ কৰি বৈজ্ঞানিক সকলৰ মাজত তথ্যৰ আদান প্ৰদান প্ৰক্ৰিয়া সহজ কৰি তোলা তাৰ বাবে লীয়ে ১৯৯০ চনত দুটা কম্পিউটাৰ প্ৰ'গ্ৰাম () লিখি উলিয়ায় :
ৱৰ্ল্ড ৱাইড ৱেব নামৰ এটা ব্ৰাউজাৰ
পৃথিৱীৰ প্ৰথমটো ৱেব চাৰ্ভাৰ, যি পিছত চাৰ্ন এইছ টি টি পি ডি ( ) বুলি জনাজাত হৈছিল আৰু যিটো নেক্সটষ্টেপত () চলিছিলে
১৯৯১ ৰ পৰা ১৯৯৪ ৰ ভিতৰত ৱৰ্ল্ড ৱাইড ৱেবত তথ্যৰ আদান প্ৰদান আৰু বিস্তাৰৰ বাবে ব্যৱহৃত পুৰ্বৰ প্ৰযুক্তিবিদ্যাসমূহৰ উন্নতকৰণৰ ফলত সেইবিলাকক বেলেগ বেলেগ অ'পাৰেটিং চিষ্টেমত ব্যৱহাৰ কৰিব পৰা হৈছিল আৰু বিভিন্ন ধৰণৰ সংস্থা সমূহৰ মাজত ব্যৱহৃত হবলৈ ধৰিছিল, যেনে প্ৰথমে বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় সমূহত আৰু তাৰ পিছত লাহে লাহে উদ্যোগসমূহত
সামূহিক লক্ষণসমূহ
ভাৰ্চুৱেল হষ্টিং ( ) : একেটা আই পি এড্ৰেছৰ সহায়ত একাধিক ৱেবচাইট হ'ষ্ট কৰা
লাৰ্জ ফাইল চাপৰ্ট ( ) : ৩২ বিটৰ অপাৰেটিং চিষ্টেমত ২ জিবিতকৈ ও ডাঙৰ ফাইল ৰখাৰ সুবিধা
বেণ্ডউইথ থ্ৰ'ট্লিঙ ( ) : একাধিক ক্লায়েণ্ট কম্পিউটাৰক একে সময়তে উপযুক্ত সেৱা আগবঢ়াবলৈ নিয়ন্ত্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা
চাৰ্ভাৰ চাইদ স্ক্ৰিপ্টিঙ (- ) : ৱেব চাৰ্ভাৰ আৰু ৱেবচাইটত সঁজুলি সমূহৰ পৃঠকিকৰণৰ বাবে ডাইনামিক ৱেব পেজৰ সৃষ্টি কৰা
সংযোগী পথৰ অনুবাদ
ৱেব চাৰ্ভাৰ এটাই ইউনিফৰ্ম ৰিসৰ্চ ল'কেট'ৰ ( ) এটাৰ সংযোগী পথৰ অনুবাদ কৰি দুটা বিষায়ৰ সৃষ্টি কৰে, যেনে :
এটা স্থানীয় ফাইল চিচ্
ষ্টেম (ষ্টেটিক অনুৰোধৰ কাৰণে )
এটা আভ্যন্তৰিক বা বহিৰাগত কম্পিউটাৰ প্ৰ'গ্ৰাম ( ডাইনামিক অনুৰোধৰ কাৰণে )
ষ্টেটিক অনুৰোধ এটাৰ ক্ষেত্ৰত ক্লায়েণ্ট কম্পিউটাৰ এটাই নিৰ্ধাৰণ কৰা ইউ আৰ এল সংযোগী পথটো ৱেব চাৰ্ভাৰ এটাৰ ৰুট ডাইৰেক্ট'ৰীৰ সম্বন্ধীয় হয়
উদাহৰণ স্বৰূপে তলৰ ইউ আৰ এলটো চোৱা যাওক, এইটো ক্লায়েণ্টৰ এটা অনুৰোধ:
:...
তলত উল্লিখিত 1.1 অনুৰোধেৰে সেই ক্লায়েণ্টৰ ইউজাৰ এজেণ্টএ ইয়াক .. ৰ সংযোগলৈ অনুবাদ কৰিব:
. 1.1
: ..
.. ৰ ৱেব চাৰ্ভাৰে উক্ত সংযোগী পথক তাৰ ৰুট ডাইৰেক্ট'ৰীৰ শেষত জোৰা দিব আপাচি চাৰ্ভাৰ ( ) এটাত সাধাৰণতে এনেকুৱা হয় আৰু ইউনিক্স ()ত এনেকুৱা ফলত উৎপন্ন হয় স্থানীয় ফাইল চিচ্
ষ্টেম
.
তাৰ পিছত ৱেব চাৰ্ভাৰ টোৱে ফাইলটো পঢ়ে আৰু যদি বিছাৰি পায় তেন্তে ক্লায়েণ্টৰ ৱেব ব্ৰাউজাৰক সঁহাৰি জনায় সঁহাৰি অনুসৰি অনুৰোধ কৰা পৃষ্টাৰ বৰ্ণনা আৰু পৃষ্ঠাটোৰ প্ৰদৰ্শন কৰা হয় বা পৃষ্ঠাটো উপলব্ধ নহয় বুলি বাৰ্তা দিয়া হয়
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
2616, 1.1 .
64. 64
শ্ৰেণী:ইণ্টাৰনেট
শ্ৰেণী:তথ্য প্ৰযুক্তি
|
ৱেব পৃষ্ঠা ( ) হৈছে এটা একক দস্তাবেজ যিটো ৱেব ব্ৰাউজাৰ ( )ৰ জৰিয়তে প্ৰদৰ্শিত হয় ই এটা ৱেবছাইট ( )ৰ এটা অংশ আৰু ইয়াত লিখা, ছবি, ভিডিঅ', লিংক, আৰু আন্তঃসক্ৰিয় উপাদান সমূহ অন্তৰ্ভুক্ত কৰিব পাৰি ৱেব পৃষ্ঠাসমূহ প্ৰধানকৈ ( )ত লিখা হয়, ( ) ৰ সৈতে শৈলী বা চকুত লগা কৰা হয় আৰু জাভাস্ক্ৰিপ্ট ()ৰ সৈতে গতিশীল উপাদান থাকে
এটা ৱেব পৃষ্ঠাত তথ্য প্ৰদান কৰিবলৈ লিখা, ছবি আৰু ভিডিঅ' দেখুওৱা হয় ইয়াত ফৰ্ম বা প্ৰ-পত্ৰ আৰু বুটামৰ দৰে উপাদান অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ ব্যৱহাৰকাৰীয়ে সহজতে ক্লিক বা পূৰণ কৰিব পাৰে
ইয়াৰ উপৰি এটা ৱেব পৃষ্ঠাত এনে লিংক থাকে যিয়ে ব্যৱহাৰকাৰীক বিভিন্ন পৃষ্ঠা বা অংশৰ মাজত স্থানান্তৰিত কৰিবলৈ সুবিধা প্ৰদান কৰে
ৱেব পৃষ্ঠাক ইয়াৰ কাৰ্য্যক্ষমতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰিব পাৰি সাধাৰণতে দুটা প্ৰধান ৱেব পৃষ্ঠাৰ প্ৰকাৰ হ'ল:
(১) স্থিতিশীল ৱেব পৃষ্ঠা ( )
(২) গতিশীল ৱেব পৃষ্ঠা ( )
|
ৱেব ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰণ কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে
বৰ্তমান প্ৰচলিত ব্ৰাউজাৰৰ ভিতৰত মজিলা ফায়াৰফক্স, গুগল ক্ৰম, অপেৰা, ছাফাৰী আৰু ইণ্টাৰনেট এক্সপ্লৰাৰ উল্লেখযোগ্য
ইতিহাস
১৯৯০ চনত ছাৰ টিম বাৰ্ণাৰ্ড লীয়ে প্ৰথম ব্ৰাউজাৰৰ সৃষ্টি কৰে প্ৰথমতে ইয়াক নামেৰে জনা গৈছিল যদিও পিছলৈ ইয়াক নেক্সাছ নামেৰে নামাকৃত কৰা হয়
তথ্যসূত্ৰ
শ্ৰেণী:ইণ্টাৰনেট
শ্ৰেণী:ছফ্টৱেৰ
|
240উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে চাকৰিৰ বিজ্ঞাপনৰ সন্ধান কৰিবলৈ . নামৰ এটা ৱেবছাইট
ৱেবছাইট () যিকোনো ৱেব চাৰ্ভাৰত ৰখা ৱেব পেজ, ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি ইণ্টাৰনেটৰ মাধ্যমৰ যোগেদি আহৰণ কৰা হয় ৱেবছাইট এটা ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ () নামৰ ঠিকনা ( ) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইণ্টাৰনেট নাইবা ব্যক্তিগত লোকেল এৰিয়া নেটৱ'ৰ্ক ()-অত উপলব্ধ ইয়াক কোনো ৱেব চাৰ্ভাৰৰ পৰা হ'ষ্ট কৰা হয় সাৰ্বজনিন ভাৱে উপলভ্য সমগ্ৰ ৱেবছাইটবোৰক সমষ্টিগতভাৱে "ৱৰ্ল্ড ৱাইড ৱেব" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে
ৱেবপেজ মূলত এক যি ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয় এখন ৱেবপেজত আন আন ৱেবছাইটৰ বিভিন্ন তথ্য মাৰ্কাপ এংকৰৰ ( ) সহায়ত সন্নিৱিস্ত কৰা হয়
ৱেবছাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ () নামৰ ঠিকনা ( ) এটাৰ পৰা খোলা হয় যাক হোম পেজ () বুলি কোৱা হয় সমূহে ৱেবপেজ বিলাকক এক সজ্জা প্ৰদান কৰে আৰু হাইপৰলিংকৰ সহায়ত পঢ়ুৱৈ এজনে ৱেবছাইটটোৰ গঠন অনুসাৰে ৱেবপেজ বিলাক পঢ়িব পাৰে কিছুমান ৱেবছাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তু বিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয় তাৰ ভিতৰত যেনে কিছুমান ব্যৱসায়িক ৱেবছাইট, খবৰ বাতৰিৰ ৱেবছাইট, শিক্ষামূলক ৱেবছাইট, ভিডিঅ গেমৰ ৱেবছাইট, ফাইল ছেয়াৰ কৰিব পৰা ৱেবছাইট, বাৰ্তাবাহক ৱেবছাইট, ই-মেইল যুক্ত ৱেবছাইট, চচিয়েল নেটৱৰ্কিং ৱেবছাইট, ষ্টক মাৰ্কেটৰ খবৰ জনোৱা ৱেবছাইট, আৰু বিভীন্ন সেৱা আগবঢ়োৱা ৱেবছাইট সমূহ পোৱা যায়
ইতিহাস
চাৰ্ন () অৰ পদাৰ্থ বিজ্ঞানি টিম বাৰ্নাৰ্ছ লীয়ে ১৯৯০ চনত ৱৰ্ল্ড ৱাইড ৱেব গঠন কৰিছিল ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে ৱৰ্ল্ড ৱাইড ৱেব বিনামূল্য বুলি ঘোষণা কৰিছিল
সামগ্ৰিক নিৰীক্ষণ
প্ৰকাৰ অনুসৰি ৱেবছাইটসমূহক এনেদৰে ভাগ কৰিব পাৰি
ব্যক্তিগত ৱেবছাইট
বাণিজ্যিক ৱেবছাইট
চৰকাৰি ৱেবছাইট
অনালাভকাৰী সংস্থাসমূহৰ ৱেবছাইট ( )
ই কোনোবাৰ ব্যক্তিগত বা ব্যবসায়িক বা কোনো সংস্থাৰ বাবে হব পাৰে আৰু বিশিষ্টভাৱে কোনো উদ্দেশ্যত নাইবা কোনো বিষয়ত সমৰ্পিত হয় যিকোনো ৱেবছাইট এটা আন এটা ৱেবছাইটৰ লগত হাইপৰলিংকেৰে জড়িত হৈ থাকিব পাৰে
তথ্যসূত্ৰ
শ্ৰেণী: ইণ্টাৰনেট
শ্ৰেণী:তথ্য প্ৰযুক্তি
|
ৱেবৰ প্ৰথম গভীৰ ক্ষেত্ৰ
ৱেবৰ প্ৰথম গভীৰ ক্ষেত্ৰ হৈছে জেমছ ৱেব মহাকাশ দূৰবীণৰ দ্বাৰা গ্ৰহণ কৰা প্ৰথমখন কাৰ্যকৰী ছবি, য'ত পৃথিৱীৰ পৰা ৪.৬ বিলিয়ন আলোকবৰ্ষ দূৰত থকা 0723 নামৰ তাৰকাপুঞ্জৰ চৌদিশৰ আকাশ দেখা গৈছে ২০২২ চনৰ ১১ জুলাইত জনসাধাৰণৰ আগত প্ৰকাশিত এই ছবিখন দূৰবীণৰ - () ৰ দ্বাৰা তোলা হৈছে আৰু ই দক্ষিণ গোলাৰ্ধৰ পৰা দেখা পোৱা আকাশৰ এটা ক্ষুদ্ৰ অঞ্চল সামৰি লৈছে এই ছবিখনত হাজাৰ হাজাৰ তাৰকাৰাজ্য দেখা যায়, যিটো এতিয়ালৈকে লোৱা আদিম বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ ৰিজলিউচনৰ ছবি
পটভূমি
জেমছ ৱেব মহাকাশ দূৰবীণে () অৱলোহিত জ্যোতিৰ্বিজ্ঞান পৰিচালনা কৰে ৱেবৰ প্ৰথম গভীৰ ক্ষেত্ৰখন টেলিস্কোপৰ নিয়াৰ-ইনফ্ৰাৰেড কেমেৰা () দ্বাৰা লোৱা হৈছিল আৰু ই বিভিন্ন তৰংগদৈৰ্ঘ্যৰ ছবিৰ পৰা প্ৰস্তুত কৰা এটা সংমিশ্ৰণ, মুঠ ১২.৫ ঘণ্টা ২৪ জানুৱাৰী, ২০২২ৰ পৰা এই মহাকাশযানখনে পৃথিৱীৰ পৰা প্ৰায় ১.৫ মিলিয়ন কিলোমিটাৰ (৯০০,০০০ মাইল) দূৰত্বত পৃথিৱীৰ দ্বিতীয় লেগৰেঞ্জ পইণ্ট (2) কক্ষপথত ঘূৰি ফুৰিছে 2 ত, সূৰ্য আৰু পৃথিৱীৰ মহাকৰ্ষণীয় আকৰ্ষণসমূহে সূৰ্যৰ চাৰিওফালে দূৰদৰ্শনীটোৰ গতি পৃথিৱীৰ সৈতে সমন্বয় ৰাখে
ফটোখনে হাবল মহাকাশ দূৰবীণৰ গভীৰতম ক্ষেত্ৰৰ বাহিৰেও অতি ৰঙা তৰংগদৈৰ্ঘ্যত গভীৰতা লাভ কৰিছিল, যিটোৱে কেইবা সপ্তাহ ধৰি সময় লৈছিল
0723 হৈছে পৃথিৱীৰ দক্ষিণ গোলাৰ্ধৰ পৰা দেখা পোৱা এক তাৰকাপুঞ্জ, আৰু গভীৰ অতীতৰ সন্ধানত হাবল আৰু অন্যান্য দূৰবীণসমূহে ইয়াক প্ৰায়ে পৰীক্ষা কৰিছে
বৈজ্ঞানিক ফলাফল
ছবিখনত ৪৬ লাখ বছৰৰ আগতে দেখা পোৱা তাৰকাৰাজ্যৰ থুপ 0723 দেখুওৱা হৈছে ৱেবৰ ছবিখনে মাটিত কোনোবাই হাতৰ দৈৰ্ঘ্যত ধৰি ৰখা বালিৰ দানাৰ সমান কৌণিক আকাৰৰ আকাশৰ এটা অংশ আবৰি ৰাখিছে চিত্ৰিত বহুতো ব্ৰহ্মাণ্ডীয় সত্তাৰ পৰা বিকিৰণ হোৱা পোহৰৰ চৰম দূৰত্বত মহাকাশৰ প্ৰসাৰণৰ বাবে উল্লেখযোগ্য ৰঙা পৰিৱৰ্তন হৈছে
তাৰকাৰাজ্যৰ থুপটোৰ সংযুক্ত ভৰে মাধ্যাকৰ্ষণ লেন্স হিচাপে কাম কৰিছিল, ইয়াৰ পিছফালে থকা বহু বেছি দূৰৰ তাৰকাৰাজ্যবোৰক বৃদ্ধি কৰিছিল ৱেবৰ এন আই আৰ কেমে দূৰৰ তাৰকাৰাজ্যবোৰক অতিশয় ফকাচলৈ আনিছিল, তৰাৰ থুপ আৰু বিক্ষিপ্ত বৈশিষ্ট্যকে ধৰি আগতে কেতিয়াও দেখা নোপোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ, ক্ষীণ গঠনসমূহ উন্মোচন কৰিছিল
গুৰুত্ব
ৱেবৰ প্ৰথম গভীৰ ক্ষেত্ৰখন হৈছে জে ডব্লিউ এছ টিৰ পৰা লোৱা প্ৰথমখন সম্পূৰ্ণ ভুৱা ৰঙৰ ছবি, আৰু এতিয়ালৈকে ধৰা পৰা বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ ৰিজ'লিউচনৰ অৱলোহিত দৃশ্য ছবিখনত বিশ্বব্ৰহ্মাণ্ডৰ এটা সৰু টুকুৰাত হাজাৰ হাজাৰ তাৰকাৰাজ্য উন্মোচিত হৈছে, ৱেবৰ চোকা নিকট অৱলোহিত ( ) দৃশ্যই অতি দূৰৰ তাৰকাৰাজ্যসমূহৰ ক্ষীণ গঠনসমূহ উলিয়াই আনিছে, যিয়ে আজিলৈকে প্ৰাৰম্ভিক বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ বিশদ দৃশ্য প্ৰদান কৰিছে
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বাৰা ২০২২ চনৰ ১১ জুলাইত হোৱাইট হাউছৰ এক অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ইয়াক জনসাধাৰণৰ আগত প্ৰকাশ কৰিছিল
তথ্যসূত্ৰ
শ্ৰেণী:জেম্ছ ৱেব টেলিস্কোপ
শ্ৰেণী:মহাকাশবিজ্ঞান
|
ৱেল্ছ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ৱেল্ছ সংস্কৰণ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান প্ৰবন্ধ আছে
পৰিসংখ্যা
চনত ৱেল্ছ ৱিকিপিডিয়াৰ টা প্ৰবন্ধ, গৰাকী সম্পাদক, গৰাকী প্ৰশাসক আৰু টা ফাইল আছে মুঠ সম্পাদনা সংখ্যা পৰিসংখ্যা
বাহ্যিক সংযোগ
ৱেল্ছ ৱিকিপিডিয়া
তথ্য সংগ্ৰহ
শ্ৰেণী:ৱিকিপিডিয়াসমূহ
|
400
( )
ৱেষ্ট ইণ্ডিজ কেৰিবিয়ান আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটি অঞ্চল যিয়ে আণ্টিলেচৰ দ্বীপ আৰু লুকায়ানক সামৰে ক্ৰিষ্টোফাৰ কলম্বাছৰ আমেৰিকালৈ প্ৰথম যাত্ৰাৰ পিছত, ইউৰোপীয় সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ (দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়া)ৰ পৰা পৃথক কৰিবলৈ
১৭-১৯ শতিকালৈকে ৱেষ্ট ইণ্ডিজ ইউৰোপীয় ঔপনিৱেশিক অঞ্চল আছিল ব্ৰিটিছ ৱেষ্ট ইণ্ডিজ, ডেনিচ ৱেষ্ট ইণ্ডিজ, ফৰাচী ৱেষ্ট ইণ্ডিজ আৰু স্পেনীয় ৱেষ্ট ইণ্ডিজ
১৯১৬ত ডেনমাৰ্কে ডেনিচ ৱেষ্ট ইণ্ডিজ আমেৰিকা যুক্তৰাষ্ট্ৰক বিক্ৰি কৰে ডেনিচ ৱেষ্ট ইণ্ডিজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক জলবেষ্টিত এলেকা হ'ল, আৰু ইয়াক 'ইউনাইটেড ষ্টেট্চ্ ভাৰ্জিন আইলেণ্ড্স' বা আমেৰিকা যুক্তৰাষ্ট্ৰ কুমাৰী দ্বীপ নাম দিয়া হ'ল
১৯৫৮ আৰু ১৯৬২ত আমেৰিকা যুক্তৰাষ্ট্ৰই ব্ৰিটিছ কুমাৰী দ্বীপ, বাহামাচ, ব্ৰিটিছ হণ্ডুৰাচ আৰু ব্ৰিটিছ গুয়ানাৰ বাহিৰে নিজৰ ৱেষ্ট ইণ্ডিজ অঞ্চলসমূহক ৱেষ্ট ইণ্ডিজ সংঘত অন্তৰ্ভুক্ত কৰে তেওঁলোকে আশা কৰিছিলে যে সংঘটো সমবেত হ'ব এক স্বাধীন ৰাষ্ট্ৰৰ ৰূপত পিছে সংঘটোৰ শক্তি কম আছিলে, বিভিন্ন প্ৰায়োগিক সমস্যা আৰু জনপ্ৰিয় সঁহাৰিৰ অভাৱ, ই ব্ৰিটিছসকলৰ দ্বাৰা ১৯৬৩ত দ্ৰৱীভূত হ'ল, ৯টা অঞ্চল স্বাধীন হ'ল আৰু ৪টা ব্ৰিটিছ বৈদেশিক অঞ্চল হ'ল
ৱেষ্ট ইণ্ডিজ বা ৱেষ্ট ইণ্ডিয়া ১৭-১৮ শতিকাৰ বিভিন্ন চনদপ্ৰাপ্ত কোম্পানীৰ সমনাম আছিল, ডেনিচ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ডাট্চ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ফৰাচী ৱেষ্ট ইণ্ডিয়া কোম্পানী আৰু স্বেদিচ ৱেষ্ট ইণ্ডিয়া কোম্পানীক সামৰি
সংজ্ঞাৰ ব্যৱহাৰ
টুলেন বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰ'চেন এড্ডাৰ্লিৰ মতে "খণ্ডবাক্য 'ৱেষ্ট ইণ্ডিজে' কলম্বাচে আৱিষ্কাৰ কৰা আৰু স্পেইনে দাবী কৰা অঞ্চলক অন্য ইউৰোপীয় শক্তিয়ে আবিষ্কাৰৰ দাবী কৰা এছিয়াৰ 'ইষ্ট ইণ্ডিজ'ৰ পৰা পৃথক কৰিছিলে পিছলৈ 'ৱেষ্ট ইণ্ডিজ' সংজ্ঞাটো সকলো ইউৰোপীয় দেশে আমেৰিকাত নিজে অৰ্জন কৰা অঞ্চলসমূহক বুজাবলৈ ব্যৱহাৰ কৰা হ'ল ব্ৰিটিছ কেৰিবিয়ান উপনিৱেশক 'ৱেষ্ট ইণ্ডিজ' হিচাপে ধৰিলে ১৯৫০ত ইয়াৰ নিজৰ আতাইতকৈ বেছি ৰাজনৈতিক গুৰুত্ব আছিল, সেই উপনিবেশবোৰ গোটোৱাৰ আন্দোলনৰ সৈতে যিয়ে সংঘৰ ৰূপত এক স্বাধীন ৰাষ্ট্ৰ গঠন কৰিব পাৰে... যদিও ১৯৬০ৰ দশকৰ আগৰ অংশত সংঘটো ভাঙিল, ৱেষ্ট ইণ্ডিজে এতিয়াও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে এটি যুটীয়া দল হিচাপে খেলে " , , , 1: - ( : , 2000): 1584.
তথ্য সংগ্ৰহ
শ্ৰেণী:আমেৰিকা
শ্ৰেণী:ভৌগোলিক অঞ্চল
|
ড ৱৰ্তিকা নন্দা ()এগৰাকী ভাৰতীয় কাৰাগাৰ সংস্কাৰক আৰু সংবাদ মাধ্যমৰ শিক্ষাবিদ উদ্যোগ আৰু শিক্ষাৰ অভিজ্ঞতা থকা ছানীয়ে কাৰাগাৰ সংস্কাৰৰ কামত নিজৰ জীৱন উৎসৰ্গা কৰিছে তেওঁ সংবাদ মাধ্যম আৰু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ নাৰী সবলীকৰণৰ ভিত্তিত আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক সন্মান নাৰী শক্তি পুৰাস্কাৰৰ প্ৰাপক তেওঁৰ নাম দুবাৰকৈ লিমকা বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত হৈছিল -
কেৰিয়াৰ
দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজৰ সাংবাদিকতা বিভাগৰ মুৰব্বী জি নিউজ, এনডিটিভি, লোকসভা টিভিকে ধৰি ইলেক্ট্ৰনিক মিডিয়াত বিভিন্ন সাংবাদিকতাৰ দায়িত্ব পালন কৰি আহিছে তেওঁৰ গৱেষণামূলক ক্ষেত্ৰসমূহৰ ভিতৰত আছে কাৰাগাৰ, আৰক্ষীৰ মাজৰ সম্পৰ্ক, অপৰাধ আৰু ভুক্তভোগীৰ ওপৰত হোৱা নিৰ্যাতন, লিংগ প্ৰতিবেদন আৰু সংবাদ মাধ্যমত মহিলাৰ চিত্ৰণ কাৰাগাৰৰ সংস্কাৰৰ বাবে তেওঁ টিংকা টিংকা ফাউণ্ডেচন আৰম্ভ কৰিছিল ভাৰতত প্ৰথমবাৰৰ বাবে বন্দী আৰু কাৰাগাৰৰ কৰ্মচাৰীৰ বাবে বঁটাৰ ধাৰণা কিউৰেট আৰু সৃষ্টি কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়
কাৰাগাৰৰ সংস্কাৰৰ কামৰ বাবে তেওঁৰ নাম দুবাৰকৈ লিমকা বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হৈছে " ' ". . 5 2017. -
তেওঁ দিল্লী আৰক্ষীৰ কণ্ঠস্বৰ আৰু ভাৰতৰ যিকোনো আৰক্ষী বিভাগৰ একমাত্ৰ পডকাষ্ট ছিৰিজ কিছা খাকী কা ৰ গল্পকাৰ কিছা খাকী কাই ইতিমধ্যে ১৫০টাতকৈও অধিক খণ্ড সম্পূৰ্ণ কৰিছে -
প্ৰকাশিত কিতাপ
সাংবাদিকতা আৰু গণ যোগাযোগ
নন্দা, ভি (২০২৪) ৰেডিঅ' ইন প্ৰিজন: নেচনেল বুক ট্ৰাষ্ট:
নন্দা, ভি (২০১৮) মিডিয়া, লজ এণ্ড এথিকচ্: কনিষ্ক প্ৰকাশক:
নন্দা, ভি (২০১৮) মিডিয়া ঔৰ বজাৰ: সমায়িক কিতাপ:
নন্দা, ভি (২০১৭) ৰেডিঅ' জাৰ্নেলিজম: কনিষ্ক প্ৰকাশক:
নন্দা, ভি (২০১৪) খবৰ য়াহা ভি: সাময়িক প্ৰকাশন: ২০১৪:
নন্দা, ভি (২০১০) টেলিভিছন ঔৰ ক্ৰাইম ৰিপোৰ্টিং: ৰাজকমল প্ৰকাশন: ২০১০:
নন্দা, ভি (২০০৫) টেলিভিছন ঔৰ অপৰাধ পাত্ৰকাৰিতা: দিল্লী: ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন ( ) ২০০৭ চনত আই এণ্ড বি মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতেন্দু হৰিশ চন্দ্ৰ বঁটা লাভ কৰে
কাৰাগাৰ সংস্কাৰ আৰু গণ যোগাযোগ
নন্দা, ভি (২০২৩) টিংকা টিংকা তিহাৰ (হিন্দী): টিংকা টিংকা ফাউণ্ডেচন
নন্দা, ভি (২০২০) টিংকা টিংকা দাসনা (হিন্দী): টিংকা টিংকা ফাউণ্ডেচন: (প্ৰথমবাৰৰ বাবে জেলৰ পৰা ৰিপৰ্ট দিয়া)
নন্দা, ভি (২০১৮) টিংকা টিংকা মধ্যপ্ৰদেশ (হিন্দী): টিংকা টিংকা ফাউণ্ডেচন:
নন্দা, ভি (২০১৬) টিংকা টিংকা দাসনা (ইংৰাজী): টিংকা টিংকা ফাউণ্ডেচন: (কাৰাগাৰৰ পৰা প্ৰথম প্ৰতিবেদন)
নন্দা, ভি (২০১৩) টিংকা টিংকা তিহাৰ (সম্পাদক) (হিন্দী): সম্পাদক: ভাৰ্টিকা নন্দাা আৰু বিমলা মেহৰা: প্ৰকাশক: ৰাজকমল প্ৰকাশন:২০১৩ লিমকা বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হৈছে
নন্দা, ভি (২০১৩) টিংকা টিংকা তিহাৰ দিল্লীঃ ৰাজকমল প্ৰকাশনঃ ( ) লিমকা বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত
কবিতা
নন্দা, ভি (২০১৫) ৰণিয়ান সব জান্টি হায়ণ: প্ৰকাশক: বাণী প্ৰকাশন: (ফেমিনাৰ শীৰ্ষ ১০ খন কিতাপৰ ভিতৰত নিৰ্বাচিত)
নন্দা, ভি (২০১২) থি. হুন.. ৰহুংগী.... দিল্লীঃ ৰাজকমল প্ৰকাশনঃ . (নাৰীৰ বিৰুদ্ধে অপৰাধৰ বিষয়ত দেশৰ ভিতৰতে প্ৰথম কবিতা সংকলন) (ডঃ ৰাধা কৃষ্ণন সোঁৱৰণী বঁটা আৰু ঋতুৰাজ পৰম্পৰা সন্মান লাভ)
নন্দা, ভি (২০১১) মাৰ্জনী: প্ৰকাশক: ৰাজকমল প্ৰকাশন:
নন্দা, ভি (১৯৮৯) মধুৰ দস্তক
বঁটা
২০০৫ চনত ভাৰত চৰকাৰৰ ভাৰতেন্দু হৰিশচন্দ্ৰ বঁটা
২০১৩: মহিলা সৱলীকৰণৰ ওপৰত কৰা কামৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা ষ্ট্ৰী শক্তি পুৰস্কাৰ " ". . 10 2014. 20 2023.
২০১৫: তেওঁৰ গ্ৰন্থ টিংকা টিংকা তিহাৰৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডছ
২০১৭: টিংকা টিংকা তিহাৰ গীতটিৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডছ
২০২২: হাৰিয়ানাৰ কৰ্ণালৰ জিলা কাৰাগাৰত ৰেডিঅ' প'ডকাষ্টৰ বাবে টিংকা জেলৰ ৰেডিঅ' প'ডকাষ্টৰ বাবে লাদলী মিডিয়া বঁটা
২০২৩: সাংবাদিকতাত উৎকৃষ্টতাৰ বাবে প্ৰথম ৰাজকুমাৰ কেছৱানী বঁটা
তথ্যসূত্ৰসমূহ
শ্ৰেণী:ভাৰতীয় সাহিত্যিক
শ্ৰেণী:জীৱিত ব্যক্তি
|
ৱৰ্লি আৰ্ট- মহীশূৰ
ৱৰ্লি চিত্ৰকলা হৈছে এক আদিবাসী কলা ভাৰতৰ মহাৰাষ্ট্ৰৰ উত্তৰ সাহ্যাদ্ৰী ৰেঞ্জৰ লোকসকলে ঘাইকৈ এই কলা অনুশীলন কৰিছিল পালঘৰ জিলাৰ দহানু, তালাচৰি, জৱহাৰ, পালঘৰ, মোখদা আৰু বিক্ৰমগড় চহৰ এই ৰেঞ্জৰ অন্তৰ্গত এই কলা মহাৰাষ্ট্ৰতে প্ৰথম আৰম্ভ হৈছিল আৰু এতিয়াও ইয়াত অনুশীলন কৰা হয়
200200আনন্দগ্ৰামৰ সংস্কৃতি সংগ্ৰহালয়ত থকা ৱৰ্লি পেইণ্টিং, নতুন দিল্লী
পটভূমি
থানেৰ জিব্যা চ'মা মাছে নামৰ শিল্পীগৰাকীয়ে ৱৰ্লি চিত্ৰকলাক জনপ্ৰিয় কৰাত মুখ্য ভূমিকা লৈছিল তেখেতে নিজৰ ছবিসমূহৰ বাবে কেইবাটিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ২০১১ চনত তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰে ৱৰ্লি ট্ৰাইবটো ভাৰতৰ এটি আটাইতকৈ পুৰণি ট্ৰাইব ১০ শতিকাৰে বুলি ভৱা হৈছে যদিও ১৯৭০ চন পৰ্যন্ত এই কলাই পৰিচিতি লাভ কৰা নাছিল প্ৰকৃতি আৰু প্ৰকৃতিৰ উপাদান সমূহেই ৱৰ্লি চিত্ৰকলাৰ মূল উপজীব্য তেওঁলোক ঘাইকৈ কৃষিনিৰ্ভৰ জীৱনৰ বাবে প্ৰয়োজনীয় সম্পদ সৰবৰাহৰ বাবে তেওঁলোকে প্ৰকৃতি আৰু বন্যজীৱনক সন্মানৰ চকুৰে চায় চিত্ৰ অংকনৰ বাবে তেওঁলোকে নিজৰ মাটিৰে সজা পঁজাৰ বেৰসমূহ ব্যৱহাৰ কৰে, যিদৰে পৌৰাণিক মানুহে গুহাৰ বেৰবোৰ কেনভাচৰূপে ব্যৱহাৰ কৰিছিল
চিত্ৰ অংকনৰ পদ্ধতি
এগৰাকী বাদ্যযন্ত্ৰী, ১৮৮৫
ৱৰ্লিৰ প্ৰাথমিক ছবি সমূহ আঁকিবলৈ জ্যামিতিৰ প্ৰাথমিক আকাৰ যেনে বৃত্ত, ত্ৰিভুজ, চতুৰ্ভুজ আদিৰ ব্যৱহাৰ কৰা হয় ইয়াত বৃত্ত একোটিয়ে চন্দ্ৰ বা সূৰ্যক সূচোৱাৰ বিপৰীতে ত্ৰিভুজ একোটাই পাহাৰ বা গছ সূচায় একেদৰে বৰ্গ বা চতুৰ্ভুজ একোটাই মানবীয় আৱিষ্কাৰক বুজায়, যি এক পৱিত্ৰ ঘেৰা বা এটুকুৰা মাটিক সূচায় ৱৰ্লি আৰ্টৰ প্ৰতিখন আনুষ্ঠানিক চিত্ৰৰে কেন্দ্ৰীয় ৰূপটো হ'ল বৰ্গ- যাক চৌক বা চৌকত বুলি জনা যায় ই ঘাইকৈ দেৱচৌক আৰু লগনচৌক নামে জনাজাত দেৱচৌকৰ অন্তৰ্গত সাধাৰণতে উৰ্বৰতাৰ প্ৰতীক পালাঘাটৰ ছবি অংকন কৰা হয়
ৱৰ্লিত অংকিত পুৰুষ দেৱতা সকল অসামান্য আৰু আত্মা সম্বন্ধীয়, যি সাধাৰণতে মানুহৰ ৰূপ লয় আনুষ্ঠানিক চিত্ৰসমূহৰ মূল বিষয় আছিল চিকাৰ, মাছ-ধৰা, কৃষি, গছ বা জীৱ-জন্তু উৎসৱ আৰু লোকনৃত্যও ছবিসমূহত ঠাই পাইছিল এটা আনটোৰ ওপৰত ৰাখি কোণা-কোণিকৈ অঁকা দুটা ত্ৰিভুজে মানুহ আৰু জন্তুক বুজাইছিল, য'ত ওপৰৰ ত্ৰিভুজটোৱে ধড় আৰু তলৰটোৱে শ্ৰেণী বুজাইছিল ইয়াৰ অনিশ্চিত সন্তুলনেই হ'ল বিশ্ব-ব্ৰহ্মাণ্ডৰ সন্তুলনৰ প্ৰতীক আকৌ ওপৰফালে ডাঙৰ ত্ৰিভুজে পুৰুষ আৰু তলৰফালে বহল ত্ৰিভুজে তিৰোতাক সূচায় আনুষ্ঠানিক চিত্ৰকলাৰ উপৰিও ৱৰ্লিত গাওঁবাসীৰ দৈনন্দিন জীৱনযাত্ৰাকো চিত্ৰিত কৰা হয়
টৰ্পা নৃত্যও ৱৰ্লি চিত্ৰকলাৰ আন এক কেন্দ্ৰীয় বিষয় টৰ্পা হ'ল ট্ৰাম্পেটৰ দৰে এবিধ বাদ্যযন্ত্ৰ বিভিন্ন গাঁৱৰ পুৰুষসকলে ইয়াক পাল পাতি বজায়
210থানে জিলাৰ জিব্যা ছ'মা মাছে অংকন কৰা এখন ৱৰ্লি চিত্ৰ
তথ্য সংগ্ৰহ
শ্ৰেণী:ভাৰতীয় চিত্ৰশৈলী
শ্ৰেণী:মহাৰাষ্ট্ৰ
|
ৱৰ্ল্ড ৱাইড ৱেব () বা ডব্লিউ ডব্লিউ ডব্লিউ () বা ডব্লিউ থ্ৰী (3) বা সাধাৰণভাৱে দ্য ৱেব ( ) হল ইণ্টাৰনেটত উপলব্ধ পৰস্পৰৰ লগত হাইপাৰটেক্সটেৰে () সংযুক্ত তথ্যৰে গঠিত এটা তথ্য প্ৰযুক্তিগত প্ৰণালী বা তন্ত্ৰ ()
ব্ৰিটিছ ইঞ্জিনীয়াৰ আৰু কম্পিউটাৰ বিশেষজ্ঞ চাৰ টিম বাৰ্নাৰ্ছ লীয়ে ১৯৮৯ চনৰ মাৰ্চ মাহত পুৰণা হাইপাৰটেক্সটৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰথম ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰস্তাব দিয়ে, তেওঁ বৰ্তমান ৱৰ্ল্ড ৱাইড ৱেব কনছৰটিয়ামৰ ( ) ডাইৰেক্টৰ ১৯৯০ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত চাৰ্ন () ৰ মুখ্য কাৰ্য্যালয়ত বাৰ্নাৰ্ছ লী আৰু বেলজিয়ামৰ কম্পিউটাৰ বিজ্ঞানী ৰবাৰ্ট কাইলিয়াউ-এ হাইপাৰটেক্সট ব্যৱহাৰ কৰাৰ প্ৰস্তাব দিয়ে আৰু ডিচেম্বৰ মাহত প্ৰকল্পটোৰ বিষয়ে ৰাজহুৱা ভাৱে প্ৰকাশ কৰে
ইতিহাস
240২০১০ চনত ডব্লিউ ডব্লিউ ডব্লিউ চাৰ্ভাৰ কিছুমানৰ সৈতে চাৰ্ন () তথ্যকেন্দ্ৰ
আলোচনীৰ ১৯৭০ চনৰ মে মাহৰ সংখ্যাত আৰ্থাৰ চি ক্লৰ্কে ভৱিষ্যবাণী কৰিছিল "এদিন উপগ্ৰহৰ সহায়ত জেৰ'ক্স , টেলিফ'ন, টেলিভিছন আৰু এটা সৰু কম্পিউটাৰ, আৰু তথ্য সাৰবৰাহ তথা ভিডিঅ' ক'নফাৰেন্স ব্যৱহাৰ কৰি পৃথিৱীৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰ আপোনাৰ আঙুলিৰ মুৰত আনিব পৰা যাব "
১৯৮৯ চনৰ মাৰ্চ মাহত টিম বাৰ্নাৰ্ছ লীয়ে এক প্ৰস্তাৱ দিয়ে য'ত তেওঁ ১৯৮০ নিজে নিৰ্মাণ কৰা এক ডেটাবেছ আৰু চফ্টৱেৰ প্ৰ্কল্প ৰ উল্লেখ কৰে ৰবাৰ্ট কাইলিয়াউৰ সহায়ত ১৯৯০ চনৰ ১২ নৱেম্বৰত ক্লায়েণ্ট-ছাৰ্ভাৰ স্থাপত্য ( ) ব্যৱহাৰ কৰি ব্ৰাউজাৰত "হাইপাৰটেক্সট ডকুমেণ্ট" ( ) "জাল" () হিচাপে প্ৰদৰ্শন কৰিব পৰা "ৱৰ্ল্ড ৱাইড ৱেব" নামৰ "হাইপাৰটেক্সট প্ৰকল্প" ( ) এটাৰ প্ৰাসঙ্গীক প্ৰস্তাৱ দিয়ে
১৯৯১ চনৰ আগস্ত মাহৰ ৬ তাৰিখে টিম বাৰ্নাৰ্ছ লীয়ে ৱৰ্ল্ড ৱাইড ৱেবৰ বিষয়ে . ত এটা চুটি সাৰাংখ লিখে এই তাৰিখটোকে ইণ্টাৰনেটত ৱেব ৰাজহুৱাভাৱে উপলব্ধ হোৱাৰ প্ৰথম তাৰিখ বুলি চিহ্নিত কৰা হয় ১৯৯২ বাৰ্নাৰ্ছ লীয়ে প্ৰথম ফ'টো আপল'ড কৰে
ইউৰোপৰ বাহিৰত - ডেটাবেছক হ'ষ্ট কৰিবলৈ ত প্ৰথমটো ছাৰ্ভাৰ স্থাপন কৰা হয় ১৯৯৩ চনৰ ৩০ এপ্ৰিলত ৱৰ্ল্ড ৱাইড ৱেব সকলোৰে বাবে বিনমুলীয়া বুলি চাৰ্নে ঘোষণা কৰে ইলিঅ'নছ ইউনিভাৰ্ছিটিৰ ত মাৰ্ক এণ্ডাৰছনৰ নেতৃত্বত এদল গবেষকে মোজাইক () নামৰ এটা বাউজাৰ সাজি উলিয়াই সাধাৰণতে ৱৰ্ল্ড ৱাইড ৱেব আৰু ইণ্টাৰনেট একে যেন লাগিলেও কিন্তু এটা আনটোৰ সমাৰ্থক নহয়
কৰ্ম পদ্ধতি
ইণ্টাৰনেট হ'ল পৰস্পৰৰ লগত সংযুক্ত কম্পিউটাৰ নেটৱৰ্কৰ এক সৰ্বজনীন তন্ত্ৰ আৰু ৱেব হল ইয়াৰ এটা বিভাগ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
:
, .
(3)
3 " "
.
. ,
.
শ্ৰেণী:ইণ্টাৰনেট
শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান
শ্ৰেণী:তথ্য প্ৰযুক্তি
|
ৱমেন ক্লাৱ অৱ ইভানষ্টন ইলিনয়ৰ ইভানষ্টনত থকা এটা ঐতিহাসিক ঘৰ আৰু ই একে নামৰ সামাজিক ক্লাৱৰ মুখ্য কাৰ্যালয় এইটো ১৭০২ চিকাগো এভিনিউত অৱস্থিত ২০০৬ চনৰ ৯ নৱেম্বৰত এই ক্লাৱঘৰটো ৰাষ্ট্ৰীয় ঐতিহাসিক স্থানৰ পঞ্জীত যোগ কৰা হয়
সংবিধান
বৰ্তমান ১৭০২ চিকাগো এভিনিউত অৱস্থিত এই সংস্থাটো ১৮৮৯ চনৰ ২ মাৰ্চত মহিলা ভোটাধিকাৰ আন্দোলনৰ নেত্ৰী এলিজাবেথ বয়ণ্টন হাৰ্বাৰ্টৰ জুডছন এভিনিউৰ ঘৰত প্ৰতিষ্ঠা কৰা হৈছিল মূলতঃ এটা অনানুষ্ঠানিক গোট, ক্লাৱটোৱে পিছৰ বছৰত ক্লাৱৰ বাবে এখন আনুষ্ঠানিক সংবিধানৰ খচৰা প্ৰস্তুত কৰে, য'ত তেওঁলোকৰ উদ্দেশ্য এইদৰে উল্লেখ কৰা হৈছিল: "শাৰীৰিক, সামাজিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক দিশক প্ৰসাৰিত কৰি ইয়াৰ সদস্যসকলৰ উন্নতিকল্পে উন্নত ঘৰ, জ্ঞানী মাতৃত্ব, উন্নত আইন, প্ৰকৃত নাগৰিক আৰু উন্নত নাৰীত্ব সুৰক্ষিত কৰা" তিনি বছৰৰ পিছত এই বক্তব্যটো সংশোধন কৰি সংক্ষিপ্ত কৰি "জীৱনৰ সকলো বিষয়তে পাৰস্পৰিক সহায় আৰু মানৱতাৰ উচ্চ বিকাশৰ দিশত ঐক্যবদ্ধ প্ৰচেষ্টা" বুলি চমু কৰা হয়
ঘৰ নিৰ্মাণ
১৯১০ চনৰ ফেব্ৰুৱাৰী মাহত মিচেছ এভিছ গ্ৰাণ্টৰ তত্ত্বাৱধানত নতুন ক্লাৱঘৰ নিৰ্মাণৰ কাম চোৱাচিতা কৰিবলৈ এখন বিল্ডিং কমিটি গঠন কৰা হয় আৰু ১৯১১ চনৰ জানুৱাৰী মাহত চাৰ্চ ষ্ট্ৰীট আৰু চিকাগো এভিনিউৰ চুকত থকা এডোখৰ ভূমি ক্লাৱৰ বাবে ক্ৰয় কৰা হয় স্থপতিবিদ আৰ্নেষ্ট এ মেয়োক এই ভৱনটো নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল সেই ফেব্ৰুৱাৰী মাহত ভূমিত খনন কৰা হয় আৰু ১৯১২ চনৰ ২৮ মে'ত মূল শিলন্যাস স্থাপন কৰা হয় ১৯১৩ চনৰ ১১ মাৰ্চত এটা মুকলি আপ্যায়ন গৃহ সম্পূৰ্ণ হোৱা ভৱনটো উন্মোচন কৰা হয় আজিলৈকে ই ইভানষ্টনৰ মহিলা ক্লাৱৰ মুখ্য কাৰ্যালয় হিচাপে পৰিগণিত হৈ আছে
স্থাপত্য
ৱমেন ক্লাৱৰ ভৱনটো ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিৰ ৰিভাইভেল শৈলীৰ ভেটি আৰু বেৰ দুয়োটা ইটাৰ, আনহাতে চালখনত স্লেট গঁথা হৈছে বাহিৰৰ খিৰিকীৰ চৌকাঠ বগা আৰু ক্লাৱ ঘৰৰ এফালে ডাঙৰ কাঁচৰ খিৰিকী আছে
ইতিহাস
আৰম্ভণিৰে পৰাই ক্লাৱে স্থানীয়ভাৱে আৰু চিকাগো মহানগৰ অঞ্চলৰ আশে-পাশে কৰি থকা মহিলাসকলৰ ভোটাধিকাৰ, শিশু শ্ৰম আইন, জনস্বাস্থ্য, অনাময় আৰু গৃহ পৰিচালনাৰ দৰে কাম কৰি সমাজত পৰিৱৰ্তন সৃষ্টি কৰিছে শতিকাৰ পৰিৱৰ্তনৰ ভিতৰত ক্লাৱে সজাগতা আৰু ধন সংগ্ৰহৰ বাবে সাংস্কৃতিক অভিযানৰ আয়োজন কৰিছিল, যিবোৰ ইভানষ্টনৰ উল্লেখযোগ্য সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান আছিল
ক্লাৱটোৰ প্ৰথমটো ডাঙৰ প্ৰকল্প আছিল ইভানষ্টনত এখন চিকিৎসালয় স্থাপন কৰা ১৮৮০ আৰু ১৮৯০ চনত টাইফয়েড জ্বৰ আৰু ছমপক্সকে ধৰি ধাৰাবাহিক মহামাৰীৰ ফলত ইভানষ্টন হাস্পতাল নিৰ্মাণৰ বাবে ৩৬০০ ডলাৰ সংগ্ৰহ কৰা হয় প্ৰতিষ্ঠা হোৱাৰ পৰাই ইভানষ্টনৰ মহিলা ক্লাৱে জনস্বাস্থ্যৰ উন্নতিৰ প্ৰসাৰ ঘটাই আহিছে ১৮৯৭ চনত ই ভিজিটিং নাৰ্ছ এছ'চিয়েচন গঠন( ) কৰাত সহায় কৰিছিল আৰু প্ৰথম ভিজিটিং নাৰ্ছৰ দৰমহা দিছিল
প্ৰথম বিশ্বযুদ্ধৰ সময়ত ক্লাৱে সেনাবাহিনীৰ লোকসকলক মনোৰঞ্জন দিছিল, ৰেড ক্ৰছ নিটিং আৰু চিলাই কৰা গোটসমূহক পৃষ্ঠপোষকতা কৰিছিল আৰু ফ্ৰান্সৰ ৰেড ক্ৰছৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিছিল যুদ্ধৰ পিছত তেওঁলোকৰ খাদ্য সংৰক্ষণৰ প্ৰচেষ্টাই এটা সামূহিক মুকলি পাকঘৰলৈ ৰূপান্তৰ কৰাত উৎসাহ দিছিল
আৰম্ভণিৰে পৰাই ইভানষ্টনৰ ৱমেনছ ক্লাৱে ১৯২২ চনত ক্লাৱ-হাউচত সম্প্ৰদায়ৰ শিল্পীসকলৰ বাবে বাৰ্ষিক কলা প্ৰদৰ্শনীৰ সৃষ্টিকে ধৰি সংস্কৃতি আৰু কলাৰ প্ৰসাৰৰ সৈতে জড়িত হৈ আছে
১৯৮৯ চনৰ শতবাৰ্ষিকীৰ বাবে ইভানষ্টন হাস্পতাল, ভিজিটিং নাৰ্ছ এছচিয়েশ্যন, আমেৰিকাৰ গাৰ্ল স্কাউট আৰু আমেৰিকাৰ বয় স্কাউটসকলে অনুষ্ঠিত কৰা এক কাৰ্যসূচীত মহিলা ক্লাৱক স্বীকৃতি আৰু সন্মানিত কৰা হয়
২০০৬ চনৰ ৯ নৱেম্বৰত ক্লাৱৰ মুখ্য কাৰ্যালয় ভৱনক ৰাষ্ট্ৰীয় ঐতিহাসিক স্থানৰ পঞ্জীত সংযোজন কৰা হয়
তথ্য সূত্ৰ
শ্ৰেণী:অনুষ্ঠান প্ৰতিষ্ঠান
|
ৱমেন চিটি ক্লাৱ ঐতিহাসিক পাৰ্ক এভিনিউৰ জিলাৰ ভিতৰত মিচিগানৰ ডাউনটাউন ডেট্ৰাইটৰ ২১১০ পাৰ্ক এভিনিউত অৱস্থিত এটা মহিলা ক্লাৱ ইয়াক ৰাষ্ট্ৰীয় ঐতিহাসিক স্থানৰ পঞ্জীত তালিকাভুক্ত কৰা হয় আৰু ১৯৭৯ চনত ইয়াক মিচিগান ৰাজ্যৰ ঐতিহাসিক স্থান হিচাপে নিৰ্ধাৰণ কৰা হয়
ইতিহাস
আমেৰিকাৰ গৃহযুদ্ধৰ পিছৰ বছৰবোৰত মহিলা সংগঠনসমূহ ক্ৰমান্বয়ে প্ৰভাৱশালী হৈ উঠে, কাৰণ সেই সময়ত ৰাষ্ট্ৰখনত উচ্চ শিক্ষিত, মধ্যবিত্ত শ্ৰেণীৰ মহিলাৰ এটা শ্ৰেণীৰ উত্থান ঘটিছিল 1701.. প্ৰথম বিশ্বযুদ্ধৰ আশে-পাশে থকা বছৰবোৰত তেওঁলোকৰ প্ৰভাৱ শিখৰত উপনীত হৈছিল, যেতিয়া মহিলাৰ ভোটাধিকাৰৰ নিশ্চয়তা প্ৰদান কৰা সংবিধানৰ ১৯ সংশোধনীত অনুমোদন কৰা হৈছিল ডেট্ৰাইটত সেই সময়ত স্পষ্ট হৈ পৰিল যে, চহৰখনৰ বহুতো মহিলা সংগঠনক লগ হ'বলৈ এক কেন্দ্ৰীয় স্থানৰ প্ৰয়োজন' . ১৯১৯ চনত স্থানীয় কেইবাজনো কৰ্মীয়ে "মহিলাৰ মাজত মুকলি চা-চিনাকিৰ ব্যৱস্থা প্ৰসাৰৰ বাবে" "ৱমেন চিটি ক্লাৱ" প্ৰতিষ্ঠা কৰে . 62. ক্লাৱৰ সদস্যসকলে এটা উপযুক্ত অট্টালিকাৰ ডিজাইন কৰিবলৈ স্থপতিবিদ উইলিয়াম বি ষ্ট্ৰেটনক (চিৰামিকিষ্ট আৰু ক্লাৱৰ সদস্য মেৰী চেজ পেৰী ষ্ট্ৰেটনৰ স্বামী) নিযুক্তি দিয়ে; ১৯২৪ চনত এই গঠন সম্পূৰ্ণ কৰা হয় . 41.
বৰ্ণনা
ক্লাৱৰ অট্টালিকাটোৰ বাহিৰৰ অংশ ইটাৰ দ্বাৰা নিৰ্মিত, বৈশিষ্ট্যহীন আধুনিক শৈলীত ছয় মহলাটোক তলৰ তিনিটা মহলাত পৃথক কৰা হৈছে, যিবোৰ ব্লকৰ দৰে আৰু নিয়মীয়া; আৰু ওপৰৰ তিনিটা মহলা আছে, যিবোৰ দেখাত তলৰ মহলাত স্থাপন কৰা যেন লাগে দুয়োটা খণ্ডৰ মাজত ইটাৰ ৰং বেলেগ বেলেগ, খিৰিকীৰ ৰূপো বেলেগ বেলেগ ইয়াৰ উপৰিও দুয়োটা খণ্ডৰ মাজত ইটাৰ অনুভূমিক ৰেঞ্জ আছে৷ তলৰ মহলাবোৰ সামাজিক অনুষ্ঠানৰ বাবে সভাৰ স্থান হিচাপে আৰু সদস্যসকলৰ কাম-কাজৰ পৰিকল্পনা কৰাৰ বাবে ডিজাইন কৰা হৈছিল ওপৰৰ তিনিটা মহলা চাকৰিৰ বাবে ডেট্ৰাইটলৈ গুচি যোৱা আৰু স্বাস্থ্যকৰ পৰিৱেশত জীয়াই থাকিব বিচৰা মহিলাসকলৰ বাবে এপাৰ্টমেণ্ট হিচাপে ব্যৱহাৰ কৰা হৈছিল ঘৰটোৰ আভ্যন্তৰীণ সজ্জা তেতিয়া চলি থকা আৰ্টছ এণ্ড ক্ৰাফ্টছ আন্দোলনৰ দ্বাৰা প্ৰবলভাৱে প্ৰভাৱিত হৈছিল, হাতেৰে তৈয়াৰী লোহাৰ কাম আৰু পেৱাবিক মৃৎশিল্পৰ টাইলৱৰ্কৰ সৈতে কৰা হৈছিল অট্টালিকাটোত থকা চুইমিং পুলটোও পেৱাবিক টাইলেৰে সজোৱা হৈছিল৷
কাৰ্য-কলাপ
চিটি ক্লাৱে মহিলাসকলৰ বাবে কেইবাটাও শ্ৰেণী আৰু বিনোদনৰ কাৰ্যসূচী আগবঢ়াইছিল আৰু শেষলে ৮,০০০ৰো অধিক সদস্যই নামভৰ্তি কৰিছিল কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ক্লাৱৰ সদস্য সংখ্যা হ্ৰাস পায়, আৰু ১৯৭৪ চনত ক্লাবটো সৰু সৰু ঠাইলৈ স্থানান্তৰিত কৰা হয় ক্লাৱ ঘৰটোৰ সামাজিক সভাৰ বাবে ৰখা স্থানডোখৰ পিছৰ বছৰবোৰত ৰেষ্টুৰেণ্ট আৰু বাৰকে ধৰি বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল ১৯৭৬ চনত ফেমিনিষ্ট ইকনমিক নেটৱৰ্কে () এই ভৱনটো ক্ৰয় কৰি পুঁজিবাদ আৰু প্ৰৱেশৰ বিষয়ে বিতৰ্ক প্ৰকল্পটোত অন্ত নপৰালৈকে ফেমিনিষ্ট চিটি ক্লাৱত পৰিণত হয় ২০১৭ চনলৈকে এই ভৱনটো ফৰ্বছ মেনেজমেণ্টৰ মালিকানাধীন আছিল (এলউড বাৰ, জেম থিয়েটাৰ, আৰু দ্য ফিলম'ৰ ডেট্ৰাইটৰো মালিক আছিল), আৰু ইয়াৰ সম্মুখভাগ উন্নীতকৰণৰ কাম লাভ কৰিছিল"' . " , 19, 2006. তাৰ পিছত ফৰ্বছে এৰিক লাৰ্ছন আৰু তেওঁৰ ডেভেলোপমেণ্ট কোম্পানী লাৰ্ছন ৰিয়েলটি গ্ৰুপৰ সৈতে জড়িত এটা গোটক বিক্ৰী কৰে, যিয়ে তাৰ পিছত ২০১৭ চনত ইলিচ হোল্ডিংছৰ মালিকানাধীন অলিম্পিয়া এণ্টাৰটেইনমেণ্টৰ সৈতে জড়িত এটা গোটক ৫.৮৫ মিলিয়ন ডলাৰত বিক্ৰী কৰে৷ ইয়াৰ পিছত অলিম্পিয়া এণ্টাৰটেইনমেণ্টে ঘোষণা কৰে যে, এই ভৱনটো নতুন অলিম্পিয়া উন্নয়ন "ডিষ্ট্ৰিক্ট ডেট্ৰাইট"ৰ অংশ হিচাপে সংস্কাৰ কৰা হ'ব
তথ্য সূত্ৰ
শ্ৰেণী:অনুষ্ঠান প্ৰতিষ্ঠান
|
গণিতত -১ (ঋণাত্মক এক বা বিয়োগ এক) হৈছে ১ ৰ যোগাত্মক বিপৰীত, অৰ্থাৎ যিটো সংখ্যা ১ৰ লগত যোগ কৰিলে যোগাত্মক অভেদ মৌল ০ পোৱা যায় ই ঋণাত্মক দুই (-২)তকৈ ডাঙৰ ঋণাত্মক অখণ্ডসংখ্যা আৰু ০ তকৈ সৰু
বীজগণিতীয় বৈশিষ্ট্য
পূৰণ
কোনো এটা সংখ্যাক ১ৰে পূৰণকৰাটো সংখ্যাটোৰ চিহ্ন সলনি কৰাৰ লেখিয়া কথা যিকোনো ৰ বাবে আমি পাওঁ- এইটো বিনিয়োগ বিধি প্ৰয়োগেৰে প্ৰমাণ কৰিব পাৰি আৰু ১ হৈছে গুণাত্মক অভেদ:
.
ইয়াত ব্যৱহৃত কথাটো এই যে যিকোনো নম্বৰ ৰ ০ গুণ ০ ৰ সমান
.
০, ১, ১, , আৰুৰ কৰ্টেচিয়ান সমতলত উপস্থাপন
অন্যভাৱে,
,
গতিকে ৰ যোগাত্মক বিপৰীত, অৰ্থাৎ
১ৰ বৰ্গ
১ৰ বৰ্গ অৰ্থাৎ, ১ক ১ৰে পূৰণ কৰিলে ১ পোৱা যায় ফলস্বৰূপে দুটা ঋণাত্মক সংখ্যাৰ গুণফল ধনাত্মক হয়
এই ফলাফলৰ বীজগণিতীয় প্ৰমাণৰ বাবে সমীকৰণটো হ'ব-
.
প্ৰথম সমতাই ওপৰৰ ফলাফলক অনুসৰণ কৰে, আৰু দ্বিতীয়টোৱে ১ ৰ সংজ্ঞাক অনুসৰণ কৰে যে ই ১ ৰ যোগাত্মক বিপৰীত: ই ঠিক সেই সংখ্যাটোৱেই যিটো ১ ৰ সৈতে যোগ কৰিলে ০ পোৱা যায় এতিয়া বিতৰণবিধি ব্যৱহাৰ কৰিলে দেখা যায় যে-
.
উপৰ্যুক্ত কাৰকক অনুসৰণ কৰা তৃতীয় সমতা অনুসৰি ১ হৈছে গুণাত্মক অভেদ কিন্তু শেষৰ সমীকৰণটোৰ দুয়োপক্ষত ১ যোগ কৰিলে পোৱা যায়-
.
ওপৰৰ যুক্তিসমূহ যিকোনো গাণিতিক ক্ষেত্ৰত প্ৰযোজ্য এয়া বিমূৰ্ত বীজগণিত, পূৰ্ণসংখ্যা আৰু বাস্তৱ সংখ্যাসমূহ সাধাৰণীকৰণ কৰাৰ এটা ধাৰণা
জটিলসংখ্যাৰ কোৱাটাৰনিয়নৰ বীজগণিতীয় ক্ষেত্ৰত য'ত মৌলিক উপপাদ্যৰ নিয়ম নাখাটে, ইয়াৰ সমীকৰণ ৰ অসীমসংখ্যক সমাধান আছে
তথ্যসূত্ৰ
শ্ৰেণী:সংখ্যা
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.